গুৱাহাটীঃ যমৰ যাতনাতকৈয়ো যেন দুৰ্বিসহ হৈ পৰিছে কৰ’না। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনলক-১ ঘোষণা কৰি দেশবাসীক স্বাভাৱিক জীৱনযাত্ৰা আৰম্ভ কৰিবলৈ আহ্বান জনোৱাৰ সময়তে উত্তৰ-পূৱৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত পুনৰ ১৪ দিনৰ বাবে জাৰি কৰা হ’ব লকডাউন। শুকুৰবাৰে দুপৰীয়াৰ ভাগত এখন সংবাদমেল অনুষ্ঠিত কৰি এই কথা সদৰী কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

আজিৰ সংবাদমেলত মন্ত্ৰীগৰাকীয়ে গুৱাহাটী মহানগৰীত অহা সোমবাৰৰ পৰা ১৪ দিনৰ বাবে লকডাউন বলৱৎ হ’ব বুলি ঘোষণা কৰে। তেওঁ কয় যে দুসপ্তাহৰ এই লকডাউনৰ প্ৰথম ৭ দিন সম্পূৰ্ণৰূপে কঠোৰ কৰা হ’ব। 

'যোৱা কেইদিনমানত ক’ভিড-১৯ৰ ইভলিউশ্যনৰ পৰিৱৰ্তন হৈছে। ট্ৰেভেল ৰেষ্ট্ৰিকশ্যন প্ৰত্যাহাৰ কৰাৰ পিছত অসমত ক’ভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধই পাবলৈ লৈছিল। কিন্তু সেয়া গণ সংক্ৰমণ নাছিল। পৰৱৰ্তী সময়ত গুৱাহাটী মহানগৰীত গণ সংক্ৰমণ হ’বলৈ আৰম্ভ কৰে। সেয়ে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছো।’-সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয়।

উল্লেখ্য যে মহানগৰীত সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাবলৈ লোৱাত ১৫ জুনৰ পৰা ৰেণ্ডম টেষ্ট আৰম্ভ কৰিছিল ৰাজ্যৰ স্বাস্থ্য বিভাগে। ইয়াৰ পিছতে ১৫ জুনৰ পৰা আজিলৈকে মহানগৰীত ৭৬২ জন লোকৰ দেহত কৰ’না পজিটিভ ধৰা পৰে বুলি সংবাদমেলত জানিবলৈ দিয়ে মন্ত্ৰী শৰ্মাই। এই সময়ছোৱাত ১০ হাজাৰ ৬১৭ জন লোকৰ চেম্পল কালেকশ্যন কৰাৰ কথা জনাই মন্ত্ৰীগৰাকীয়ে।

'গুৱাহাটী মহানগৰীত দ্ৰুত গতিত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে। এইকেইদিনত ধৰা পৰা ৭৬২ জন লোকৰ অধিকাংশৰে ট্ৰেভেল হিষ্টৰী পোৱা হোৱা নাই। লাহে লাহে ৰেলৰ চলাচল এন এফ ৰেলৱেই বন্ধ কৰি দিছে। শ্ৰমিক-কৃষক এক্সপ্ৰেছো আৰু ৪খন মানহে আহিব। ফ্লাইটৰ সংখ্যাও কমি আহিছে। গতিকে মই ধাৰণা কৰিছো যে অহা এসপ্তাহমানত গুৱাহাটীৰ বাহিৰত সংক্ৰমণৰ সংখ্যা কমি যাব। কিন্তু গুৱাহাটী মহানগৰীত সংক্ৰমণৰ সংখ্যা উৰ্ধমুখী হোৱাৰ সম্ভাৱনা আছে।’-সংবাদমেলত এইদৰে আশংকা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। 

গুৱাহাটীবাসীক দায়িত্বহীন আখ্যা স্বাস্থ্যমন্ত্ৰীৰ

মহানগৰীত কিদৰে সংক্ৰমণৰ হাৰ উৰ্ধমুখী হ’ব সেয়া সদৰী কৰি মন্ত্ৰীগৰাকীয়ে কয়, 'এইকেইদিন ৭৬২ জন লোক ধৰা পৰিছে। গতিকে চেম্পল দিয়াৰ পৰা আইছলেশ্যন কৰালৈকে যদি ৫-৬ দিনো সময়ৰ প্ৰয়োজন হৈছে বুলি আমি ধৰি লও তেন্তে এইকেইদিনত লোকসকল ঘূৰি থকাটোৱেই স্বাভাৱিক। লগতে কিবা এটা ছিনড্ৰম পোৱাৰ পিছতহে পৰীক্ষা কৰিবলৈ আহিছিল। সেয়ে এয়া অনস্বীকাৰ্য যে মহানগৰীত বহুখিনি লোকৰ মাজলৈ ক’ভিড বিয়পি গৈছে।’

'পৰহি মই দিল্লীত আছিলো। মই দেখা পাইছিলো যে সকলো মানুহে মাস্ক ব্যৱহাৰ কৰি আছে। ৰাস্তা-ঘাটত প্ৰয়োজন হ’লে মানুহ ওলাই নাহে। কিন্তু আজি গুৱাহাটী মহানগৰীত দেখিছো যে কাৰ্যত ১০ শতাংশ লোকেও মাস্ক ব্যৱহাৰ কৰা নাই। ছ’চিয়েল ডিষ্টেন্সিং ৰখা নাই। গধূলি হ’লে ১০ জনৰো অধিক লোক লগ হৈ আড্ডা দিয়াও দেখিছো। হোটেল-ৰেষ্টুৰেণ্ট খুলি দিছো যাতে দূৰত্ব বৰ্তাই ৰাখি চাহ বা ভাত খাব পাৰে। পিছে সকলোৱে আগৰ দৰেই হৈ পৰিছে। চৰকাৰী কাৰ্যালয়সমূহতো মানুহৰ সংখ্যা বাঢ়িছে। হাইৱেবোৰত ট্ৰাকৰ লোডিং-আনলোডিং চলা ঠাইসমূহতো মানুহৰ অত্যাধিক জনসমাগমে পৰিৱেশ অধিক জটিল কৰি তুলিছে।’-মন্ত্ৰীগৰাকীয়ে মহানগৰবাসী যে কৰ’নাক লৈ মুঠেই সচেতন হোৱা নাই সেয়া দিল্লীৰ সৈতে তুলনা কৰি এইদৰে কয় ৰাজনৈতিক কাৰণত দিনদিয়েক পূৰ্বে দিল্লীলৈ যোৱা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

আজিৰ দিনটোত মহানগৰীৰ চিকিসালয়সমূহত মাত্ৰ ৮৯০ খন বেড আছে বুলিও জনাই মন্ত্ৰী শৰ্মাই। সেয়ে মহানগৰবাসীয়ে অধিক সতৰ্ক হৈ থকাতো প্ৰয়োজনীয় বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। 'যদিহে দিনে ২০০ কৈ ক’ভিড-১৯ ৰোগী পোৱা যায় তেন্তে ৪ দিনত হাস্পতালৰ বেডসমূহ পৰিপূৰ্ণ হৈ পৰিব। যদি ১০ দিনত পৰিপূৰ্ণ হয় তেন্তে অসুবিধা নাই, কিয়নো কোনোবা ওলাব, কোনোবা সোমাব, কিন্তু চাৰিদিনত হ’লে ৰ’টেশ্যন অসম্ভৱ হৈ হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব। গুৱাহাটীৰ ৰোগীক আমি নগাঁও, নলবাৰী, তেজপুৰলৈ লৈ যাবলগীয়া হ’ব।’-উদ্ভৱ হ’বলগীয়া ভয়াৱহ পৰিস্থিতিৰ বৰ্ণনা কৰি এইদৰে কয় মন্ত্ৰীগৰাকীয়ে।

আনহাতে লকডাউন ঘোষণা কৰিলে মানুহৰ আৰ্থিক অৱস্থা শোচনীয় হৈ পৰে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, 'যিসকল লোকে লকডাউনে মানুহৰ ক্ষতি কৰিব বুলি ভাবে সেইসকলৰ সৈতে মই একমত। এনে পৰিস্থিতিত সকলো লোকৰে যথেষ্ট ক্ষতি-সাধন হয়। কিন্তু আমি ব্যৱসায়ী, উদ্যোগী, তথা ব্যক্তিগত খণ্ডৰ অফিচসমূহক কৈছিলো যে আপোনালোকে ছেনিটাইজাৰৰ ব্যৱস্থা কৰিব লাগিব, কৰ্মচাৰী প্ৰয়োজনতকৈ বেছি ৰাখিব নালাগিব। পিছে মহানগৰীত অধিকাংশ ব্যৱসায়ীয়ে আজি নিজৰ সামাজিক দায়িত্ব পালনত ব্যৰ্থ হৈছে। গতিকে ৰাইজে সামাজিক দায়িত্ব পালনত ব্যৰ্থ হ’লে চৰকাৰ কঠোৰ হ’বলৈ বাধ্য।’

সাৱধান নহ'লে বাঢ়িব পাৰে মৃত্যুৰ হাৰ

মহানগৰবাসী সচেতন নহ’লে পৰিস্থিতি কিয় ভয়াৱহ হ’ব সেয়াও বুজাই দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। '৮০০ ৰ ওপৰত ৰোগী হ’লে আমি বেডৰ অভাৱত ঘৰৰ পৰা আনিব নোৱৰা হ’ম। ঘৰৰ পৰা আনিব নোৱাৰিলে সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিব আৰু মৃতকৰ সংখ্যা বাঢ়িবলৈ ল’ব। সেই পৰিৱেশৰ লগত মোকাবিলা কৰিবলৈ অত্যন্ত কঠিন হ’ম।’-গুৱাহাটীৰ দৰে দায়িত্বহীন আৰু খোল্লমখুল্লা পৰিৱেশ দেশৰ আন কোনো নগৰতে চলি থকা নাই বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়।

'দিল্লী, মুম্বাই, বাংগালুৰু, কলকাতা আদি কোনো মহানগৰতে গুৱাহাটীৰ দৰকৈ মানুহে ইমান দায়িত্বহীনভাৱে ঘূৰি ফুৰা নাই। আজি জিএছ ৰোডৰ দৰে ঠাইতো মই মাস্ক নিপিন্ধাকৈ থকা মানুহ দেখিছো। আনকি কাষত থকা লোকসকলেও তেনে মানুহক কিয় মাস্ক পিন্ধা নাই বুলি সোধা দেখা নাই। দুই এজনক কিয় এনেকৈ আছে বুলি সুধিলেও ধেমালিতে কয় যে ছাৰ আপুনি আছে যেতিয়া আমাৰ চিন্তা নাই। এনেকৈতো কৰ’না নিয়ন্ত্ৰণ নহয়। আমিনো কিমান কৰিব পাৰিব যদিহে মানুহ সচেতন নহয়।’-মন্ত্ৰী শৰ্মাৰ মন্তব্য। 

গেলামালৰ দোকানো খোলা নথকা বেদনাদায়ক লকডাউন

মহানগৰবাসীৰ এনে দায়িত্বহীনতাৰ বাবে অত্যন্ত অনিচ্ছা সত্বেও অহা সোমবাৰৰ পৰা ১৪ দিনৰ বাবে গুৱাহাটীত পুনৰ লকডাউন ঘোষণা কৰিবলৈ চৰকাৰ বাধ্য হৈছে বুলি আজিৰ সংবাদমেলত সদৰী কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। 'দেওবাৰে নিশা ১২ বজাৰ পৰা ১৪ দিনৰ বাবে গুৱাহাটী মহানগৰীত আমি লকডাউন বলৱৎ কৰাৰ সিদ্ধান্ত লৈছো। এই সিদ্ধান্তই বহু মানুহক দুখ-কষ্ট দিব, অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত কৰিব। কিন্তু যেতিয়ালৈকে আমি আমাৰ দায়িত্ব পালন কৰিব নোৱাৰিম তেতিয়ালৈকে চৰকাৰে মানুহৰ জীৱন ৰক্ষাৰ বাবে চৰকাৰে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য।’-লকডাউনক বেদনাদায়ক হিচাপে অভিহিত কৰি আৰু আনলকৰ পৰা লকডাউনলৈ যাবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি ১২ জুলাইলৈকে আনুষ্ঠানিকভাৱে কামৰূপ মহানগৰ জিলাত লকডাউন ঘোঘণা কৰে মন্ত্ৰীগৰাকীয়ে।

এইবাৰৰ লকডাউনত ফাৰ্মাচী, লেব’ৰেটৰী আৰু হাস্পতালৰ বাদে আন কোনো ব্যৱসায়িক প্ৰতিষ্ঠান আনকি গেলামালৰ দোকানো খোলা নাথাকিব বুলিও সদৰী কৰে মন্ত্ৰী শৰ্মাই। সেয়ে মন্ত্ৰী শৰ্মাই শনিবাৰ আৰু দেওবাৰৰ ভিতৰত ৭ দিনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ বজাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এই সময়ছোৱাত ৰোগীক মেডিকেলত এডমিট কৰাৰ বাদে কোনোধৰণৰ পাছ আদি প্ৰদান কৰা নহয়। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ লগতে মঠ-মন্দিৰ, মছজিদ, গীৰ্জা আদি ধৰ্মীয় উপাসনাস্থলীসমূহো বন্ধ থাকিব বুলিও মন্ত্ৰীগৰাকীয়ে জনায়।

আজিৰ সংবাদমেলত জনোৱা মতে লকডাউনৰ সময়ছোৱাত বেংক আৰু এটিএমসমূহ খোলা থাকিব। অৱশ্যে বেংকসমূহত সীমিতসংখ্যক কৰ্মচাৰীহে উপস্থিত থাকিব। সচিবালয়তো জইণ্ট অফিচাৰ পৰ্যায়ৰ কৰ্মচাৰীৰ বাদে বাকীসকল কৰ্মচাৰী আহিব নোৱাৰিব। অত্যন্ত জৰুৰীকালীন সেৱা যেনে বিদ্যুৎ বিভাগ, স্বাস্থ্য বিভাগ, দুৰ্যোগ প্ৰশমন বিভাগ, সংবাদমাধ্যমৰ বাদে বাকী চৰকাৰী কাৰ্যালয়সমূহো এই সময়ছোৱাত সম্পূৰ্ণৰূপে বন্ধ থাকিব।

আনহাতে আজি সন্ধিয়া ৭ বজাৰ পৰা গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ অসমতে সান্ধ্য আইন জাৰি কৰা হৈছে। কাইলৈ পুৱা ৭ বজাৰ পৰা পুনৰ 
সন্ধিয়া ৭ বজালৈ মহানগৰীৰ দোকান-পোহাৰসমূহ খোলা থাকিব। দেওবাৰেও পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ দোকান-পোহাৰ আদি খোলা থকাৰ অন্তত নিশাৰে পৰা গুৱাহাটীত বলৱৎ হ’ব ১৪ দিনীয়া লকডাউন।

একেদৰে কাইলৈ পুৱাৰ পৰা দুদিন অৰ্থাৎ দেওবাৰলৈ গুৱাহাটীক বাদ দি ৰাজ্যৰ বাকী নগৰসমূহত লকডাউন ঘোষণা কৰা হৈছে। এই নগৰসমূহত অনাগত সপ্তাহতো এনেদৰে শনিবাৰ আৰু দেওবাৰে দুদিনৰ বাবে সকলো বন্ধ থাকিব বুলি আজিৰ সংবাদমেলত মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অৱশ্যে গাঁওসমূহত লকডাউন নাথাকে বুলি ঘোষণা কৰি গাঁওসমূহত মাত্ৰ সন্ধিয়া ৭ বজাৰ পৰা সান্ধ্য আইনহে থাকিব বুলি সদৰী কৰে। 

লকডাউনৰ সময়ছোৱাত বানপানীৰ দৰে দুৰ্যোগ প্ৰশমন আদি চলি থাকিব বুলিও জনায় মন্ত্ৰীগৰাকীয়ে। একেদৰে এই সময়ছোৱাত চৰকাৰী ক্ৰিটিকেল নিৰ্মাণ যেনে গণেশগুৰিৰ অভাৰব্ৰীজ নিৰ্মাণ, বাঘজানৰ অগ্নি নিৰ্বাপণ আদিৰ দৰে কামসমূহ চলি থাকিব। প্ৰথম সপ্তাহৰ কঠোৰ লকডাউনৰ অন্তত দ্বিতীয় সপ্তাহত গেলামাল আৰু শাক-পাচলিৰ দোকানসমূহ খুলি দিয়া হ’ব নে নাই সেয়া পৰ্যালোচনা কৰা হ’ব বুলিও জনায় মন্ত্ৰীগৰাকীয়ে।

১৪ দিনত নিজে নিজে নিৰাময় হ'ব কৰ'না!

আজিৰ সংবাদমেলত মন্ত্ৰীগৰাকীয়ে অসমত কৰ’না ৰোগীৰ আৰোগ্যৰ হাৰ যথেষ্ট আশাব্যঞ্জক বুলি উল্লেখ কৰে। তেওঁ কয় যে ১৪ দিনৰ লকডাউনত যুৱক-যুৱতীসকলে ঘৰতে সোমাই থাকিলে যদি তেওঁলোক কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছেও তেন্তে ১৪ দিনত নিজৰ প্ৰতিৰোধ ক্ষমতাৰ দ্বাৰা আৰোগ্য লাভ কৰিব আৰু দুৰ্বল প্ৰতিৰোধ ক্ষমতাৰ লোক যেনে বয়োজ্যেষ্ঠ আৰু শিশুসকললৈ সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস পাব। গুৱাহাটীৰ পৰা বাকী ঠাইলৈ যাতে সংক্ৰমণ হ’ব নোৱাৰে তাৰ বাবে এই ১৪ দিন গুৱহাটীত থকা বাহিৰৰ লোকসকলক গুৱাহাটীতে থাকিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। এই সময়ছোৱাত ইণ্টাৰডিছট্ৰিক্ট ট্ৰেভেলিং সম্পূৰ্ণৰূপে বন্ধ থাকিব বুলিও স্পষ্ট কৰি দিয়ে মন্ত্ৰী শৰ্মাই।

সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কেৰালা, কৰ্ণাটক আদি ৰাজ্যত কৰ’না নিয়ন্ত্ৰণ হৈছে বুলি চলি থকা প্ৰচাৰক লৈয়ো সন্দেহ প্ৰকাশ কৰে। তেওঁ কয় যে কেৰালা আৰু কৰ্ণাটকৰ পৰা অহা অসমৰ লোকসকলৰ দেহতো পজিটিভ ধৰা পৰিছে। গতিকে কেৰালা আৰু কৰ্ণাটকৰ দৰে ৰাজ্যত কৰ’না নিয়ন্ত্ৰণ হৈছে বুলি চলি থকা চৰ্চা সম্পূৰ্ণৰূপে শুদ্ধ নহয় বুলি মন্তব্য কৰে মন্ত্ৰী শৰ্মাই।

তেওঁ আৰু কয়, 'এই দুদিনত গুৱাহাটীত দোকানত অলপ ভিৰ লাগিব। কিন্তু তাৰ পৰা সংক্ৰমিত হ’লেও ১৪ দিন ঘৰতে থাকিলে নিজে নিজে নিৰাময় হৈ যাব। গতিকে আমি সকলোকে লকডাউন মানি চলিবলৈ আহ্বান জনাইছো। আৰু এসপ্তাহ পিছত আমি ৰিভিউ কৰিমেই, তেতিয়া গেলামালৰ দোকান আদি খুলি দিয়া হ’ব পাৰে।’ 

শুকুৰবাৰলৈকে ৰাজ্যত কৰ'নাত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হৈছে ৬৬৪৬ জন। ইয়াৰে ৪০৩৩ জনে ইতিমধ্যে আৰোগ্য লাভ কৰিছে। সম্প্ৰতি হাস্পতালত আছে ২৬০১ জন ৰোগী। আনহাতে এই সময়ছোৱাত মৃত্যু হৈছে ১০ জনকৈ ৰোগীৰ। মন্ত্ৰীগৰাকীয়ে আজিৰ সংবাদমেলত জনোৱা মতে এইকেইদিনত পজিটিভ ধৰা পৰাসকলৰ প্ৰায় ৫০ শতাংশই হৈছে গুৱাহাটী মহানগৰীৰ। উল্লেখ্য যে, দুমাহ পূৰ্বে এপ্ৰিলৰ প্ৰথম সপ্তাহত স্পেনিছ গাৰ্ডেনত ধৰা পৰিছিল গুৱাহাটীৰ প্ৰথমজন কৰ'না ৰোগী। মনীষ তিৱৰেৱাল নামৰ ব্যৱসায়ীজনৰ দেহত পজিটিভ ধৰা পৰাৰ প্ৰায় দুমাহৰ অন্তত এতিয়া গুৱাহাটীতো ভয়াৱহ হৈ পৰিছে কৰ'না কাল।