গুৱাহাটীঃ কৃষি বিভাগত নিতৌ ন ন কেলেংকাৰীৰ তথ্য উদঘাটন হৈ থকাৰ মাজতে এইবাৰ খাৰুপেটীয়াত কৃষকৰ বাবে মজুত সাৰ-বীজ ক’লাবজাৰত বিক্ৰী হোৱাৰ ঘটনা পোহৰলৈ আহিছে। 

কৃষিমন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগত বহু ধৰণৰ কেলেংকাৰীৰ তথ্য ফাদিল হোৱাৰ খবৰৰ মাজতে এইবাৰ 0দৰং জিলাত কৃষকৰ বাবে মজুত সাৰ-বীজৰ এক বৃহৎ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে। দৰিদ্ৰ কৃষকৰ বাবে আবণ্টিত ৰাজসাহায্য়প্ৰাপ্ত সাৰ আৰু বীজ মধ্যভোগী বিভাগীয় কৰ্তৃপক্ষৰ লগ লাগি ক’লা বজাৰত বিক্ৰী কৰাৰ ঘটনা জানিবপৰা গৈছে।

যোৱা ২৭ ফেব্ৰুবাৰী তাৰিখে মানৱ অধিকাৰ আৰু দূৰ্নীতিবিৰোধী মঞ্চই এই কেলেংকাৰীৰ উমান পাই অসম চৰকাৰৰ আয়কৰ বিভাগক বিশদ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল। সেই মৰ্মে কালি আয়কৰ আৰু বিক্ৰীকৰ বিভাগৰ দলে স্থানীয় আৰক্ষীৰ সহায়ত খাৰুপেটীয়াস্থিত দৰং এগ্ৰিকালচ্চাৰ ডেভলেপমেণ্ট এণ্ড ট্ৰেডিং কোঅপাৰেটিভ চচাইটি লিমিটেডত তালাচী চলায়। তালাচী অভিযানত ৰাসায়নিক সাৰ বিশেষকৈ ইউৰিয়া, এমঅ’পি, এছ এছ পি, ডি এ পি সাৰ আৰু অন্যান্য কৃষি সামগ্ৰীৰ আয়কৰ-বিক্ৰীকৰ ফাঁকি দিয়া তথ্য স্পষ্ট পৰে।

শেহতীয়াভাবে এই সন্দৰ্ভত  News Next One ৰ সৈতে মানৱ অধিকাৰ আৰু দূৰ্নীতিবিৰোধী মঞ্চৰ শাখাৰ সভাপতি প্ৰকাশ শইকীয়াৰ সৈতে হোৱা কথা বতৰাত এই কেলেংকাৰীত আন বহুকেইজন মধ্যভোগী জড়িত থকাৰ কথা কথা জানিবপৰা গৈছে। দূৰ্নীতিৰ সঠিক তদন্ত হ’লে অভিযুক্ত বাপন নাথ, স্বপন নাথ আৰু মিলন নাথৰ কৰ্মকাণ্ড পোহৰলৈ আহিব বুলি তেওঁ মন্তব্য কৰে।

উল্লেখযোগ্য যে ৰাজসাহাজ্যপ্ৰাপ্ত সামগ্ৰী সাধাৰণ ৰাইজৰ মাজত বিতৰণ কৰাৰ বাবে একোখন সমবায় বা ফাৰ্মৰ TIN নম্বৰ থকাটো বাধ্যতামূলক। এয়া থাকিলেহে চৰকাৰে যতোচিত কৰ লাভ কৰে। কিন্তু দৃষ্টিকটুভাবে TIN নোহোৱা একোটা প্ৰতিষ্ঠানে কিদৰে চৰকাৰী সামগ্ৰী বিতৰণ কৰাৰ অনুমতি লাভ কৰিলে এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে।