• "কামত দুৰ্নীতি কৰিলে ৰেহাই দিয়া নহব, দুৰ্নীতি কৰা সকলক প্ৰেৰণ কৰা হব জেললৈ"---তুলিৰাম ৰংহাং

খেৰণিঃ দুৰ্নীতিৰ লগত আপোজ নহব। আঁচনি ৰূপায়ণৰ নামত ঠিকাদাৰে দুৰ্নীতি কৰিলে নিক্ষেপ কৰা হব জেললৈ।এই মন্তব্য কাৰ্বি আংলং স্বায়িত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংৰ। গুৰুত্বপূৰ্ণ যে এনে মন্তব্যৰ পাছতেই আজি পশ্চিম কাৰ্বি আংলং জিলাৰ বিথুং ৰেংথেমা, হামৰেন, আমৰেং আৰু কপিলী পৰিষদীয় সমষ্টিত উন্নয়ন মূলক কামৰ আধাৰশিলা আৰু আঁচনিৰ শুভ উদ্বোধন কৰি জিলা উপায়ুক্তৰ সমুখতে এনেদৰে ঠিকাদাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে তুলিৰাম ৰংহাঙে। 

উল্লেখযোগ্য যে আজি তুলিৰাম ৰংহাঙে পশ্চিম কাৰ্বি আংলংত মুঠ ১০০ খন আঁচনিৰ নতুন কামৰ আধাৰশিলা আৰু নিৰ্মীয়মান আঁচনিৰ শুভ উদ্বোধন কৰি এক চমক সৃষ্টি কৰে। বিশেষকৈ ২০১৭-১৮ বিত্তীয় বৰ্ষৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত এছ এইছ ৩৫-ইংতি কাইবং গাওঁ সংযোগী নৱ-নিৰ্মীত পথৰ শুভ উদ্বোধন কৰাৰ বিপৰীতে ৩ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে কপিলী নৈ দাঁতিকাষৰীয়া তৰাডুবিত এছ ডি আৰ এফৰ অধীনত মাথাউৰি নিৰ্মাণ, ২ কোটি টকা ব্যয়ৰে গৰাখহনীয় ৰোধৰ বাবে বান্ধ নিৰ্মাণ, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত এছ এইছ ৩৫-লাংনিমছ' সংযোগী পথ নিৰ্মাণ, প্ৰিলু-ৰংহাং গাওঁ সংযোগী প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। 

কৃষি উন্নয়ন আৰু উৎপাদন বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি পৰিষদৰ অধীনত থকা কৃষি বিভাগৰ যোগেদি তৰাডুবিৰ কৃষক ৰাইজৰ মাজত বিনামূলীয়াকৈ উন্নতমানৰ তামোল পুলি আৰু ধানৰ বীজ বিতৰণ কৰে ৰংহাঙে। ইয়াৰ উপৰিও হামৰেন পৰিষদীয় সমষ্টিৰ জেংখাত সমষ্টিটোৰ অন্তৰ্গত বিদ্যুৎ যোগান গৈ নোপোৱা অঞ্চলৰ ৰাইজৰ লগতে আমৰেং সমষ্টিৰ বিশেষকৈ উপিলাংছ, বাইদা অঞ্চলৰ মুঠ ৩৪২ টা পৰিয়ালৰ মাজত সৌৰশক্তি চালিত সৌৰ চাকি আদিও বিতৰণ কৰে মুখ্য কাৰ্যবাহীগৰাকীয়ে। 

ইয়াৰ উপৰিও পশ্চিম কাৰ্বি আংলঙৰ লাংমেপীত নিৰ্মাণ সম্পূৰ্ণ কৰা এখন মুকলি মঞ্চ, খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গৰ খেৰণি চাৰিআলিত নৱ-নিৰ্মিত বিভাগীয় গৃহকে ধৰি মুঠ ১০০ খন আঁচনিৰ নতুন কামৰ আধাৰশিলা আৰু নিৰ্মীয়মান আঁচনিৰ শুভ উদ্বোধন কৰে কাৰ্বি পৰিষদৰ বৃহৎ সজাতি দলসহ অহা কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। আজিৰ দিনজোৰা এই কাৰ্যসূচী সমূহত উপস্থিত থাকে মুখ্য কাৰ্যবাহী সদস্য তুলিৰামসহ কাৰ্যবাহী সদস্য ক্ৰমে অমৰছিং তিচ্ছ', মঙ্গলছিং তিমুং, লুনছিং তেৰণ আদি, পৰিষদীয় সদস্য ক্ৰমে দৰছিং ৰংহাং, ৰিচাৰ্ড টকবি', ৰিণা তেৰাংপি, পৱন কুমাৰ আদিকে কৰি পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্ত, বিভাগীয় বিষয়া, আৰু স্থানীয় লোক উপস্থিত থাকে উল্লেখিত অনুষ্ঠানসমূহত।