Hindustan Times
Hindustan Times

আগৰতলাঃ নতুন চৰকাৰে শপত লোৱাৰ পিছত ত্ৰিপুৰাত এইবাৰ উপ-নিৰ্বাচনৰ চৰ্চা আৰম্ভ হৈছে৷ শাসকীয় দলে নিৰ্বাচনৰ বাবে সাজু হৈছে যদিও গেৰুৱা দলৰ হাতত শোচনীয় ভাৱে পৰাজয় বৰণ কৰা চিপিআইএমে প্ৰাৰ্থী প্ৰত্যাহাৰ কৰে৷ বিজেপিয়ে হিংসাৰ আশ্ৰয় লোৱাৰ ফলত শান্তিপূৰ্ণ নিৰ্বাচন সম্ভৱ নহয় বুলি দাবী কৰে চিপিআইএমে৷

চৰিলাম বিধান সভা সমষ্টিৰ চিপিআইএমৰ প্ৰাৰ্থীৰ ৰমেন্দ্ৰ দেৱ বৰ্মাৰ মৃত্যু হোৱাত সমষ্টিটোত নিৰ্বাচন স্থগিত ৰখা হৈছিল৷ যোৱা ১১ ফেব্ৰুৱাৰীত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লৈছিল চিপিআইএমৰ প্ৰাৰ্থীগৰাকী৷ সমষ্টিটোত অহা ১২ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’ব৷ চিপিআইএমৰ মুখপাত্ৰ গৌতম দাসে ৰাজ্যিক বৈঠক অনুষ্ঠিত কৰি প্ৰাৰ্থী প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱাৰ কথা সংবাদ মাধ্যমক অৱগত কৰে৷

চৰিলাম সমষ্টিৰ প্ৰাৰ্থী হিচাপে থিয় দিছে ত্ৰিপুৰা বিজেপিৰ ৰাজ্যিক সম্পাদক তথা উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবৰ্মা৷ আদিবাসী এলেকাটোত বিজেপিৰ প্ৰৰ্থী ৰূপে জিষ্ণু দেৱবৰ্মা থিয় দিয়াৰ লগতে চিপিআইএমৰ প্ৰাৰ্থী ৰূপে থিয় দিছিল পলাশ দেৱবৰ্মাই৷

এই আসনত নিৰ্বাচনৰ ফলাফলৰ প্ৰভাৱ পৰিব সেয়া নিশ্চিত৷ কিয়নো ২৫ বছৰে শাসন কৰা দল চিপিআইএমে ১৬ খন আসন লাভ কৰাৰ লগতে ৫৯টা সমষ্টিৰ ৪৩ খন আসন লাভ কৰে বিজেপিয়ে৷ চিপিআইএমৰ ৰাজ্যিক সম্পাদক বিজন ধৰে নিৰ্বাচন আয়োগক পত্ৰ লিখি পৰিস্থিতি স্বাভাৱীক নোহোৱা পৰ্যন্ত ১৯ মাৰ্চলৈকে ভোটদানৰ দিন পিছুৱাই দিবলৈ আহ্বান জনাইছিল যদিও নিৰ্বাচন আয়োগ মান্তি নোহোৱাত প্ৰাৰ্থী প্ৰত্যাহাৰ কৰা বুলি কয়৷