আজৱ কোম্পানী, ৰাতি শুই শুইয়েই ধন ঘটে এইসকল কৰ্মচাৰীয়ে !!! 

ক্ৰেজি ইনক্(Crazy Inc) নামৰ বিৱাহ আয়োজক কোম্পানীটোৱে কৰ্মচাৰীসকলৰ টোপনি আৰু স্বাস্থ্যৰ যতন লয়
এইটো কোম্পানীত কাম কৰিলে ভাল টোপনিৰ বিনিময়ত খোৱা-লোৱা ফ্ৰী পোৱা যায়
জাপানত যোৱা ২০ বছৰত ৯২ শতাংশৰো বেছি মানুহ নিদ্ৰাহীনতাত ভুগিছে৷

ডিজিটেল ডেস্কঃ চৰকাৰী বে-চৰকাৰী আদিকে ধৰি সকলো ধৰনৰ অনুষ্ঠান-প্ৰতিস্থানে কৰ্মচাৰী সকলৰ পৰা কি বিচাৰে? কাম কাম আৰু কাম নহয় জানো? যিগৰাকী কৰ্মচাৰীয়ে অধিক কাম কৰিব, দিন ৰাতি এক কৰি অনুষ্ঠান-প্ৰতিস্থানৰ স্বাৰ্থৰ বাবে খাৱন-শোৱন আদি সকলো বাদ দিব পাৰিব তেনেকুৱা কৰ্মচাৰীহে সদায় আমাৰ দেশত মালিক নাইবা মেনেজমেণ্টৰ অতি প্ৰিয় পাত্ৰ হয়। তেনে কৰ্মচাৰীক মালিকে প্ৰায়েই আন আন কৰ্মচাৰীৰ সন্মুখত উদাহৰন হিচাপে পুৰস্কৃত কৰা নজিৰো প্ৰায়েই দেখা যায়। কিন্তু জাপানৰ এটা কোম্পানীৰ মেনেজমেণ্টে তেওঁলোকৰ কৰ্মচাৰীসকলৰ টোপনিৰ বিষয়ত ইমানেই চিন্তিত যে আপুনি শুনিলেই অবাক হৈ পৰিব।

ক্ৰেজি ইনক্(Crazy Inc) নামৰ জাপানৰ এই বিবাহ আয়োজক কোম্পানীটোৱে কিন্তু সকলো সময়তে কৰ্মচাৰীসকলৰ স্বাস্থ্য আৰু টোপনিৰ প্ৰতি সচেতন হৈ থাকে। কাৰন কোম্পানীটোৰ প্রতিষ্ঠাতা কাজুহিকো ম’ৰিয়ামাই বিশ্বাস কৰে যে দিনতোত সঠিক সময় ভাল টোপনি মাৰিলেহে কৰ্মচাৰীসকলে ভালদৰে কামত মনোনিবেশ কৰিব পাৰিব। সেইবাবে তেওঁৰ কোম্পানীটোৱে সদায় পৰ্য্যাপ্ত সময় টোপনি মৰা কৰ্মচাৰী সকলক উপযুক্তভাৱে পুৰস্কৃত কৰাৰ ব্যৱস্থা কৰিছে। এই কোম্পানীতোৰ যিসকল কৰ্মচাৰীয়ে এসপ্তাহত কমেও পাঁচ দিন দিনে ছয়ঘণ্টাকৈ টোপনি যায় সেইসকলৰ একাউণ্টত অতিৰিক্ত পইণ্ট জমা হয়। আৰু এই টোপনিৰ হিচাৱ কৰিবলৈ কোম্পানীটোৱে বিশেষ এপ এটাও নিৰ্মান কৰি লৈছে যিটো এপে কৰ্মচাৰীসকলে ৰাতি কিমান সময় টোপনি যায় তাৰ হিচাৱ ৰাখে।

এইবাৰ জানো আহক এই টোপনিৰ পইণ্টবিলাকৰ পৰা কৰ্মচাৰীসকলে কেনেদৰে লাভাম্বিত হয়? এই পইণ্টবিলাকৰ বিপৰীতে কৰ্মচাৰীসকলে কোম্পানীৰ কেফেটেৰীয়াত কোনো টকা-পইচা নিদিয়াকৈ খোৱা-লোৱা কৰিব পাৰে। অৰ্থাৎ যিমান ভালকৈ টোপনি মাৰিব সিমান বেছিকৈ বিনামূলীয়া খাদ্য । দৈনিক ভালদৰে টোপনি মৰা কৰ্মচাৰী সকলে বছৰি প্ৰায় ৪২ হাজাৰ টকাৰ খাদ্য বিনামূলীয়াকৈ খাব পাৰে। তাৰমানে টোপনীৰ লগত খোৱা-বোৱা ফ্ৰী। কোম্পোনীটোৰ মালিক কাজুহিকো ম’ৰিয়ামাৰ মতে এই পদ্ধতিৰ ফলত কাৰ্য্যালয়ত সকলো সময়তেই কৰ্মচাৰী সকলৰ মাজত উৎসাহ আৰু উদ্দীপনা দেখা যায়। সকলোৱেই ইয়াত অতি আনন্দৰে থাকে আৰু কাম কৰিবলৈ ভাল পায়। 

কেৱল ইয়াতেই শেষ নহয় কাজুহিকো ম’ৰিয়ামাই কাকো তেওঁৰ কোম্পানীত অতিৰিক্ত সময় কষ্ট কৰিবলৈ নিদিয়ে। কোম্পানীৰ নিয়ম অনুসৰি কৰ্মচাৰী সকলে ছুটী লৈ ফুৰিবলৈ যোৱাটো বাধ্যতামুলক। এইটো কোম্পানীৰ নিয়মবোৰ পঢ়ি আপোনাৰ চাগে হিংসাই লাগিছে৷ হিংসা লগাটোৱেই স্বাভাৱিক৷ 

উল্লেখযোগ্য যে এটা সমীক্ষাই প্ৰকাশ কৰা মতে জাপানত যোৱা ২০ বছৰত ৯২ শতাংশৰো বেছি মানুহ নিদ্ৰাহীনতাত ভুগিছে৷ সেই কাৰনেই কাজুহিকো ম’ৰিয়ামাৰ ক্ৰেজি ইনক্(Crazy Inc) ৰ এই ব্যতিক্ৰমী পদক্ষেপ৷ আজি সমগ্ৰ বিশ্বই ক্ৰেজি ইনক্(Crazy Inc)ৰ এই যুগান্তকাৰী পদক্ষেপৰ প্ৰশংসা কৰিছে৷