প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

নগাঁওঃ অসমীয়া জাতি নানা পৰম্পৰা, লোক-সংস্কৃতি, গীত-নৃত্যৰে চহকী৷ পৰম্পৰা, লোক-সংস্কৃতি, গীত-নৃত্যৰে চহকী অসম খন সদায় শুৱনি হৈ আছে৷ সাম্প্ৰতিক সময়ত অত্যাধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত আগ্ৰাসনে সকলোকে চেপি ধৰাৰ হেতু অসমীয়া সমাজত যুগ যুগ ধৰি প্ৰচলিত হৈ অহা বহু ৰীতি-নীতি তথা পৰম্পৰা আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে৷

তথাপিও কিছু পুৰণি পৰম্পৰা ঠায়ে ঠায়ে সংকটৰ মাজেৰে হ’লেও জীয়াই থকা পৰিলক্ষিত হৈছে৷ এইবোৰৰ মাজেৰে এটি পুৰণি পৰম্পৰা হৈছে মাঘ বিহুত 'গছত নৰা বন্ধা' আৰু 'দলি মৰা' পৰম্পৰা৷ ঠায়ে ভেদে এই আদিম পৰম্পৰা পালন কৰাৰ ক্ষেত্ৰত সামান্য অমিল থকা দেখা যায় যদিও ইয়াৰ মূল উদ্দেশ্য একেটাই৷

গোটেই বছৰটোৰ বাবে প্ৰতিঘৰ গৃহস্থৰ ঘৰৰ চৌহদত কিম্বা আন ঠাইত থকা ফল-মূল আদিৰ লগতে বিভিন্ন গছৰ মংগল তথা শ্ৰীবৃদ্ধি কামনা কৰা আৰু ঘৰৰ লগতে নিজৰ বাৰীখনক অপায়-অমংগলৰ পৰা ৰক্ষা কৰা৷

পৰম্পৰা অনুসৰি মাঘ বিহুৰ উৰুকাৰ নিশা সম্পূৰ্ণ উজাগৰে থাকি ভেলাঘৰত ৰং-তামাচাৰে মিলিজুলি গঞাই ভোজ-ভাত খাই পুৱতি নিশা ঘৰৰ মূল ব্যক্তিজনে পথাৰৰ পৰা নৰা আনি বছৰটোত ফলে-ফুলে ভৰি পৰি জাতিষ্কাৰ হোৱাৰ পৰম আশাৰে তামোল, নাৰিকলকে প্ৰমুখ্য কৰি সকলো ফল-মূল আৰু মূল্যৱান গছত সেই নৰাৰে এটি বান্ধ দিয়ে৷

তদুপৰি নিজৰ ঘৰৰ লগতে চৌহদ আৰু বাৰীখন সমৃদ্ধিশালী হৈ পৰাৰ কামনাৰে বাৰী বা ঘৰৰ চৌহদৰ চৰ্তুদিশে 'চাৰিটা মাটিৰ চপৰা' দলিওৱা হয়৷ বৰ্তমানৰ সমাজ ব্যৱস্থাত আধুনিকতাই বলোৱা পৰিবৰ্তনৰ বতাহে নোহোৱা কৰিলে ক্ৰমাৎ অন্য বহু পুৰণি পৰম্পৰাৰ লগতে মাঘ বিহুৰ এই প্ৰাচীন লৌকিক পৰম্পৰা৷ কাৰণ গতিশীল সময়ৰ সোঁতত জাহ যোৱাৰ উপক্ৰম ঘটিছে গ্ৰাম্য সমাজৰ এই পৰম্পৰা৷

তথাপিও বয়োজ্যেষ্ঠ গঞাৰ দুই-চাৰিজনে ঠায়ে ঠায়ে এই পৰম্পৰা কোনোমতে জীয়াই ৰাখিছে যদিও নৱপ্ৰজন্মই বাবে কিন্তু এই পৰম্পৰা একেবাৰে অচিনাকী হৈ পৰিছে৷ সি যি নহঁওক সমাজ ব্যৱস্থাৰ পৰিবৰ্তনৰ হেতু আমাৰ গ্ৰাম্য সমাজৰপৰা অজ্ঞাতে মাঘ বিহুৰ সৈতে সাঙুৰ খাই থকা তাহানিৰ পৰম্পৰা লাহে লাহে হেৰাই যাব সেইটো হ’লে খাটাং৷