চাংসাৰিঃ অৱশেষত চিআইডিয়ে গ্ৰেপ্তাৰ কৰিলে কম্পিউটাৰৰ মণিটৰ চুৰি কৰি ধৰা পৰা কামৰূপ জিলাৰ বস্ত্ৰ নগৰীৰ শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দদৰা নিবাসী ভাস্কৰ জ্যোতি দাসক। অৱশ্যে মনিটৰ চুৰিৰ অভিযোগত নহয়, চাইবাৰ অপৰাধতহে গ্ৰেপ্তাৰ কৰিছে ভাস্কৰক। 

প্ৰাপ্ত তথ্যমতে, ছ’চিয়েল মিডিয়াযোগে শাসকীয় দল বিজেপিৰ বিৰোধিতা কৰা লোকসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা শিক্ষকজনে এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা দিনদিয়েক পূৰ্বে কম্পিউটাৰৰ মণিটৰ চুৰি কৰা সমগ্ৰ দৃশ্য বন্দী হৈ ৰৈছিল চিচি টিভি কেমেৰাত। ছচিয়েল মাধ্যম ফেচবুকত সদা জাগ্ৰত হৈ সময়ে সময়ে বিভিন্ন বিতৰ্কত সোমাই পৰা এইগৰাকী শিক্ষক ভাস্কৰ জ্যোতি দাসৰ ভাতৃক শাৰীৰিক অসুস্থতাৰ বাবে উত্তৰ গুৱাহাটীৰ জি এন আৰ চি চিকিৎসালয়ত ভৰ্তি কৰাইছিল পৰিয়ালৰ লোকসকলে৷ চিকিৎসালয়খনত নিশা তেওঁ ভাতৃৰ লগত এটেণ্ডেণ্ট হিচাপে আছিল৷ 

গভীৰ নিশা চিকিৎসালয়ৰ প্ৰায় সকলোবোৰ লোক শুই পৰাৰ পিছতে শিক্ষক ভাস্কৰে চিচিটিভি কেমেৰাৰ আগত চিনাকি দিয়ে তেওঁৰ আচল পৰিচয়৷ তেওঁ অতি সন্তৰ্পনে জি এন আৰ চিৰ অভ্যৰ্থনা কক্ষত প্ৰৱেশ কৰি ইফালে-সিফালে প্ৰত্যক্ষ কৰি কোনো নথকাৰ সুযোগ লৈ তাত থকা কম্পিউটাৰৰ মণিটৰ লৈ উধাও হয়৷ এই সমস্ত দৃশ্য বন্দী হয় চিকিৎসালয় কৰ্তৃপক্ষই স্থাপন কৰা চিচি টিভিৰ কেমেৰাত। 

পিছত চিকিৎসালয় কৰ্তৃপক্ষই এই সন্দৰ্ভত গৌৰীপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰি এজাহাৰৰ লগত চি চি টিভিৰ কেমেৰাৰ ভিডি’অ ফুটেজ জমা দিয়ে৷ উক্ত এজাহাৰৰ ভিত্তিত ১২ জুনৰ নিশা ভাস্কৰক দদৰাস্থিত বাসগৃহৰ পৰা আৰক্ষীয়ে সোধ-পোছৰ বাবে থানালৈ নিয়ে৷ পিছত আৰক্ষী থানা আৰু ব্যক্তিগত চিকিৎসালয়খনলৈ বিভিন্ন জনৰ পৰা অহা উপৰ্যুপৰি ফোনত বুজিবুজিত উপনীত হ’বলৈ বাধ্য হয় জি এন আৰ চি কৰ্তৃপক্ষ৷ 

শেষত চিকিৎসালয়খনে এজাহাৰ প্ৰত্যাহাৰ কৰি গোচৰ উঠাই লোৱাত বিনা বিচাৰে থানাৰ পৰা মুক্ত হৈ পৰে চোৰৰ ৰূপী শিক্ষক ভাস্কৰ৷ ইফালে, শিক্ষকজনৰ এই কুকৰ্মৰ বিষয়ে অৱগত হোৱাত শুৱালকুছিত আৰু দদৰা অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ তাৎপৰ্যপূৰ্ণ যে তেওঁ শিক্ষকতা কৰা বিদ্যালয়খনে এইবাৰ শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি চলাই আছে। শতবৰ্ষ উদযাপন সমিতিৰ গুৰু দায়িত্বতো আছে চোৰৰূপী শিক্ষকজন।

কম্পিউটাৰৰ মণিটৰ চুৰিৰ ঘটনা পোহৰলৈ অহাৰ পিছতে শুৱালকুছিৰ ৰাইজে অতি শীঘ্ৰে শিক্ষকজনক শতবৰ্ষ উদযাপনৰ সকলো দ্বায়িত্বৰ পৰা আতৰাই ৰাখিবলৈ উদযাপন সমিতিক আহ্বান জনাইছে৷ একেদৰে প্ৰাথমিক শিক্ষা বিভাগেও চোৰৰূপী শিক্ষকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি শুৱালকুছিবাসীয়ে আশা প্ৰকাশ কৰিছে৷ 

বিতৰ্কিত ফেচবুক পেজ Assamese Onlineৰ সৈতে জড়িত ভাস্কৰ!

আজি দিনৰ ভাগত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই (চিআইডি) মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দদৰাস্থিত নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ভাস্কৰক। অৱশ্যে মনিটৰ চুৰিৰ অপৰাধত নহয়, চাইবাৰ অপৰাধৰ অভিযোগতহে শিক্ষক ভাস্কৰজ্যোতি দাসক সোধ-পোচৰ বাবে গ্ৰেপ্তাৰ কৰিছে চিআইডিয়ে। এক সূত্ৰই জনোৱা মতে সাম্প্ৰদায়িক পোষ্ট আপলোড কৰি অহা বিতৰ্কিত ফেচবুক পেজ Assamese Onlineৰ এডমিন আছিল চোৰৰূপী শিক্ষক ভাস্কৰ।

বিতৰ্কিত এই ফেচবুক পেজটোত প্ৰায়ে প্ৰকাশ পাই আহিছে হিন্দু বিদ্বেষী একাধিক পোষ্ট। এনে পৰিপ্ৰেক্ষিতত উক্ত পেজটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সময়ে সময়ে ভিন্নজনে দাবী উত্থাপন কৰি আহিছিল। অধিকাংশ লোকে হিন্দু বিদ্বেষী এই পেজটোৰ আঁৰত কোনো গোড়া মুছলমান লোক জড়িত থকা বুলি ভাবি আহিছিল যদিও আজি চিআইডিয়ে ভাস্কৰক উক্ত পেজটোৰ সৈতে জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা কাৰ্যই সকলোকে হতবাক কৰি তুলি আহিছে।

উল্লেখ্য যে, সামাজিক মাধ্যমত নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তেও সময়ে সময়ে বিভিন্ন লোকক ৰাজহুৱাকৈ ভয়-ভাবুকি প্ৰদান কৰি আহিছিল শিক্ষকজনে। হাজোৰ সনাতন হত্যাকাণ্ডৰ সময়তো একাধিক সাম্প্ৰদায়িক পোষ্ট আপলোড কৰিছিল শিক্ষক ভাস্কৰে। জানিব পৰা মতে, শিক্ষকতা বৃত্তিত জড়িত ভাস্কৰজ্যোতি দাস বিজেপি দলৰ আই টি চেলৰো সক্ৰিয় কৰ্মী আছিল। ইয়াৰ উপৰিও অসম জাতীয় মহাসভাৰ যুৱ মঞ্চৰ মুখ্য সম্পাদকৰ দায়িত্বত থকাৰ লগতেও এবিভিপিৰ সৈতেও জড়িত হৈ আছিল চোৰৰূপী শিক্ষকজন। 

ইফালে, চুৰি কাৰ্যত জড়িত থকাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে ফেচবুকৰ আটাইকেইটা একাউণ্ট ডিএক্টিভ কৰি ৰাখিছে শিক্ষক ভাস্কৰে। নিজৰ ফেচবুক একাউণ্টযোগে প্ৰায়ে নিজকে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী তথা জালুকবাৰী সমষ্টিৰ বিধায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ হিচাপেও পৰিচয় দি আহিছিল বিজেপিৰ আইটিচেলৰ কৰ্মীজনে। এনেধৰণৰ প্ৰভাৱৰ জৰিয়তেই আৰম্ভণিতে ভাস্কৰে আৰক্ষীৰ গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ সমৰ্থ হৈছিল বুলি শুৱালকুছি আৰু দদৰা সমষ্টিত ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে।

মণিটৰটো চুৰি কৰি ক'লৈ নিলে ভাস্কৰে?

জিএনআৰচি কৰ্তৃপক্ষই সংবাদ মাধ্যমক জনোৱা মতে ১২ জুনৰ  নিশা প্ৰায় ৯ বজাত মণিটৰ এটা নোহোৱা হোৱাৰ কথা তেওঁলোকে জানিব পাৰে। ইয়াৰ পিছতে হাস্পতালখনৰ আই টি ডিপাৰ্টমেণ্টে চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰে। চিচিটিভিৰ ফুটেজত এজন ব্যক্তিয়ে মণিটৰটো খুলি লৈ যোৱাৰ দৃশ্য আৱদ্ধ হৈ আছিল। ফুটেজটো ছিকিউৰিটৰ লগতে হাস্পতালখনৰ আন কৰ্মচাৰীসকলক দি লোকজনক দেখিলে কৰ্তৃপক্ষক জনাবলৈ কোৱা হয়।

অলপ সন্ধান কৰোতে ফুটেজত দেখা লোকজনৰ দৰে কাপোৰ পিন্ধি থকা এজন লোকক হাস্পতালখনৰ কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰে। এই লোকজনেই আছিল বিজেপিৰ আইটি চেলৰ কৰ্মী তথা শিক্ষক ভাস্কৰ। লগে লগে ভাস্কৰক মাতি আনি কথাটো সোধা হয়। প্ৰথম অৱস্থাত ভাস্কৰে সেয়া অস্বীকাৰ কৰে।

"প্ৰথমে তেওঁ নহয় বুলি কৈছিল। পিছত আমি ফুটেজ দেখুৱালো। ফুটেজ দেখুওৱাৰ পিছত তেওঁ নহয় বুলি দাবী কৰাৰ বাট নাইকিয়া হৈ পৰিল। তেতিয়া তেওঁ আমাক ক'লে যে মনিটৰটো হাস্পতালতে থৈ দিছে, বাহিৰলৈ লৈ যোৱা নাই। বাহিৰলৈ নিয়ক বা নিনিয়ক যিহেতু তেওঁ নিবলৈ চেষ্টা কৰাতো ফুটেজত স্পষ্ট হৈ আছিল সেয়ে আমি আৰক্ষীক জনাও। আৰক্ষীয়ে প্ৰায় আধাঘণ্টাৰ ভিতৰত আহি পাই আৰু আমি পিছত এজাহাৰ দাখিল কৰো।"-মনিটৰটো ভাস্কৰে লৈ যাবলৈ সমৰ্থ নহ'ল বুলি সদৰী কৰি এইদৰে কয় হাস্পতালখনৰ এগৰাকী বিষয়াই।