ওদালগুৰিঃ ডান্স ইণ্ডিয়া ডান্স চিজন-৫ৰ বিজয়ী অসমৰ জীয়ৰী প্ৰণীতা স্বৰ্গীয়াৰী অসমৰ গ্ৰাম্য অঞ্চলৰ কিশোৰ-কিশোৰী, যুৱক-যুৱতীক দিব নৃত্যৰ প্ৰশিক্ষণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নৃত্য কৰ্মশালা অনুষ্ঠিত কৰিব প্ৰণীতাই৷ দেওবাৰে ওদালগুৰিত এখন সংবাদমেল অনুষ্ঠিত কৰে প্ৰণীতা স্বৰ্গীয়াৰীয়ে।

নিখিল বড়ো ছাত্ৰ সন্থাৰ ওদালগুৰি আঞ্চলিক সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত প্ৰণীতাই ওদালগুৰিত নৃত্যৰ কৰ্মশালা অনুষ্ঠিত কৰি যুৱ প্ৰজন্মক প্ৰশিক্ষণ দিয়াৰ কথা ঘোষণা কৰে। অহা ১৬, ১৭ আৰু ১৮ জানুৱাৰীত ওদালগুৰিৰ নলবাৰীৰ ৰিংগু ডামাচা প্ৰেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই কৰ্মশালা।

কৰ্মশালাৰ জৰিয়তে সংগ্ৰহ কৰা ধন স্বেচ্ছাসেৱী অনুষ্ঠানৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰৰ সহায়কমূলক কামত আগবঢ়াব বুলিও কয় দেশৰ আগশাৰীৰ নৃত্য শিল্পীগৰাকীয়ে। কৰ্মশালাত অংশগ্ৰহণৰ বাবে ৭০০২৫৭১৭৭৪, ৮০১১০৮৫৪৭১ আৰু ৯৮১৮০৫৫৬৯৪ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়।

বৰ্তমান নৱপ্ৰজন্মক নৃত্যৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে এনে পদক্ষেপ লোৱা হৈছে বুলি কয় প্ৰণীতাই সংবাদমেলত। আমাৰ নৱপ্ৰজন্মই নৃত্যৰ ক্ষেত্ৰত আগবাঢ়ি আহিব লাগে বুলিও কয়। প্ৰণীতা স্বৰ্গীয়াৰীক ওদালগুৰি আঞ্চলিক এবছুৱে এখনি আৰনাইৰে আদৰণি জনায়। সংবাদমেলৰ অন্তত তেওঁ এক নৃত্যও প্ৰদৰ্শন কৰি দেখুৱায়।