ডিজিটেল ডেস্কঃ এইবাৰ বিজ্ঞান পৰীক্ষাৰ প্ৰশ্নকাকততে সন্নিবিষ্ট হ’ল ডাৰউইনক লৈ বিতৰ্কিত মন্তব্য কৰা কেন্দ্ৰীয় মন্ত্ৰী সত্যপাল সিঙৰ প্ৰসংগ। ভাৰতীয় বিজ্ঞান শিক্ষা আৰু অনুসন্ধান সংস্থাই অনুষ্ঠিত কৰা এক পৰীক্ষাত পৰীক্ষাৰ্থীসকলৰ তাৰ্কিক চিন্তাধাৰাৰ বিকাশৰ হেতু অনুষ্ঠিত এক পৰীক্ষাত সোমাই পৰিল সত্যপাল। 

দৰাচলতে কেইদিনমানৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ডাৰউইনৰ বিবৰ্তনৰ তত্বক বিজ্ঞানসন্মত নহয় বুলি কোৱাই নহয়, সেই তত্ব স্কুল-কলেজৰ পাঠ্যপুথিৰ পৰা আঁতৰাই দিবলৈ দাবী কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল। বিজ্ঞান মহলৰ লগতে দেশৰ বিজ্ঞান সচেতন মহলৰ পৰা নিন্দা আৰু কটু সমালোচনাৰ সমুখীন হোৱা মন্ত্ৰীগৰাকীৰেই প্ৰসংগ প্ৰশ্নকাকত সোমাই পৰাত পুনৰ বিতৰ্কলৈ আহিছে সত্যপালৰ লগতে অনুসন্ধান সংস্থাটোও।

অৱশ্যে এই সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত সাংবাদিকক বিজ্ঞান গুৰু সঞ্জীৱ গলাণ্ডে কয় যে সংস্থাটোৱে ছাত্ৰ-ছাত্ৰীক বিজ্ঞান বিষয়ক পেছাদাৰী শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত সততে গুৰুত্ব প্ৰদান কৰি আহিছে। সেয়ে ৰচনাধৰ্মী প্ৰশ্নৰ পৰিৰ্ৱতে ছাত্ৰ-ছাত্ৰীৰ মানসিক চিন্তাধাৰা উচ্চমানৰ কৰাৰ উদ্দেশ্যে এনেধৰণৰ তাৰ্কিক তথা বিশ্লেষণাত্মক পোনপটীয়া প্ৰশ্নৰ অৱতাৰণা কৰা বুলি কয় গলাণ্ডে।    

প্ৰাক্তন আইপিএছ বিষয়া সত্যপাল সিঙে জৈৱ বিৱৰ্তন তত্ত্বৰ প্ৰত্যাহ্বান জনাই মন্তব্য কৰিছিল যে ডাৰউইনৰ সিদ্ধান্ত বিজ্ঞানসন্মতভাৱে ভুল৷ এই তত্ত্বটো স্কুল-কলেজৰ পাঠ্যক্ৰমৰ পৰা আঁতৰাব লাগে বুলি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কিছুদিনৰ পূৰ্বে কৈ বিজ্ঞানমহলৰ লগতে দেশৰ সচেতন মহলৰ মাজত বিতৰ্কৰ সূচনা কৰিছিল। 

উল্লেখ্য যে বিগত ২২ ফেব্ৰুৱাৰীত সংস্থাটোৱে অনুষ্ঠিত কৰা পৰীক্ষাত সন্নিৱিষ্ট কৰা প্ৰশ্নটো আছিল, ‘কিছুদিনৰ পূৰ্বে দেশৰ মানৱ উন্নয়ন বিকাশ ৰাজ্য মন্ত্ৰীয়ে উত্থাপন কৰা মতে ডাৰউইনৰ জৈৱবিৱৰ্তনৰ সূত্ৰটো শুদ্ধ নহয়, কিয়নো বান্দৰৰ পৰা মানুহ হোৱাৰ কথা আমাৰ পূৰ্ব-পুৰুষসকলে লিখিত বা মৌখিক কোনো ৰূপতেই কৈ থৈ যোৱা নাই৷ মন্ত্ৰীগৰাকীয়ে কৰা এই মন্তব্যত কি ভুল আছে?       

পৰীক্ষাত এই প্ৰশ্নটো সন্নিৱিষ্ট কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক ইয়াৰ ওপৰত নোটচো দিয়া হৈছে৷ এই নোটচত কোৱা হৈছে, পৰীক্ষাত প্ৰশ্নটো এই বাবেই অৱতাৰণা কৰা হোৱা নাই যে ডাৰউইনৰ জীৱবৈজ্ঞানিক সিদ্ধান্তক শুদ্ধ বুলি মানি নলওঁক৷ কিন্তু এই বাবেই প্ৰশ্নটো সন্নিৱিষ্ট কৰা হৈছে, সত্যপাল সিঙে তত্ত্বটোৰ ওপৰত কৰা মন্তব্যৰ ভুল ক’ত?