Printer-friendly version

কোকৰাঝাৰঃ  কোকৰাঝাৰ থানাৰ অন্তৰ্গত চেচাঁপানী গাওঁত যোৱা নিশা এগৰাকী বিবাহিতা  মহিলাক অতি নিৰ্মমভাৱে দুৰ্বৃত্তই ডিঙিত কাপোৰেৰে ফাঁচি লগাই হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ হত্যাৰ বলি হোৱা মহিলাগৰাকী সুখজান বিবি (৩৮) বুলি চিনাক্ত কৰা হৈছে৷

প্ৰাপ্ত বাতৰি মতে চেচাঁপানী গাওঁৰ আমিৰ আলি মণ্ডলৰ পত্নী সুখজান বিবিয়ে যোৱা কালি সন্ধিয়াৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ আৰম্ভ কৰে৷ বহু ঠাইত বিচাৰ খোচাৰ কৰাৰ অন্তত নিশা প্ৰায় ১১ বজাত ওচৰতে থকা ধাননি পথাৰত সুখজান বিবিৰ অৰ্ধ উলংগ মৃতদেহটো ফাঁচি লগোৱা অৱস্থাত উদ্ধাৰ হয়৷

ইপিনে  ঘটনা সন্দৰ্ভত সুখজান বিবিৰ পৰিয়ালে কোকৰাঝাৰ সদৰ থানাত এক গোচৰ ৰুজু কৰিছে৷ আৰক্ষীয়ে  ২৬/২০২০ নং গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে  আৰু প্ৰাথমিক তদন্তত সুখজানক হত্যা কৰা হৈছে বুলি জানিবলৈ দিছে৷ ইতিমধ্যে আৰক্ষীয়ে নিশাই শুকুৰ সেখ আৰু স্বামী আমিৰ আলি মণ্ডলক সোধপোছৰ বাবে আটক কৰিছে৷

ইপিনে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ কোকৰাঝাৰ জিলা সভাপতি নজৰুল ইছলামে ২৪ ঘন্টাৰ ভিতৰত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে৷