বঢ়মপুৰঃ মাঘ বিহুৰ আনন্দ উলাহৰ মাজতে দেওবাৰে কাহিলী পুৱাই নগাঁও জিলাৰ চামগুৰিৰ পুৰণিগুদামত এটি মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পুৰণিগুদামৰ মুঢ়ানীৰ এটা পেক্ষাগৃহত যজ্ঞেশ্বৰ পাঠক নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হয়৷

জানিব পৰা মতে, মাঘ বিহু উপলক্ষে নিশা ঘৰৰ পৰা ওলাই গৈছিল যদিও নিশা ঘৰলৈ উভতি অহা নাছিল লোকজনে৷ পিছত একাংশ লোকে পুৱাই পাঠকৰ মৃতদেহ প্ৰেক্ষাগৃহত প্ৰত্যক্ষ কৰি পৰিয়ালক খবৰ দিয়ে৷ উৰুকাৰ অত্যধিক মদ্যপান কৰাৰ সন্দেহ কৰা হৈছে৷ পুৰণিগুদাম আৰক্ষীৰ পহৰা চকীৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত কৰা দেখা যায়।