• দৰঙৰ দলগাঁৱত এন আৰ চি ৰ বাবে আত্মহনন কৰা কিশোৰী নুৰ নেহাৰৰ গৃহত বিৰোধী দলপতি দেবব্ৰত শইকীয়া
  • নিহতৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্য্য দেৱব্ৰত শইকীয়াৰ 

দলগাঁওঃ  ২৬ জুনত  এন আৰ চিৰ প্ৰকাশিত অতিৰিক্ত ‘‘বাদ তালিকাত’’ নাম নথকাৰ বাবেই  চিপ লৈ দলগাঁৱৰ শ্যামপুৰত আত্মহনৰ পথ বাচি লৈছিল এগৰাকী  কিশোৰীয়ে৷  

শ্যামপুৰ থানাৰ অন্তৰ্গত ৰৌমাৰী চাপৰিৰ আব্দুল কালামৰ কন্যা নুৰনেহাৰ বেগমৰ নাম এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা নহাত  ভুল বুজি  নিজৰ ওৰনাৰে  চিপলৈ আত্মহন কৰা বুলি বাতৰি ওলোৱা পৰিয়ালটোৰ কাষত উপস্থিত ৰাজ্যৰ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া। উক্ত ঘটনাৰ বুজ লোৱাৰ উদ্দেশ্যে বুধবাৰে দুৰ্ভগীয়া নুৰ নেহাৰৰ পৰিয়ালৰক সমবেদনা জ্ঞাপন কৰাৰ লগতে দহ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়ায়।  

দেবব্ৰত শইকীয়াই সংবাদ মাধ্যমক কয় যে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত  এন আৰ চিৰ কাম চলি আছে যদিও  কামত নিয়োজিত একাংশ বিষয়াই নিৰপেক্ষ ভাৱে কাম নকৰাৰ বাবে যথেষ্ট খেলি মেলিৰ সৃষ্টি হৈছে৷ এই সম্পৰ্কে এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাক অবগত কৰা হব বুলি তেওঁ কয়। 

দেবব্ৰত শইকীয়াক সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰূপক শৰ্মা আৰু দৰং জিলা সমিতিৰ সভানেত্ৰী ৱাহিদা আহমেদ আৰু শ্যামপুৰ গাও পঞ্চায়তৰ সভাপতি মফিদুল ইছলামে  ।