ডিজিটেল ডেস্কঃ বিতৰ্কই লগ এৰা নাই পদ্মাৱতীক৷ প্ৰথমে মূখ্য অভিনেত্ৰী দীপিকাক টুইটাৰ যোগে বিৰোধ সূচক মন্তব্য কৰাৰ পিছত ছবি জগতত হৈ চৈ লাগে। ৰাজপুত সেনাই পদ্মাৱতী তথা অভিনেত্ৰী দীপিকা আৰু পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ মুৰৰ মূল্য ৫ কোটি টকা ঘোষণা কৰাৰ পিছতে হাৰিয়ানা বিজেপি নেতা সুৰজ পল অমুই অভিনেত্ৰী দীপিকা আৰু পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ মুৰৰ মূল্য দুগুণ কৰি ১০ কোটি টকালৈ বৃদ্ধি কৰে৷

যিয়ে তেওলোকৰ মুৰ-নাক কাটি আনিব তেওলোকক ১০ কোটি দিম বুলি ঘোষণা কৰে দেওবাৰে৷ ৰাজপুত সেনাৰ যিগৰাকী যুৱকে ৫ কোটি টকা ঘোষণা কৰিছে তেওক শুভেচ্ছা যাচে বিজেপিৰ নেতাগৰাকীয়ে৷ আনকি বিজেপি নেতা সুব্ৰমনিয়াম স্বামী আৰু যোগী আদিত্য নাথেও টুইট কৰে অভিনেত্ৰীৰ বিৰুদ্ধে৷ তাৰ পিছত আক্ৰমণৰ লক্ষ্য কৰি লয় ছবি খনৰ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীক৷

অখণ্ড ৰাজপুত সেৱা সংঘৰ নেতা আৰ পি সিঙে ভাঞ্চালীৰ বিৰোধীতা কৰি তেওঁৰ মুুৰটো যিয়ে আনি দিব তাক পুৰষ্কাৰ হিচাপে ৫ কোটি টকা দিব বুলিও ঘোষনা কৰে৷ পদ্মাৱতীৰ বিৰুদ্ধে মুখ খুলিছে আজমেৰ দৰগাহ কৰ্তৃপক্ষই। চৈয়দ জাইনুল আবেদিন আলি খানে ধর্মীয় ভাবধাৰাক আঘাত দিয়াৰ বাবে পৰিচালক সঞ্জয় লীলা ভাঞ্চালীক চলমন ৰুশ্বদি আৰু তচলিমা নাচৰিনৰ সৈতে একে শাৰীতে ৰাখে৷

সন্ত্রাসবাদ তথা পাকিস্তানৰ বিৰোধিতাত কথা কলেও এইয়ে প্রথম 'পদ্মাৱতী' বিতর্কত মুখ খুলিলে খাজা মইনুদ্দিন চিস্তি দৰগাহৰ দেৱান জাইনুৱাল আবেদিন আলি খানে। তেওঁ কয়, সঞ্জয় লীলা ভাঞ্চালী পৰিচালিত 'পদ্মাৱতী'য়ে ধর্মীয় ভাৱৰ ওপৰত আঘাত হানিছে। সেই কাৰণে বোলছবিৰ বিৰুদ্ধে প্রতিবাদ যুক্তি সন্মত বুলি কয় আবেদিন আলিয়ে।

ছবিত আলাউদ্দিন খিলজি আৰু পদ্মাৱতীৰ সৈতে আপত্তিজনক দৃশ্য থকা বুলি অভিযোগ উত্থাপন হয়৷ যি দৃশ্যই ৰাজপুতৰ আত্মসন্মানত আঘাত হানিছে বুলি অভিযোগ উত্থাপন হয়। সকলো দৃশ্য ছবিৰ পৰা বাদ দিয়াৰ বাবে ইতিমধে দেশৰ বিভিন্ন ঠাইত আন্দোলন কৰা পৰিলক্ষিত হৈছে৷