তেজপুৰ টাউনঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত গঁড়, বাঘ, হাতীৰ হত্যা হৈ অহাৰ সময়তে সোমবাৰে এখন গাঁৱৰ ৰাইজে এটি পহুত সুৰক্ষিত কৰিবৰ বাবে কেইবা ঘন্টা ব্যস্ত হৈ পৰা দেখা যায়৷

শোণিতপুৰ জিলাৰ বালিপৰাৰ সৰুপাটগাঁৱত সোমবাৰে এটি পহু উদ্ধাৰ হয়৷ সৰুপাটগাঁৱৰ একাংশ লোকে স্থানীয় পথাৰত পহুটোক বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰে৷

পহুটোক সুৰক্ষিত কৰি ৰাখিবলৈ গাওঁখনৰ লোকসকলে কায়দাৰে পহুটোক আৱদ্ধ কৰি বন বিভাগক খবৰ দিয়ে ৰাইজে। বনবিভাগে পিছত পহুটোক চমজি লয়৷ পহুটো নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰে ৰাইজে৷