newsnextone.com | গুৱাহাটীঃ ব্ৰহ্মপুত্ৰৰ ওপৰৰ শৰাইঘাট দলঙৰ পৰা জাঁপ দিয়া সোণমণি কলিতাৰ সমৰ্থন কৰিবলৈ ওলাই আহিল দিল্লীৰ কেইবাটাও চালক সংস্থাই৷ অসমৰ চালকগৰাকীৰ সমৰ্থনত দিল্লীৰ শতাধিক চালকে গাড়ী চলোৱা বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ ন’চনেল কেপিটেল ৰিজন চমুকৈ এনচিআৰৰ সকলো চালক সংস্থাৰ নেতৃত্বই একত্ৰিত হৈ দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰে৷ অসমৰ সমূহো চালকৰ সকলো সমস্যা তথা প্ৰতিটো প্ৰতিবাদক সমৰ্থন জনাব বুলি কয় দিল্লীৰ চালকসকলে৷ 

উল্লেখ্য যে, সোণমণি কলিতাই অ’লা-উবেৰ কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে আত্মহত্যা কৰিবলৈ বাধ্য হয় বুলি অভিযোগ উত্থাপন হৈছে৷ দীৰ্ঘ সময়ৰ পৰা ইনচেনটিভ বন্ধ কৰি ৰখাৰ লগতে কমিছনো পূৰ্বৰ দৰেই দিয়াৰ ফলত অসমৰ অ’লা-উবেৰ চালকসকলে ঘৰ চলাব নোৱাৰা পৰিবেশৰ সৃষ্টি হয়৷ পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ হোৱাৰ ফলত পূৰ্বৰে পৰা দিয়া কমিছনেৰে ঘৰ চলাব নোৱাৰা পৰিবেশৰ সৃষ্টি হয়৷ ফলত দীৰ্ঘদিন ধৰি ইনচেনটিভ প্ৰদান-কমিছন বৃদ্ধিৰ দাবী জনাই আহিছিল যদিও অ’লা-উবেৰ কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান কৰা নাছিল৷ যাৰ ফলত সোণমণি কলিতাই আত্মহত্যা কৰিব লগা হয় বুলি অভিযোগ উত্থাপন হয়৷ 

আনহাতে দিল্লীত গাড়ী চলাব এৰি অসমৰ অ’লা-উবেৰ চালকৰ সমৰ্থনত দিল্লীৰ চালকৰ প্ৰতিবাদ সাব্যস্ত কৰে যদিও অসমৰ কোনো চালক সংস্থাই প্ৰতিবাদ কৰা দেখা নগ’ল৷ কোনো জাতীয়তাবাদী সংগঠন তথা জনগোষ্ঠীয় সংগঠনে মাত এষাৰ দিয়া পৰিলক্ষিত হোৱা নাই৷ দিল্লীৰ ড্ৰাইভাৰ ৱেলফেয়াৰ এছোছিয়েচনে এই খবৰ লাভ কৰাৰ পিছতে প্ৰতিবাদ সাব্যস্ত কৰে৷ শৰাইঘাট দলঙৰ পৰা জাঁপ দিয়া সোণমণি কলিতাৰ সমৰ্থনত ওলাই আহে দিল্লীৰ এনচিআৰৰ চালকসকলে৷ দিল্লীৰ চালকে প্ৰয়োজনত গাড়ী অফ লাইন কৰা হ’ব বুলি হুংকাৰ দিয়ে৷ অসমেই নহয় সকলো চালকক একত্ৰিত হোৱাৰ আহ্বনা জনায়৷ অসমৰ চালকৰ সমস্যাৰ বাবে দিল্লীৰ চালকসকলে যুঁজ দিবলৈ সাজু বুলি কয়৷ কেইবাটাও সংগঠনে লগলাগি অ’লা-উবেৰৰ বিৰুদ্ধে জুলাইত মাহত কাৰ্যসূচী ঘোষণা কৰিব বুলি কয়৷ যিকোনো প্ৰকাৰে চাকলৰ সমস্যা সমূহ অ’লা-উবেৰ কৰ্তৃপক্ষই সমাধান কৰিব লাগিব বুলি কয় দিল্লীৰ চালকসকলে৷  

অ’লা-উবেৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে চালক-মালিকক বঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে এগৰাকী উবেৰ-অ’লা চালকে ব্ৰহ্মপুত্ৰত জাঁপ দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শুকুৰবাৰে নিশা প্ৰায় ১১ বাজি ২০ মিনিটত শৰাইঘাট দলঙৰ পৰা জাঁপ দিয়া চালকজন সোণমণি কলিতাৰ নলবাৰী জিলাৰ মুকালমুৱাৰ বালিকুছিত ঘৰ বুলি জানিব পৰা গৈছে৷ আৰ্থিক দৈন্যতাৰ বাবেই যুৱকজনে ব্ৰহ্মপুত্ৰত জঁপিয়াই বুলি জানিব পৰা গৈছে৷

নলবাৰী বালিকুছিৰ যুৱকজনে দীৰ্ঘ সময় ধৰি অ’লা আৰু উবেৰত গাড়ী চলাই পৰিয়াল পোহপাল দি আছিল যদিও দুয়োটা কৰ্তৃপক্ষই বিগত সময়ত ইনচেনটিভৰ পইছা বন্ধ কৰি দিয়াৰ লগতে পূৰ্বৰ দৰেই কমিছন দি আহিছিল৷ পেট্ৰলৰ মূল্য বৃদ্ধি হোৱাৰ লগতে নিত্য ব্যৱহৃত সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাত পূৰ্বৰ কমিছনেৰে চালক আৰু মালিকসকলে অনলাইন ব্যৱস্থাত তথা অ’লা-উবেৰত গাড়ী চলাই পৰিয়াল চলাব নোৱাৰা হৈ পৰে৷

যাৰ বাবে সময়ে সময়ে অ’লা-উবেৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ইনচেনটিভ পুনৰাই দিয়াৰ লগতে কমিছন বৃদ্ধি কৰা দাবী জনায় আহিছে৷ কিন্তু এনে দাবীক গুৰুত্ব প্ৰদান নকৰাৰ ফলতেই আজি সোণমণি কলিতাই ব্ৰহ্মপুত্ৰত জঁপিয়াই বুলি সন্দেহ কৰা হৈছে৷

বৰ্তমান সময়ত নিবনুৱাই অনলাইন কেৱ অ’লা-উবেৰ সেৱাৰ পৰা আঁতৰি আছে বুলিও অভিযোগ উত্থাপিত হয়৷ অ’লা-উবেৰ চালক-মালিকসকলৰ পৰিস্থিতি ভাল নহয় বুলি সময়ে সময়ে অভিযোগ উত্থাপন হয়। দিনটোৰ ২৪ ঘণ্টা ৰাজপথত থাকি নিজৰ পৰিয়ালটোৰ বাবে অন্ন-বস্ত্ৰ যোগাৰ কৰিব নোৱোৰাৰ অভিযোগ উত্থাপন হয়৷ বহু মালিক আৰু চালক মানসিক ভাৱে ভাঙি পৰে। 

সোণমণি কলিতাই তেনে এটা পৰিৱেশত পৰাৰ সন্দেহ কৰা হৈছে৷ অসমৰ নিবনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰাৰ ফলতেই আজি সোণমণিয়ে ব্ৰহ্মপুত্ৰত জাঁপ দিব লগা হ’ব বুলি অভিযোগ উত্থাপন কৰে একাংশ সংগীয়ে৷ বিদেশী প্ৰতিষ্ঠনসমূহে নিবনুৱাৰ তেজ শুহি খোৱাৰ অভিযোগ উত্থাপন হয়৷ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, পৰিবহণ মন্ত্রী, উপায়ুক্তক এনে সমস্যা সমূহৰ কথা জনোৱা হৈছিল যদিও গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হয়৷  ইতিমধ্যে যুৱকজনক উদ্ধাৰৰ বাবে SDRF আৰু NDRF বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈ মৃতদেহ উদ্ধাৰ হোৱা নাই৷