নতুন দিল্লীঃ জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত সামৰণি পৰিল দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। আজি সম্পন্ন হোৱা ভোটগ্ৰহণত প্ৰায়বোৰ ভোটগ্ৰহণ কেন্দ্ৰতে পৰিলক্ষিত হৈছে ভোটাৰৰ সেৰেঙা উপস্থিতি। পুৱাৰ ভাগত অধিকাংশ ভোটগ্ৰহণ কেন্দ্ৰতে মাত্ৰ ১০-১৫ শতাংশ ভোটাৰেহে ভোট দান কৰে। অৱশ্যে দুপৰীয়াৰ পিছত কেন্দ্ৰসমূহত ভোটাৰৰ সামান্য ভিৰ আৰম্ভ হ’বলৈ লয়।

নিৰ্বাচনৰ আয়োগৰ ৱেবছাইটত প্ৰকাশিত তথ্য অনুযায়ী সন্ধিয়া ৬ বজা পৰ্যন্ত ভোটদানৰ হাৰ হৈছে মাত্ৰ ৫৭ শতাংশ। বিগত নিৰ্বাচনত এই হাৰ আছিল ৬৭ শতাংশ। কোনো কোনো কেন্দ্ৰত ভোটগ্ৰহণ সন্ধিয়া ৬ বজাতো অন্ত পৰা নাই যদিও ইতিমধ্যে ঘোষণা কৰা হৈছে এগজিট পোল। এই এগজিট পোলে পুনৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টী চমুকৈ আপে দিল্লীত চৰকাৰ গঠন কৰাৰ একপ্ৰকাৰ স্পষ্ট ইংগিত দিয়া দেখা গৈছে। সেয়া হ’লেও ২০১৫ৰ নিৰ্বাচনৰ তুলনাত এইবাৰ আম আদমী পাৰ্টীৰ আসনৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱাৰো সম্ভাৱনা দাঙি ধৰিছে এগজিট পোলসমূহে।

টাইমছ নাওৰ এগজিট পোল অনুযায়ী দিল্লীৰ ৭০ টা সমষ্টিৰ ভিতৰত আপে ৪৪খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ২৬খন আসন লাভ কৰাৰ অনুমান ব্যক্ত কৰা হৈছে। টিভি-৯ ভাৰতবৰ্ষ-চিছেৰোৰ মতে আপে ৫৪খন আৰু বিজেপিয়ে ১৫খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। সুদৰ্শন নিউজৰ এগজিট পোলত আপক ৪০-৪৫ আৰু বিজেপিক ২৪-২৮খন আসন দিয়া হৈছে। 

ৰিপাব্লিক টিভিৰ এগজিট পোলত সম্ভাৱনা ব্যক্ত কৰা হৈছে যে আপে এইবাৰ ৪৮-৬১ খন আৰু বিজেপিয়ে ৯-২১খনৰ ভিতৰত আসন লাভ কৰিব। এবিপি নিউজ-চি ভোটাৰে আপে ৪৯-৬৩ আৰু বিজেপিয়ে ৫-৯খন আসন পাব বুলি অনুমান কৰিছে। ইণ্ডিয়া নিউজ-নেতাৰ এগজিট পোলে আপে ৫৩-৫৭খন আৰু বিজেপিয়ে ১১-১৭খন আসন লাভ কৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে। 

উল্লেখ্য যে ২০১৫ৰ নিৰ্বাচনত অৰবিন্দ কেজৰিৱালে সাব্যস্ত কৰিছিল এক ঐতিহাসিক বিজয়। নৱগঠিত দলটোৱে সেইবাৰ মোদী টৌকো ওফৰাই মুঠ ৭০খন আসনৰ ৬৭খনতে লাভ কৰিছিল বিজয়। বাকী থকা মাত্ৰ ৩খন আসন লাভ কৰিছিল বিজেপিয়ে। উক্ত নিৰ্বাচনত কংগ্ৰেছে এখনো আসন লাভ কৰিবলৈ সমৰ্থ নহ’ল যদিও এইবাৰৰ এগজিট পোলত কংগ্ৰেছে অতি কমেও দুই তিনিখন আসনত জয়ী হ’ব পাৰে বুলি অনুমান ব্যক্ত কৰা দেখা গৈছে।

টাইমছ নাওৰ এগজিট পোলে কংগ্ৰেছে এখনো আসন নাপাব বুলি ব্যক্ত কৰাৰ বিপৰীতে বাকী আটাইকেইটা এগজিট পোলেই কংগ্ৰেছ দলক সৰ্বনিম্ন ১খনৰ পৰা সৰ্বাধিক ৪খন আসন লাভ কৰাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে। সুদৰ্শন নিউজৰ এগজিট পোলে কংগ্ৰেছক ১-২খন আসন, টিভি-৯ ভাৰতবৰ্ষই ১খন, ৰিপাব্লিকে ০-১খন, এবিপি নিউজে ০-৪খন, ইণ্ডিয়া নিউজে ০-২খন আৰু ৰিপাব্লিক টিভিয়ে কংগ্ৰেছে এইবাৰৰ নিৰ্বাচনত ০-১খন আসন লাভ কৰিব পাৰে বুলি অনুমান কৰিছে।

২০১৫ৰ নিৰ্বাচনত আপে ৫৪.৩ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছিল ৩২.৩ শতাংশ ভোট। আনহাতে ১৯৯৮-২০১৩লৈকে ১৫ বছৰ শাসনত থকা কংগ্ৰেছে সেইবাৰ লাভ কৰিছিল মাত্ৰ ৯.৭ শতাংশ ভোট। ইয়াৰ দুবছৰ পূৰ্বে ২০১৩ৰ বিধানসভা নিৰ্বাচনত আপে ২৮খন আসন লাভ কৰি ৮খন আসন লাভ কৰা কংগ্ৰেছৰ চৰ্তহীন সমৰ্থনত চৰকাৰ গঠন কৰিছিল যদিও পিছত মাত্ৰ ৪৯ দিনহে বৰ্তি আছিল। উক্ত বৰ্ষত বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতাৰ পৰা মাত্ৰ ৪খন আসন কমকৈ মুঠ ৩২খন আসনত জয় লাভ কৰাত চৰকাৰ গঠন কৰিবলৈ অপাৰগ হৈ পৰে।

এনেদৰে এগজিট পোলৰ অন্তত আপেই পুনৰ দিল্লীত চৰকাৰ গঠন কৰাৰ ইংগিত পোৱা গ’লেও প্ৰকৃত ছবিখন জানিবলৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰতিজনেই এতিয়া বাট চাই ৰৈছে ফলাফল ঘোষণাৰ দিনটোলৈ। ১১ ফেব্ৰুৱাৰীৰ ফলাফল ঘোষণাৰ দিনাই স্পষ্ট হৈ পৰিব যে দাবী কৰা ধৰণে কেজৰিৱাল নেতৃত্বাধীন আপ চৰকাৰখনে দিল্লীবাসীক যোৱা ৫ বছৰত কিমান সন্তুষ্ট কৰিব পাৰিছে।