Firstpost
Firstpost

ডিজিটেল ডেস্কঃ দেশত আৰম্ভ হৈছে মূৰ্তি ভঙাৰ প্ৰতিযোগিতা৷ ত্ৰিপুৰাৰ পৰা আৰম্ভ হোৱা এই লেতেৰা খেল খন ওৰ পৰাৰ নাম লোৱা নাই৷ এইবাৰ মধ্যপ্ৰদেশৰ জব্বলপুৰত দুৰ্বৃত্তই ভাঙিলে নেতাজী সুভাষ চন্দ্ৰ বসুৰ মূৰ্তি৷ প্ৰথমে নেতাজীৰ মূৰ্তিত লাল ৰঙ সানে দুৰ্বত্তই৷

তাৰ পিছতেই ভাঙি পেলাই মূৰ্তিটো৷ এই ঘটনাৰ পিছতেই সমগ্ৰ মধ্য প্ৰদেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ শুকুৰবাৰে এই ঘটনা সংঘটিত হয়৷ স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ দেশৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে কেইবাগৰাকী মহান মনীষীৰ মূৰ্তি ভাঙি পেলোৱা হৈছে৷

ত্ৰিপুৰাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই একাংশ বিজেপিৰ সমৰ্থকে লেনিনৰ মূৰ্তি ভাঙি পেলাইছিল৷ তাৰ পিছতেই দেশত মূৰ্তি ভঙাৰ ৰাজনীতি আৰম্ভ হয়৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এনে ঘটনাক সমৰ্থন নকৰো বুলি উল্লেখ কৰিছে৷ কিন্তু প্ৰধানমন্ত্ৰীৰ আহ্বানকো নেওচি দুৰ্বৃত্তই মূৰ্তি ভাঙি গৈছে৷