গোলকগঞ্জঃ এনআৰচিক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ উদ্দ্যোগত শনিবাৰে এখন সভা অনুষ্ঠিত হয়৷ NRC, ডি-ভোটাৰ আৰু আগন্তুক পঞ্চায়ত নিৰ্ব্বাচন সম্পৰ্কে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত সভাত কেইবাশতাধিক লোক উপস্থিত থাকে৷

ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত সভাখন মতিচৰ গাঁও পঞ্চায়তত অনুষ্ঠিত হয়৷ স্থানীয় কংগ্ৰেছ নেতা সিৰাজুল হকৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী নজিবুল ওমৰ, প্ৰাক্তন বিধায়ক জাহান উদ্দিন, ধুবুৰী জিলা কংগ্ৰেছ সমিতিৰ উপ-সভাপতি হাজী ইছা হক চৌধৰী, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগম, জিলা সেৱা দলৰ নেতা ৰেজাউল ইছলাম, যুৱ কংগ্ৰেছৰ সভাপতি আৰিফুল ইছলাম উপস্থিত থাকে।

সভাত সভানেত্ৰী বেবী বেগমে UDF আৰু B J P দলক কঠোৰ তীব্ৰ সমালোচনা কৰে৷ NRC, ডি-ভোটাৰক লৈ ৰাইজক আতংকিত নহবলৈ অনুৰোধ জনায়।