অসমীয়া মানুহবোৰ বৰ আৱেগিক। বিচাৰ বুদ্ধি নোহোৱাৰ দৰে। ওপৰে ওপৰে মন্তব্য দিয়ে। প্ৰকৃত সত্য নাজানিলেও 'আৱেগিক কমেণ্ট' কৰে। জানিবও নিবিচাৰে প্ৰকৃত সত্য।

মানুহবোৰো হিংস্ৰ। শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা কেইটামান ভিডিঅ' চালে অসমীয়া বুলি ক'বলৈ লাজ লাগে। সৰু ল'ৰা এটাক বৰ্বৰ ভাবে প্ৰহাৰ কৰা ভিডিঅ' চোৱাৰ পিছত নিজকে নিজে প্ৰশ্ন কৰিছো, আমি কোন দিশে গতি কৰিছো। ল'ৰাটোক কাপোৰ থেকেচাৰ দৰে দলিয়াই দিয়াৰ সময়ত একাংশই ভিডিঅ' কৰাতহে ব্যস্ত আছিল। তেনেকুৱা বহুত ভিডিঅ' এতিয়া সূলভ। এয়া জীৱশ্ৰেষ্ঠ মানুহৰ দানৱীয় কাণ্ড।

অসমত অজস্ৰ সংগঠন। ইমানবোৰ সংগঠন থকাৰ পিছতো সমস্যাৰে ভাৰাক্ৰান্ত অসম (মোৰ মতে ক'তো একো সমস্যা নাই। নিজে ভাবি লোৱা সমস্যা। ভালদৰে খাই বৈ থাকিলেই হয়)। সংগঠনৰ নেতাসকলৰ ৰজাঘৰীয়াৰ দুৰ্নীতি, অনিয়ম, স্বজন তোষণৰ বিৰুদ্ধে জোৰদাৰ কণ্ঠ। পৰৱৰ্তী সময়ত জাতীয়তাবাদী বা ৰাষ্ট্ৰীয়তাবাদী সংগঠনৰ নেতাসকলেই ৰাজনীতিত নামি, নিৰ্বাচনত জিকি ৰজাঘৰীয়া হয়। এক চক্ৰৱৎ প্ৰক্ৰিয়া। আগতে ৰজাঘৰীয়াৰ বিৰুদ্ধে যুঁজিছিল। এতিয়া নিজেই শাসকীয় দলত থাকি ৰজাঘৰীয়া। সমস্যাৰ কিন্তু শেষ নহয়।

আগতেও কৈছো। আজিও কওঁ। মানুহবোৰেই ধুৰ। বজ্জাত। বুদ্ধিজীৱী বুলি ভবা মানুহেই আগপিছ নাভাবি সাম্প্ৰদায়িক মন্তব্য কৰা দেখিছো। উচটনিমূলক কলম লিখা দেখিছো। গতিকে সাধাৰণ মানুহ হৈ থকাই ভাল।

পূৰ্ববংগীয় মূলৰ মুছলমান লোকসকল যথেষ্ট পৰিশ্ৰমী। অসমৰ কৃষি অৰ্থনীতি ধৰি ৰাখিছে পূৰ্ববংগীয় মূলৰ মুছলমান লোকে। তেওঁলোক এতিয়া বেছি অসমীয়া। অসমৰ সমাজৰ মাজত জীণ গৈছে তেওঁলোক। নিজৰ অভিজ্ঞতাৰে কৈছো। 

কিন্তু পৰৱৰ্তী সময়ত বাংলাদেশৰ পৰা হোৱা অবৈধ প্ৰব্ৰজনকাৰীৰ বাবে এতিয়া বৃটিছৰ দিনত অহা লোকসকলে নিৰাপত্তাৰ শংকাত ভূগিছে। পিছে তেওঁলোকৰ কোনো ভয় নাই। তেওঁলোক অসমীয়া।

লাফিকুলৰ মৃত্যুক অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে গৰিহণা দি ইয়াৰ প্ৰমাণ দিছে। 
কিন্তু এটা কথা, লাফিকুলৰ মৃত্যু দুখজনক হ'লেও তেওঁৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ শুনিছো। গৰু ছিণ্ডিকেটৰ পৰা ধনদাবী কৰা বুলি বহুতে ফেচবুকত লিখা দেখিছো। ব্লেকমেইলিং কৰি ধন ঘটিছিল লাফিকুলে।

এইবোৰ শুনা কথা যদিও আওকাণ কৰিবও নোৱাৰি। তাতে আকৌ ভাতৃয়ে 'মিডল-ইষ্ট'ৰ নাম লৈ ভাবুকি দিয়াটোৱেই বিষয়টোক অধিক বিতৰ্কিত কৰি তুলিছে।

সি যি নহওক, প্ৰকৃত সত্য নজনাকৈ আৱেগিক মন্তব্য কৰা উচিত নহয়। ময়ো নাজানো। সেয়ে আৱেগিক মন্তব্য কৰা নাই। মাত্ৰ মনৰ মাজত খু-দুৱাই থকা কথাখিনি বেকত কৰিলো।

(বিঃদ্ৰঃ লেখাটোৰ প্ৰতিটো কথা, প্ৰতিটো বাক্য লেখকৰ নিজা মন্তব্য। ইয়াৰ সৈতে newsnextone.comৰ কোনোধৰণৰ সম্পৰ্ক নাই।)