ৰবাৰ্টচন তাঁতী, ডিমাকুছিঃ ১ নং উত্তৰ ডিমাকুছিৰ বাগানতাৰিত বন্যহস্তীয়ে প্ৰবেশ কৰি কেইবাটাও পৰিয়ালৰ ঘৰ ভাঙি তচনচ কৰে৷

এতিয়াও (পুৱাৰ ভাগত)বন্যহস্তীৰ বৃহৎ দল এটাই গাঁওখনৰ ওচৰতে থকা বৰঙাজুলি চাহ বাগিচাত আশ্ৰয় লৈ থকাত ৰাইজৰ মাজত আতংক৷ বনবিভাগে খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে৷

ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত হাতী-মানুহৰ সংঘাতৰ ফলত চলিত বৰ্ষত ১৪ টা নিৰিহ লোকৰ প্ৰান হানি হোৱাৰ বিপৰিতে ৪ টা হাতীৰ মৃত্যু হয়৷