ডিমৌঃ শিৱসাগৰ জিলাৰ ডিমৌ বকতা নেমুগুৰি দিউৰীটিং ফেকেলনী গাঁৱৰ দুটি কণমানি শিশুৰ লোমহৰ্ষক হত্যাকাণ্ডৰ  প্ৰতিক্ৰিয়া অব্যাহত আছে। বৃহস্পতিবাৰে বিয়লি ফেকেলানী গাঁৱৰ নলনীৰ মাজত ছিন্ন-ভিন্ন, ক্ষত-বিক্ষত অৱস্থাত গাঁওখনৰ ৰমেশ বাউৰী আৰু মনোজ বাউৰী নামৰ শিশু দুটিৰ মুণ্ডচ্ছেদ কৰাৰ লগতে পৈশাচিক বৰ্বতাৰে টুকুৰা-টুকুৰকৈ কাটি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিল। এইদৰে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত পঢ়ি  থকা নিষ্পাপ শিশু দুটিক একপ্ৰকাৰ বলি দিয়াতে ক্ষান্ত নাথাকি  হত্যাকাৰীয়ে নিষ্ঠুৰতাৰ সীমা অতিক্ৰমি জ্বলাই দিছিল মৃতদেহ।

উল্লেখ্য যে, ১৭ ফেব্ৰুৱাৰীতে নিৰুৰ্দিষ্ট হোৱা শিশু দুটাৰ মৃতদেহৰ অংশসমূহ বৃস্পতিবাৰে নলনিৰ মাজত স্হানীয় লোকে পৰি থকা প্ৰত্যক্ষ কৰে। যাৰবাবে বকতা-নেমুগুৰি আৰক্ষী থানাৰ লগতে শিৱসাগৰ আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ আৰু প্ৰতিবাদ এতিয়াও অব্যাহত আছে। আৰক্ষীৰ সৈতে ক্ষুদ্ধ লোকৰ তুমুল খণ্ডযুদ্ধ, হতাহতিৰ ঘটনা সংঘটিত হেৱাৰ পিছত  শিশু হত্যাত জড়িত একে গাঁৱৰে ভাইকণ মুৰাৰাক বৃহস্পতিবাৰেই বিয়লি নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছতো পৰিস্হিতি উত্তপ্ত হৈ ৰয়।

পিছত শিৱসাগৰৰ উচ্চ পদস্ত আৰক্ষী বিষয়াৰ লগতে দণ্ডাধীশৰ উপস্থিতিত নিশা শিশু  দুটিৰ মৃতদেহৰ অংশ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়। কিন্তু শুকুৰবাৰে পুনৰ ঘটনাস্থলীত আৰক্ষীয়ে মৃতদেহৰ দাঁত, বুকুৰ হাড় আদি উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰীয়ে ব্যৱহাৰ কৰা এডাল ধান কঢ়িওৱা বিৰিয়া আৰু এখন ৰঙা ৰঙৰ গামোচা উদ্ধাৰ  কৰে।

ইফালে আৰক্ষীৰ বিৰুদ্ধে এতিয়াও বিভিন্ন শ্লোগান দি বকতা দিউৰীটিংৰ সহস্ৰাধিক লোক ফেকেলনী পথাৰত প্ৰতিবাদ অব্যাহত ৰাখিছে। এই বাতৰি প্ৰস্তত কৰা সময়লৈকে মৰণোত্তৰ পৰীক্ষাৰ পৰা শিশু দুটিৰ মৃতদেহ আহি পোৱা নাই। মৃতদেহ আহি পোৱাৰ লগে লগে পুনৰ অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।