rahul-gandhi-twitter

ডিজিটেল ডেস্কঃ মঙলবাৰে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনীয়া গান্ধীৰ আৱাসত ডিনাৰ পাৰ্টি আয়োজন কৰে৷ ১০ জন পথত আয়োজন কৰা ডিনাৰ পাৰ্টিত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দল সহ দেশৰ ১৯টা দল উপস্থিত থাকে৷ 

পাৰ্টিৰ জৰিয়তে ২০১৯ চনৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দল সাজু হোৱা বুলি ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে৷ অহা বছৰ অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত দেশৰ ৰাজনীতিৰ সমীকৰণ সলনি কৰাৰ উদ্দেশ্যে আৰু বিজেপি বিৰোধী মিত্ৰ জোঁট গঠনৰ বাবে এই পাৰ্টিৰ আয়োজন কৰা বুলি চৰ্চা আৰম্ভ হৈছে৷ 

বৰ্তমান সময়ত দেশৰ দ্বিতীয়টো বৃহৎ দল কংগ্ৰেছৰ ডিনাৰ পাৰ্টিত ১৯টা দলৰ প্ৰধানসকল উপস্থিত থাকে৷ ইয়াৰ দ্বাৰা ইয়াকে প্ৰমাণ হয় আগন্তুক নিৰ্বাচনৰ বাবে ডিনাৰ পাৰ্টিত আলোচনা হোৱাৰ সম্ভৱনা অধিক৷ 

যুৱৰাজ ৰাহুল গান্ধী যদিও দলৰ সভাপতিৰ দায়িত্ব লৈছে তথাপিও মাতৃ ছোনীয়া গান্ধীয়ে দল আৰু ইউপিএৰ নেতৃত্ব আওপকীয়াকৈ লৈ আহিছে বুলি ৰাজনৈতিক মহলত সৰৱ চৰ্চা আৰম্ভ হৈছে৷ 

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনীয়া গান্ধী, কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী, কংগ্ৰেছ নেতা গোলাম নবী আজাদ, মল্লিকা অৰ্জুন খড়গে, আহমেদ পেটেল, একে এন্টনী, ৰণদ্বীপ সুৰজেৱালা উপস্থিত থাকে৷

সমাজবাদী পাৰ্টিৰ নেতা ৰাম গোপাল যাদৱ, ইউডিএফৰ নেতা বদৰুদ্দিন আজমল, এনচিপিৰ নেতা শাৰদ যাদৱ, আৰজেডিৰ নেতা তথা লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱ, কন্যা মিছা ভাৰতী, নেছনেল কনফাৰেছনৰ নেতা ওমৰ আব্দুল্লা, জেএমএমৰ নেতা হেমন্ত চোৰেণ, আৰএলডিৰ নেতা অজিত সিং উপস্থিত থাকে।

চিপিআইৰ নেতা ডি ৰাজা, চিপিএমৰ নেতা মহম্মদ চেলিম, ডিএমকেৰ নেত্ৰী কাণি মুঝি, মুছলিম লীগৰ কে আবুকাদেৰ কুট্টী, বিএছপিৰ নেতা সতীশ চন্দ্ৰ মিশ্ৰ, কেৰল কংগ্ৰেছৰ নেতা বাবু লাল মাৰাণ্ডী, আৰএছপিৰ ৰাম চন্দন, ভাৰতীয় ট্ৰাইবেল পাৰ্টিৰ নেতা শাৰদ যাদৱ, টিএমচিৰ সুদীপ বন্দোপধ্যায়, হিন্দুস্তান আৱাম মঞ্চৰ নেতা জিতেন ৰাম মাঝি, জেডি এছৰ নেতা ড০ কুপেন্দ্ৰ ৰেড্ডী ডিনাৰ পাৰ্টিত উপস্থিত থাকে৷