ডিফুঃ পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুৰ একমাত্ৰ চৰকাৰী মহাবিদ্যালয় খনৰ বাবে এক সুখবৰ ৷ প্ৰাপ্ত খবৰ অনুসৰি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদৰ অধীনত ২০১৯ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিফু চৰকাৰী মহাবিদ্যালয়ে অসমৰ ভিতৰত সৰ্বশ্ৰেষ্ট মূল্যায়ণ মণ্ডল হিচাপে সম্মান পাইছে ৷ 

মহাবিদ্যালয় খনৰ অধ্যক্ষ ডা: নিৰব কুমাৰ শৰ্মাই সাংবাদিকৰ আগত মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক মূল্যায়ণ মণ্ডল হিচাপে ১৪৩ খন মূল্যায়ণ মণ্ডলৰ ভিতৰত সৰ্বশ্ৰেষ্টৰ সন্মান অৰ্জন কৰাত তেওঁ যথেষ্ঠ সুখী আৰু গৌৰৱ অনুভব কৰিছে বুলি জনাইছে ৷ 

যোৱা বুধবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদৰ আমন্ত্ৰণ মৰ্মে গুৱাহাটীত অসমৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ পৰা মহাবিদ্যালয় খনৰ অধ্যক্ষ গৰাকীৰ হৈ ৰসায়ণ বিভাগৰ আৰু ইংৰাজী বিভাগৰ প্ৰৱক্তা ৰূপন নাৰ্জাৰী বৰকাকতীয়ে গ্ৰহণ কৰে বুলি জানিব দিছে ৷