খেৰণিঃ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ডিফু লোকসভা সমষ্টিৰ নিৰ্বাচনক লক্ষ্য কৰি পাহাৰীয়া জিলা ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত ক্রমান্নয়ে তীব্ৰ গতিত বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী প্ৰচাৰৰ তৎপৰতা আৰু ব্যস্ততা। নিৰ্বাচনত জয়ী হোৱাৰ আপ্ৰাণ চেষ্টা আৰু লক্ষ্যৰে ৰাজনৈতিক দলসমূহে ইটোৰ পিছত সিটোকৈ কাৰ্বি পাহাৰৰ বিভিন্ন স্থানত ব্যাপকভাৱে চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান। 

এফালে যদি ৰাইজৰ মনৰপৰা বিজেপিক প্ৰত্যাখ্যান কৰোৱাৰ বাবে কংগ্ৰেছে অভিসন্ধি ৰচি আসন দখলৰ চেষ্টা চলাইছে আনফালে আকৌ শাসনাধিষ্ঠ বিজেপি দলে কংগ্ৰেছক প্ৰত্যাহ্বান জনায় নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ জিলাখনত বিজেপিৰ ৰথী-মহাৰথী, মন্ত্ৰী আমোলাক নমাই আনি নিৰ্বাচনী প্ৰচাৰ চলাইছে। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অংশৰূপে বুধবাৰে কাৰ্বি আংলঙৰ বকলিয়াঘাট, খেৰণি আৰু ডিমা হাছাওৰ হাফলঙত আয়োজন কৰা তিনিখনকৈ বিজেপি সভাত স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ লৈ বিজেপিৰ প্ৰাৰ্থী হৰেন ছিং বে'ৰ হৈ মৰাথান নিৰ্বাচনী প্ৰচাৰ চলায়। 

আয়োজিত বিশাল জনসভাত মুখ্যমন্ত্ৰীৰ বিপৰীতে বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী হৰেনছিং বে'ৰ লগতে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং, প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেং, পূব কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ৰতন টেৰণ, পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ উপ-সভাপতি দিত্যলাল হাষ্ণু, প্ৰমুখ্যে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্যসকল আৰু পৰিষদীয় সদস্যসকল অৰ্থাৎ টীম কাৰ্বি আংলঙৰ সদস্যসকলৰ লগতে কেবা সহস্ৰাধিক পুৰুষ-মহিলা আৰু বিজেপি সমৰ্থক উপস্থিত থাকে৷ সভাত ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে "কংগ্ৰেছে বৈষম্য নীতি অৱলম্বন কৰি জনতাৰ মাজত বিভাজন আনিছিল, ভাতৃ সংঘৰ্ষ, আন্তঃৰাষ্ট্ৰীয় বিবাদ, সাম্প্ৰদায়িক সংঘাত আদিৰ ৰচনা কৰি দেশত অথবা ৰাজ্যত বিশৃংখল আৰু অশান্তিৰ সৃষ্টি কৰিছিল"। 

বিশেষকৈ অসমৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰৰ দিনত কেন্দ্ৰীয় চৰকাৰে উন্নয়ন আৰু বিকাশৰ নামত পিঠি দি অথবা গা এৰা দি চলিছিল। দেশীয় সীমা ৰক্ষাৰ ক্ষেত্ৰত, সন্ত্ৰাসবাদী অথবা উগ্ৰপন্থী আদি দমনৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰে নীৰৱ ভূমিকা পালন কৰিছিল কিন্তু বিপৰীতে বিজেপি চৰকাৰে তাৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু প্ৰত্যুত্তৰ দি গৈছে, তাৰ এক গৌৰাম্বিত কৰিব পৰা দেশ ৰক্ষা অথবা জাতি ৰক্ষা কৰাৰ উদাহৰণ হৈছে পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ বিজেপি চৰকাৰৰ। গতিকে দেশ আৰু জাতি ৰক্ষাৰ স্বাৰ্থত, পৰিৱর্তনৰ স্বাৰ্থত, উন্নয়ন-বিকাশৰ স্বাৰ্থত, নিবনুৱা সমস্যা সমাধানৰ স্বাৰ্থত কংগ্ৰেছক বিদায় দিব লাগিব আৰু বিকল্প চিন্তা কৰিব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। 

লগতে বিজেপিৰ প্ৰাৰ্থী হৰেন ছিং বে'ক ৰাইজৰ বহুমূলীয়া ভোট দান কৰি বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইপিনে সভাত উপস্থিত থকা কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও বিজেপিৰ প্ৰাৰ্থী হৰেনছিং বে'ৰ হৈ ৰাইজক বিজেপিত ভোট দান কৰি বিজেপিৰ প্ৰাৰ্থীক বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ আহ্বান জনাই ৰাইজক এইবুলি কয় যে সংবিধানৰ অনুচ্ছেদ ২৪৪(ক)-ৰ জৰিয়তে স্বায়ত্ত শাসিত ৰাজ্যৰ যি দাবী সেই দাবী পূৰণ কৰাৰ স্বাৰ্থত এম অ এছ আৰু এম অ ইউ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ স্বাৰ্থত আমি ডিফু লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰাবই লাগিব। আৰু তাৰ পিছতহে কাৰ্বি আংলঙৰ ৰাইজে দীৰ্ঘদিন ধৰি দেখি থকা সপোন, আশা আৰু আকাংক্ষাবোৰ বাস্তৱ ৰূপত দেখা পাবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে তুলিৰাম ৰংহাঙে। 

ইতিমধ্যে ৰাজ্য চৰকাৰে বিশেষ আৰ্থিক সাহাৰ্য প্ৰদানেৰে কাৰ্বি আংলঙত ক্ৰীড়া ষ্টেডিয়াম নিৰ্মাণৰ নামত ২৬০ কোটি টকা, ৰাস্তা ঘাট নিৰ্মানৰ বাবে ১০০ কোটি টকাৰ আবন্টন দিয়াৰ বিপৰীতে উচ্চ শিক্ষানুষ্ঠান, চিকিৎসা মহাবিদ্যালয় স্থাপন আদিৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰিছে ৰাজ্যিক বিজেপি চৰকাৰে এই পাহাৰীয়া জিলাখনৰ বাবে বুলি প্ৰকাশ কৰে তুলিৰাম ৰংহাঙে।

উল্লেখ্য যে কালি অনুষ্ঠিত কৰা খেৰণিৰ জনসভাত মুখ্যমন্ত্ৰীৰ উপস্থিতিত বৃহত্তৰ ডিফু লোকসভা সমষ্টিৰ প্ৰায় ৩০০০ ৰো অধিক পুৰুষ মহিলাই বিৰোধী কংগ্ৰেছ, এ এছ ডি চি, অ গ প দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।