ডিফুঃ চলিত বৰ্ষৰ জানুৱাৰী মাহত ডিফুত অনুষ্ঠিত ফাৰ্ষ্ট ডান ব্লেক বেল্ট পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ মাজত প্ৰমাণ-পত্ৰ বিতৰণ কৰা হয়৷

শণিবাৰে কাৰ্বি আংলং ছট'কান কেৰাটে ডু এছ'চিয়েছনে ডিফুৰ খৰচিং তেৰাঙ মেম'ৰিয়েল পাৰ্কত আয়োজন কৰা এক অনুষ্ঠানত চলিত বৰ্ষৰ ৩ জানুৱীৰীত অনুষ্ঠিত হোৱা ব্লেক বেল্ট পৰীক্ষাত উত্তীৰ্ণ হোৱা ৪০ গৰাকী শিক্ষাৰ্থীৰ মাজত প্ৰমাণ-পত্ৰ বিতৰণ কৰা হয়৷ 

কাৰ্বি আংলং ছট'কান কেৰাটে ডু এছ'চিয়েছনৰ সভাপতি ৰতন ইংতিয়ে প্ৰমাণ-পত্ৰসমূহ বিতৰণ কৰে। ৰতন ইংতিক সহায় কৰে আছাম ছট'কান কেৰাটে ডু এছ'চিয়েছনৰ ষ্টাইল চীফ পূৰ্ণ তিমুঙে৷