বিশেষ বাতৰিঃ ৰাজ্যত কৰ’নাৰ সন্ত্ৰাস, আনফালে চৰকাৰৰ স্বাস্থ্য বিভাগৰ টোঘলকী কাণ্ড! উল্লেখ্য যে, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে চলিত বৰ্ষৰ ৬ মে’ত অন্যান্য পদৰ লগতে ২০১টা  ষ্টাফ নাৰ্ছৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। সেই অনুসৰি  ৰাজ্যৰ বিভিন্ন জিলাৰ হেজাৰোধিক বিএছচি নাৰ্ছিং, জিএনএম প্ৰাৰ্থীয়ে অনলাইন যোগে প্ৰ-পত্ৰ পূৰণ কৰাৰ পিছত যোৱা ৬ জুলাইত সাক্ষাৎকাৰৰ বাবে প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা প্ৰকাশ পায়।

ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি অসমৰ বিভিন্ন জিলাৰ হাজাৰোধিক সাক্ষাৎকাৰ প্ৰাৰ্থীৰ সাক্ষাৎকাৰ অহা ১৪ জুলাইৰপৰা ২১ জুলাইলৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব। ইফালে সমগ্ৰ গুৱাহাটী মহানগৰীত কৰ’নাৰ বাবে উক্ত সময়ছোৱাত অব্যাহত থাকিব লকডাউন। বিশেষকৈ পূৰ্বে ১২ জুলাইত লকডাউন অন্ত পৰাৰ কথা আছিল যদিও শনিবাৰে মহানগৰীত লকডাউন আৰু ৭ দিনলৈ বৃদ্ধি কৰাত এতিয়া বিমোৰত পৰিছে প্ৰাৰ্থীসকল।

এনে পৰিস্থিতিত গুৱাহাটীৰ সাক্ষাৎকাৰ প্ৰাৰ্থীসকলৰ বাদে বাকী জিলাসমূহৰ প্ৰাৰ্থীসকলে গুৱাহাটীত গৈ কিদৰে সাক্ষাৎকাৰ প্ৰদান কৰিব তাক লৈ সৃষ্টি হৈছে ব্যাপক অনিশ্চয়তা। সাক্ষাৎকাৰ প্ৰাৰ্থীসকলে কিবা উপায়েৰে গুৱাহাটীলৈ গ’লেও স্বাস্থ্য বিভাগৰ নিয়ম অনুযায়ী উভতি আহি থাকিব লাগিব কোৱাৰেণ্টাইনত।

আনহাতে, বিভিন্ন চৰকাৰী চিকিৎসালয়ত অস্থায়ী ৰূপত কৰ্মৰত জিএনএম, বিএছএচি ষ্টাফ নাৰ্ছসকলৰ কভিড-১৯ৰ কৰ্তব্যৰ সূচী তৈয়াৰ হৈছে। এনে পৰিস্থিতিত সৃষ্টি হৈছে তীব্ৰ কাৰিকৰী বিসংগতিৰ। গুৱাহাটীত বলৱৎ হৈ থকা লকডাউনৰ পিছতো চৰকাৰে গুৱাহাটীত কি কাৰণত সাক্ষাৎকাৰ অনুষ্ঠিত কৰিবলৈ লৈছে সেয়া অবুজ সাঁথৰ হৈ পৰিছে প্ৰাৰ্থীসকলৰ বাবে।

এই লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লখিমপুৰ জিলা ছাত্ৰ সন্থাই। ছাত্ৰ সংগঠনটোৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ধনমণি দত্তই কয় যে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত নাৰ্ছ নিযুক্তিৰ বাবে প্ৰায় ৫০০ কিলোমিটাৰ দূৰৰ গুৱাহাটীত ইণ্টাৰভিউ অনুষ্ঠিত কৰাতো কোনোপধ্যে যুক্তিসংগত হ’ব নোৱাৰে। 'লখিমপুৰ মেডিকেল কলেজৰ ষ্টাফ নাৰ্ছৰ বাবে ইণ্টাৰভিউ পাতিছে। সেই ইণ্টাৰভিউ গুৱাহাটীত লোৱাৰ কাৰণ কি? গুৱাহাটীৰ পৰিস্থিতি বৰ্তমান একেবাৰে বেয়া। লকডাউন চলি আছে তাত। ইমানৰ পিছতো স্বাস্থ্য বিভাগে কি কাৰণত এনে সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া আশ্চৰ্যকৰ।’-এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ছাত্ৰনেতা দত্তই।

তেওঁ আৰু কয়, 'আমি সেই কংগ্ৰেছৰ দিনৰে পৰা লখিমপুৰত মেডিকেল কলেজৰ বাবে দাবী জনাই আহিছো। অৱশেষত সেয়া বাস্তৱত পৰিণত হ’ল। ইয়াত অসমৰ যোগ্য সকলোৱে নিযুক্তি পাব পাৰে। কিন্তু তাৰ মাজতো বেছি নহ’লেও অন্তত ৮০ শতাংশ লখিমপুৰৰ স্থানীয় প্ৰাৰ্থীয়ে নিযুক্তি পোৱাতো আমি বিচাৰো। কিন্তু স্থানীয় প্ৰাৰ্থীসকলক বঞ্চিত কৰিবৰ বাবে এতিয়া লকডাউন চলি থকা গুৱাহাটীত ইণ্টাৰভিউ পাতিছে। এয়া আমি কোনোপধ্যে মানি ল’ব নোৱাৰো।’

ছাত্ৰ নেতাজনে উক্ত সাক্ষাৎকাৰ লখিমপুৰত অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিবলৈকো দাবী জনায়। 'আমি ইতিপূৰ্বে মেডিকেল কলেজ কৰ্তৃপক্ষক সাক্ষাৎকাৰ লখিমপুৰতে অনুষ্ঠিত কৰিবলৈ দাবী জনাইছিলো। আমাৰ জিলাখন বানে বিধ্বস্ত জিলা। ইয়াত বহু নিবনুৱা আছে। গতিকে কিছু সংস্থাপনৰ সুযোগ সৃষ্টি হৈছে আৰু এই সুযোগৰ পৰা বঞ্চিত কৰাৰ চক্ৰান্ত চলে তেন্তে আমি তাৰ প্ৰতিবাদ জনাবলৈ সাজু হৈ আছো।’-ছাত্ৰনেতাজনে উক্ত সাক্ষাৎকাৰ গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ দিয়া নহ’ব বুলি সকীয়াই দি এইদৰে কয়।

লখিমপুৰ জিলাৰ বহু প্ৰাৰ্থীয়ে গুৱাহাটীত হ’বলগীয়া সাক্ষাৎকাৰত ভাগ ল’বলৈ কেনেদৰে যাব সেই লৈ উদ্বিগ্ন হোৱাৰ খবৰ পোৱা গৈছে। বিশেষকৈ লকডাউনৰ বাবে গুৱাহাটীত হোটেল আদি বন্ধ থকাত প্ৰাৰ্থীসকল বাৰুকৈয়ে বিমোৰত পৰিছে। আনহাতে গুৱাহাটীত কৰ’নাৰ গণ সংক্ৰমণ হোৱা বিষয়টোৱেও তেওঁলোকক উদ্বিগ্ন কৰি তুলিছে।

ইফালে গুৱাহাটীত অনুষ্ঠিত কৰিবলগীয়া ষ্টাফ নাৰ্ছৰ সাক্ষাৎকাৰক লৈ উদ্বিগ্ন হৈ পৰিছে উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া আদি জিলাৰ প্ৰাৰ্থীসকলেও। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাক্ষাৎকাৰ স্থগিত ৰখা নতুবা লকডাউন নথকা মধ্যৱৰ্তী স্থানত সাক্ষাৎকাৰ অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে সদৌ অসম নাৰ্ছ সন্থাৰ, তিনিচুকীয়া জিলা সমিতিৰ সম্পাদিকা বন্দিতা নেওগে।

সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰহিম শইকীয়া, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল নেওগকে ধৰি বিভিন্ন দল-সংগঠনেও স্বাস্থ্য বিভাগৰ উক্ত সিদ্ধান্তক হঠকাৰী আখ্যা দিছে। প্ৰাৰ্থী, দল-সংগঠনৰ প্ৰতিবাদ সত্বেও যদি উল্লিখিত পদৰ বাবে গুৱাহাটীত সাক্ষাৎকাৰ অনুষ্ঠিত হয় তেন্তে লখিমপুৰ, ধেমাজি তথা উজনি অসমৰ হেজাৰোধিক প্ৰাৰ্থী নিযুক্তিৰ ক্ষেত্ৰত বঞ্চিত হ’ব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।