ভোটদাতা সকলে পুৱা ৭ বজাৰ পৰা বিয়লি​ ৩ বজালৈকে ভোটদান কৰিব পাৰিব
ভােটদান কৰিবলৈ আহােতে দহবিধ নথিৰ যিকোনাে এখন লগত আনিব লাগিব

কাজিৰঙাঃ পঞ্চায়ত নিৰ্বাচন সমাগত৷ অহা ৫ ডিচেম্বৰ ২০১৮ তাৰিখে অনুষ্ঠিত হবলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিবাচনত ভােটদাতা সকলে নিজ নিজ ভােটদান কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈকে ভােটদান কৰিব পাৰিব । 

উল্লেখযোগ্য যে, ভােটদাতা সকলে ভােটদান কৰিবলৈ আহােতে পৰিচয়ৰ প্ৰমাণ পত্ৰ হিচাপে অসম ৰাজ্যিক নির্বাচনী আয়ােগৰ দ্বাৰা নিৰ্ধাৰিত কৰি দিয়া নিম্ন উল্লেখিত যিকোনাে এখন নথি লগত আনিব লাগিব বুলি অসম ৰাজ্যিক নিবাচন আয়ােগে জানিবলৈ দিছে। উক্তি নথি সমূহ হৈছে ফটো সম্বলিত ভােটাৰ পৰিচয় পত্র, ফটো সম্বলিত ভােটাৰ তালিকা, পাছপৰ্ট, ড্রাইভিং লাইচেঞ্চ, পেন কার্ড, চাকৰিৰ পৰিচয় পত্র, পেঞ্চনাৰ পৰিচয় পত্র, বিদ্যালয় বা বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রী সকলৰ ভোটাৰৰ ক্ষেত্ৰত সংশ্লিষ্ট বিদ্যালয় বা বিশ্ববিদ্যালয়ে দিয়া পৰিচয় পত্র, ফটো সম্বলিত বেংকৰ পাচবুক বা পৰিচয় পত্র, এম.জি এনৰেগা আঁচনিৰ জবকার্ড। 

তদুপৰি ভােট কেন্দ্ৰলৈ অহা যােৱাৰ বাবে কোনাে প্রার্থীৰ বা প্ৰাৰ্থীৰ হৈ কোনাে লােকে দিয়া যান বাহন ব্যৱহাৰ নকৰিবলৈয়াে ভােটদাতা সকলক অসম ৰাজ্যিক নির্বাচনী আয়ােগৰ লগতে বােকাখাত মহকুমা প্রশাসনে আহ্বান জনাইছে।

পলিমা চেতিয়া,কাজিৰঙা