ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা দুস্প্ৰাপ্য  শিহু সহ মাছমৰীয়া গ্ৰেপ্তাৰ
মাছমৰীয়াজনে শিহুতোক কাটি টুকুৰা-টকুৰ কৰি এটা টিনত ভৰাই থৈছিল

newsnextone ১০অক্টোবৰ,মঙ্গলদৈঃ দৰং জিলাৰ কুৰুৱা আঞ্চলিক বন বিভাগে এক গোপন খৱৰৰ পমখেদি অভিযান চলাই আজি বিয়লি কুৰুৱাৰ ফুহুৰাতলীৰ চুলেমান আলি নামৰ এজন মাছমৰীয়াক এটি দুষ্প্ৰাপ্য শিহুৰ সৈতে কৰায়ত্ব কৰে৷

সহজে মানুহে ধৰিব নোৱাৰিবলৈ তেঁও শিহুতোক কাটি টুকুৰা-টুকুৰ কৰি এটা টিনত ভৰাই থৈছিল৷ মাছমৰীয়াজনে এই শিহুটো ব্ৰহ্মপুত্ৰ নদীৰ পৰা জালেৰে ধৰিছিল বুলি প্ৰকাশ কৰিছে৷

মাছমৰীয়াজনৰ কুৰুৱাৰ ফুহুৰাতলীৰ বাসভৱনৰ পৰা বনবিভাগৰ এটা দলে  মৃত শিহুটোৰ দেহাৱশেষ আজি উদ্ধাৰ কৰে৷

ধৃত মাছমৰীয়াজনে শিহুটোৰ দেহৰ পৰা তেল উলিওৱাৰ উদ্দেশ্যৰে শিহুটো ধৰিছিল বুলি প্ৰকাশ কৰিছে৷
উল্লেখযোগ্য যে দীৰ্ঘদিন দিন ধৰি ব্ৰহ্মপুত্ৰৰ নদীত এনেদৰেই মাছমৰীয়াই জালেৰে নিষিদ্ধ শিহু ধৰি শিহুৰ তেলৰ ৰমৰমীয়া কলা ব্যৱসায় চলাই আহিছে৷