ডিজিটেল ডেস্কঃ  ৪৪ বছৰ বয়সত ভৰি দিলে মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায়। এইবাৰ জন্মদিনত দৰিদ্ৰ শিশুক দিলে বিশেষ উপহাৰ। কেৰিয়াৰৰ আৰম্ভণিতে চকুদান কৰি এক নতুন নজিৰ গঢ়িছিল সুন্দৰীগৰাকীয়ে৷ কেৱল সুন্দৰতা বা অভিনয়ৰ মাজতে সোমাই থকা নাই বিশ্ব সুন্দৰীগৰাকীয়ে৷ আগবাঢ়ি আহিছে সমাজৰ কাম কৰাৰ বাবেও৷ চকুদানৰ পিছত এইবাৰ ৪৪ তম জন্মদিন পালন কৰি ঘোষণা কৰিলে বিশেষ ভাবে। এবছৰ ১ হাজাৰখন বিদ্যালয়ত দুপৰীয়াৰ আহাৰৰ যোগান ধৰৰা কথা ঘোষণা কৰিছে ঐশ্বর্য ৰায় বচ্চনে।

ISKON-এ পৰিচালনা কৰা অন্নামৃত ফাউণ্ডেছনক এই অৰ্থ দান কৰিছে ঐশ্বৰ্যই। বিদ্যালয়ত দুপৰীয়াৰ আহাৰৰ প্রকল্প পৰিচালনা কৰে অন্নামৃত ফাউণ্ডেছনে। মুম্বাইৰ প্রায় ৫০০খন পৌৰ নিগমৰ বিদ্যালয়ৰ লগতে মহাৰাষ্ট্রৰ প্রায় ২০০০ খন বিদ্যালয়ত ISKON-এ প্রতিদিনে জিৰণীৰ সময়ত দুপৰীয়াৰ আহাৰ হিচাপে পুষ্টিকৰ খাদ্য যোগান ধৰি আহিছে। এই অনুষ্ঠানক সাহায্য আগবঢ়াইছে ঐশ্বর্যই৷ এক বিবৃতিযোগে এই কথা ৰাজহুৱা কৰে ISKON-ৰ আধ্যাত্মিক গুৰু ৰাধানাথ স্বামী মহাৰাজে।

এই প্রকল্পৰ আৰম্ভ হৈছিল ২০০৪ চনত। সেই সময়ত মাত্র ৯০০ শিশুৰ কৰাণে আহাৰ যোগান সম্ভৱ হৈছিল। কিন্তু সময়ৰ লগে লগে পৰিসৰ বৃদ্ধি হয়। সমগ্ৰ দেশত বিয়পি পৰিছে এই প্রকল্পেৰ কাম আৰু প্ৰায় ১২ লাখ ছাত্ৰ ছাত্ৰীক যোগান ধৰা হয় দুপৰীয়াৰ আহাৰ৷