ডিজিটেল ডেস্কঃ ড’প পৰীক্ষাত নাম জড়িত হ’ল এক ভাৰতীয় ক্রিকেটাৰৰ। জানিবলৈ পোৱা মতে ওৰ্ড এন্টি ডোপিং এজেন্সিৰ ২০১৬-ৰ প্ৰতিবেদন অনুযায়ী ডোপ পৰীক্ষাত এজন ভাৰতীয় ক্রিকেটাৰৰ ফলাফল ‘পজিটিভ’ আহিছে। কিন্তু এই পৰ্যন্ত ক্রিকেটাৰ জনৰ নাম প্রকাশ কৰা হোৱা নাই।

ইয়াৰ পুৰ্বে ভাৰতীয় ১৯ অনূর্ধ্ব ক্রিকেট দলৰ প্রাক্তন সদস্য প্রদীপ সাংয়ান ড’প পৰীক্ষাত ধৰা পৰিছিল। ২০১৩ চনৰ আইপিএল কৰ্তৃপক্ষই কলকাতা নাইট ৰাইডাৰ্চৰ প্রাক্তন ক্রিকেটাৰ প্রদীপ সাংয়ানৰ ড’প পৰীক্ষা ফলাফল সমুখলৈ আনিছিল।

বিচিচিআই অনুমোদিত মুঠ ১৩৮গৰাকী ক্রিকেটাৰৰ এই পৰীক্ষা চলোৱা হৈছিল। এই তালিকাত আৰু ১৫ জন ভাৰতীয় ক্রিকেটাৰৰ নাম আছিল। বাকিবোৰ ক্রিকেটাৰৰ ফলাফল ‘নেগেটিভ’ আহিলেও এজন ক্রিকেটাৰৰ তেজত নিষিদ্ধ ড্ৰাগছ ধৰা পৰে।

দৰাচলতে, ৰঞ্জি ট্রফি, দুলীপ ট্রফি, আইপিএল বা ইৰানি ট্রফিৰ কাৰণে বিচিচিআই-ৰ কোনো ঘৰুৱা টুর্নামেন্ট চলি থকাকালত এই ড’প পৰীক্ষা অনুষ্ঠিত হৈছিল। আন্তর্জাতিক ক্রিকেট টুর্নামেন্টেৰ মাজতে এই পৰীক্ষা হোৱা নাছিল, সেয়া নিশ্চিত। ধৰা পৰা আন্তর্জাতিক ক্রিকেটাৰ হ’বও পাৰে আৰু ন’হবও পাৰে। এই পৰীক্ষাত কোনো বাংলাদেশ নতুবা পাকিস্তানৰ ক্রিকেটাৰৰ নাম পোৱা হোৱা নাই।