কাটাৰৰ পৰা ডা০ ভূপেন শইকীয়াৰ ‘চিকিৎসকৰ সমিধান’-১, লিউকোৰিয়া, মহিলাৰ বগা স্ৰাৱ যোৱা ৰোগ

Printer-friendly versionSend by email

আজি এনে এটা বিষয়ৰ ওপৰত আলোচনা কৰিব ওলাইছোঁ যিটো বিষয়ে প্ৰায়বিলাক মহিলাই কবলৈ বা চিকিৎসকৰ ওচৰ চাপিবলৈ সংকোচবোধ কৰে ৷

এগৰাকী নাৰীৰ প্ৰাপ্তবয়স্ক হোৱাৰ পৰা ৰজোনিবৃ্তি (মেন'পজ) হোৱালৈকে কম-বেচি পৰিমাণে যোনিৰ ৰস নিৰ্গত হয় ৷ কিন্তু তেনে হোৱাটো কেতিয়া স্বাভাৱিক ?আৰু কেতিয়া বিসংগতিপূৰ্ণ? (Pathological) সেয়া জনাৰ একান্ত আৱশ্যকতা আছে ৷

সাধাৰণতে এগৰাকী যুৱতীয়ে পোন প্ৰথমবাৰ ৰজ্বস্বলা (Menarche) হবৰ সময়ত যোনিদ্বাৰত কিছু পিছল তৰল গোন্ধবিহীন পানীৰ ৰঙৰ পদাৰ্থ নিৰ্গত হোৱা অনুভৱ কৰে ৷ সেই সময়ত শৰীৰত অইষ্ট্ৰজেন হৰমোনৰ পৰিমাণ বৃদ্ধি হয় আৰু স্ত্ৰীৰ জননাংগ সমূহৰ ৰক্ত সঞ্চালন বাঢ়িব ধৰে যাৰ ফলত এনে ৰসৰ নি:সৰণ ঘটে ৷কেতিয়াবা নৱজাতকৰো যোনিৰ পৰা এনে ৰস ওলাব পাৰে - সেয়া মাতৃৰ দেহৰ পৰা অহা অইষ্ট্ৰজেন হৰমোনৰ আধিক্যৰ প্ৰভাৱত ৷ 
মাহেকীয়াৰ মাজ ভাগত ডিম্ব প্ৰস্ফুটন (Ovulation)হ'বৰ সময়তো কিছু পৰিমাণে পাতল স্ৰাৱ নিৰ্গতহয় ৷ ইয়াৰ ওপৰিও যৌন উত্তেজনাৰ সময়ত আৰু গৰ্ভ অৱস্থাত এনে যোনিৰ ৰস নিৰ্গত হব পাৰে ৷এই ৰস হ'ল সুৰক্ষা প্ৰদায়ক - প্ৰজনন তন্ত্ৰক পৰিষ্কাৰ কৰাত সহায়ক হয় আৰু যৌন-মিলনৰ ক্ৰিয়াত সুগমতা প্ৰদান কৰে ৷ এনে ধৰণৰ যোনিৰ স্ৰাৱ হ'ল স্বাভাবিক (Physiological) ৷ 
           কিন্তু যোনিৰ স্ৰাৱৰ প্ৰকৃতি (ৰঙ, গোন্ধ,পৰিমাণ) সলনি হ'লে আৰু লগত নানান আনুসংগিক শাৰীৰিক লক্ষণ (যেনে যৌনাংগৰ খজুৱতি,প্ৰসাবৰ সমস্যা) দেখা দিলে সেয়া হ'ল অস্বাভাৱিক ৷ এনে যোনিৰ প্ৰৱাহক শ্বেত প্ৰদৰ (বগা স্ৰাৱ) বা লিউকোৰিয়া বোলে ৷ বেচি ভাগ ক্ষেত্ৰত যোনিৰ স্ৰাৱৰ বৰণ  বগা হয় বাবেই এই নামাকৰণ ৷ ইংৰাজী লিউকোৰিয়া (Leucorrhoea) শব্দৰ উৎপত্তি গ্ৰীক লিউকচ + অৰিয়াৰ পৰা আহিছে যাৰ অৰ্থ হ'ল বগা প্ৰবাহ ৷ জাতি-ধৰ্ম বাচ বিচাৰ নকৰাকৈ বিশ্বৰ সকলো ঠাইৰ মহিলাই লিউকোৰিয়াৰ ভুক্তভোগী হব পাৰে ৷

          কোন সহজতে লিউকোৰিয়াত আক্ৰান্ত হব পাৰে ?
         মেদবহুলতা, হাইপোথাইৰয়েডিজম, পুষ্টিহীনতা, ষ্টেৰইড আৰু গৰ্ভ নিৰোধক পিল ব্যৱহাৰকাৰী লোক, এইচ আই ভিত আক্ৰান্ত ব্যক্তি সহজে বগা স্ৰাৱ হোৱা অসুখত ভোগে ৷
         লিউকোৰিয়াৰ কাৰণ কি কি হব পাৰে ?
১-সংক্ৰমণ - বেক্টেৰিয়াৰ দ্বাৰা। উদাহৰণ যৌনব্যাধি (STD); প্ৰটজোৱাৰ দ্বাৰা,উদাহৰণ ট্ৰাইকোমনাচ ভেজাইনেলিচ; শেলুৱৈ বা ফাংগাছৰ দ্বাৰা- ভেজাইনেল কেনডিডিয়াচিচ ৷ 
প্ৰশ্ন হব পাৰে ৰাজহুৱা চুইমিংপুলৰ পৰা প্ৰট'জোৱাৰ সংক্ৰমনৰ সম্ভাৱনা থাকেনে ? উত্তৰত আমাৰ বক্তব্য হ'ল - ভালকৈ তদাৰক কৰা, নিয়মীয়াকৈ উচিত মাত্ৰাত ক্লৰিন দি পানী শোধিত ৰখা চুইমিং পুলত ট্ৰাইকোমোনাচ ভেজাইনেলিচ নামৰ প্ৰট'জোৱাই মিনিটৰ ভিতৰতে সক্ৰিয়তা আৰু সংক্ৰমণশীলতা হেৰুৱায় ৷ কিন্তু অপৰিষ্কাৰ চুইমিং পুলৰ পৰা ৰোগ বিয়পাৰ বেচ সম্ভাৱনা থাকে ৷

২-হৰমোনৰ বিসংগতি
৩- পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱ
৪- খাদ্যৰ বিসংগতি
৫- ৰক্তহীনতা আৰু ডায়বেটিজ
৬- শৰীৰৰ ইমিউনিটি হ্ৰাসপোৱা
৭- অপ্ৰাকৃতিক যৌনসংগম
৮- বহুগামী যৌনতা
৯- সঘন বা বাৰম্বাৰ গৰ্ভপাত
১০- জৰায়ুৰ মুখত ঘাঁ হোৱা
১১- প্ৰসাবৰ সংক্ৰমণ
১২- খজুৱতিৱে যৌনাংগত কৰা ঘাঁ
১৩- গৰ্ভনিৰোধক সামগ্ৰীৰ প্ৰয়োগ (যেনে ক'পাৰ টি)
১৪- জননাংগৰ কৰ্কট ৰোগৰ ফলতো লিউকোৰিয়া হব পাৰে ৷

লিউকোৰিয়াৰ লক্ষণসমূহ কি কি ?
• ডাঠ ,আঠাসদৃশ,বেয়া গোন্ধযুক্ত বগা,হালধীয়া বা সেউজ বৰণীয়া যোনিৰ স্ৰাৱ ওলোৱা ৷
• যৌনাংগৰ খজুৱতি
• কঁকাল, কৰঙণত বিষ বা গধুৰ ভাৱ অনুভৱ কৰা
• শৰীৰৰ দুৰ্বলতা
• শৌচ কচা হোৱা
• এলাহ আৰু শৰীৰৰ দূৰ্বলতা
• সঘন মূৰৰ বিষ
• স্বভাৱ খিঙখিঙিয়া হোৱা

লিউকোৰিয়া বেমাৰ চিনাক্তকৰণৰ বাবে কৰিবলগীয়া পৰীক্ষাসমূহ কি কি ? : 
তেজ, প্ৰসাব পৰীক্ষা কৰাৰ ওপৰিও যোনিৰ স্ৰাৱৰ অণুবীক্ষণত পৰীক্ষা কৰা আৱশ্যক ৷ আকৌ যোনিৰ স্ৰাৱৰ পেপ স্মেৰ পৰীক্ষা কৰিব লাগে -যাৰ দ্বাৰা কৰ্কটৰোগ চিনাক্ত কৰিব পাৰি ৷

লিউকোৰিয়াৰ চিকিৎসা কি দৰে কৰে ? 
সংক্ৰমণৰ কাৰণ চিনাক্ত হ'লে সেইমতে উপযুক্ত দৰব খাবলৈ বা লগাবলৈ দিয়া হয় ৷ ট্ৰাইকোমনাৰ সংক্ৰমণত পতি-পত্নী দুয়ো চিকিৎসা লব লাগে ৷ মেট্ৰনিডাজল,চেকনিডাজল, অৰনিডাল আদি হ'ল সঘনাই প্ৰয়োগ হোৱা দৰব ৷ আনহাতে ফাংগাছৰ চিকিৎসা ফ্ল'কনাজনেৰে কৰা হয় ৷ যৌনব্যাধি ধৰা পৰিলে উপযুক্ত এন্টিবায়টিকেৰে চিকিৎসা কৰিব লাগিব ৷ 
জৰায়ুৰ মুখত ঘাঁ হোৱাৰ বাবে বগা স্ৰাৱ নিৰ্গত হ'লে ডায়েথাৰ্মিৰ সহায়ত সেই অংশটো জলাই (Electrocotorization) দিয়া হয় ৷

আজিকালি বিশ্ব স্বাস্থ্য সংস্থাই তিনিবিধ একেলগে থকা দৰব পতি-পত্নী দুয়োজন যৌন সংগীক একেলগে লোৱাৰ পৰামৰ্শ দিয়ে ৷ সেই কেইবিধ হ'ল- ফ্ল'কনাজল+মেট্ৰনিডাজল+ এজিথ্ৰমাইচিন ৷

যোনিৰ দূৰ্গন্ধ কিয় হয়  আৰু আতৰাবলৈ লবলগীয়া সতৰ্কতাসমূহ কি কি ?

যোনিৰ ৰসৰ পৰা
দূৰ্গন্ধ আহিলে সি বেক্টেৰিয়া, প্ৰট'জোৱা,ফাংগাছ বা ইষ্টৰ সংক্ৰমণ হোৱাটো বুজায় ৷ 

ফলপ্ৰসু সতৰ্কতামূলক ব্যৱস্থাসমূহ তলত উল্লেখ কৰিলোঁ : -
নিতৌ পৰিষ্কাৰকৈ গা ধুব ৷  বেচিকৈ ঘামিলে বা ব্যায়াম কৰাৰ পিছত গা নুধোৱাকৈ নাথাকিব ৷

তীব্ৰ গোন্ধ থকা চাবোনৰ সলনি প্ৰাকৃতিক উপাদন থকা (যেনে অমিতা,হালধি,নিম) চাবোন ব্যৱহাৰ কৰিব ৷

গৰম পানীৰ বাথ টাব ব্যৱহাৰ নকৰিব ৷ তেনে উষ্ণতাত যোনিত থকা স্বাভাৱিক সুৰক্ষা প্ৰদানকাৰী  Doderlein Lactobacilliবিনষ্ট হব ৷ 

গা ধুবলৈ নিম পাত সিজোৱা পানী কুহুমীয়া বা শীতল কৰি ব্যৱহাৰ কৰিব পাৰে ৷

জননাংগ পৰিষ্কাৰ কৰিবলৈ douche আৰু perfumed spray কেতিয়াও ব্যৱহাৰ নকৰিব ৷

শুকান কোমল টাৱেলেৰে জননাংগ মচিব ৷

কপাহী কাপোৰৰ পেন্টিহে পিন্ধিব ৷ 

বেচি চেপা খোৱাকৈ কাপোৰ নিপিন্ধিব ৷

সুস্বাস্থ্যৰ বাবে সেউজীয়া পাচলি, ফলমূল গ্ৰহণ কৰিব ৷

প্ৰচুৰ পানী আৰু জুলীয়া আহাৰ গ্ৰহণ কৰি নিজকে ডিহাইড্ৰেচনৰ পৰা বচাই ৰাখিব ৷

নিয়মীয়াকৈ ব্যায়াম কৰিব ।আসনৰ ভিতৰত পদ্মাসন উপযোগী ৷

সংগমৰ পিছত পানীৰে যোনিদ্বাৰ ধুই মচি থব ৷

প্ৰবায়টিক নামৰ এবিধ ঔষধ চিকিৎসকৰ পৰামৰ্শমতে গ্ৰহণ কৰিব ৷

হাততে পোৱা ঘৰুৱা পদক্ষেপ কেইটিমান : -
• মেথি গুটিৰ চাহ দিনে ২৷৩বাৰকৈ কিছুদিন খালে লিউকোৰিয়াৰ উপশম ঘটে ৷
• অলপমান ধনীয়া গুটি ৰাতি তিয়াই থৈ পুৱা সেই পানী খালি পেটত খালে উপকৃত হব ৷ 
• কটা ভেন্দী ১০০গ্ৰাম কুৰি মিনিট সময় বইল কৰি তাত মৌ মিহলাই খালে বগাস্ৰাব কমে ৷ 
• আমলখি গুৰিত মৌ মিহলাই খালেও বগাস্ৰাব কমে ৷ 
• দিনে ২৷৩টা কল খোৱা মহিলাৰ বগাস্ৰাৱ ৰোগ কমকৈ হয় ৷
• আমাৰ অসমীয়াৰ অতি প্ৰিয় তামোল পাণ নিয়মীয়াকৈ খালে লিউকোৰিয়াৰ উপশম ঘটে ৷

ৰোগীৰ বাবে উপযুক্ত খাদ্য কি ? 
• কল,আমলখি,মধুৰী, ডালিম আদি হ'ল উপকাৰী ফল ৷ গাজৰ,বিলাহী,ভেন্দি, নহৰু, মেথিশাক, সেউজীয়া শাক পাচলি আদিও হ'ল উপকাৰী ৷

• অপকাৰী খাদ্যসমূহ: চাহ,কফি,মদ,বাহি খাদ্য,বেচি তেল-মছলাযুক্ত ফ্ৰাইড খাদ্য ৷

উপসংহাৰত কেইটিমান লাগতিয়াল পৰামৰ্শ :
- ৰোগাক্ৰান্ত মহিলাই কপাহী কাপোৰৰ অন্তৰ্বস্ত্ৰ দিনে দুবাৰকৈ সলোৱা ভাল ৷
-সংগমৰ পিছত যৌনাংগ পৰিষ্কাৰ পানীৰে ধুই কাপোৰৰে মচি শুকুৱাই লব ৷
- নিয়মীয়া ব্যায়াম আৰু আসন কৰি, পৰিষ্কাৰ পৰিচ্ছন্ন থাকি স্বাস্থ্যৰ যতন লব ৷
-পৰাপক্ষত আনৰ টাৱেল, পেন্টি কেতিয়াও ব্যৱহাৰ নকৰিব ৷
-ৰোগে জটিল ৰূপ ধাৰণ কৰাৰ আগতেই অভিজ্ঞ গাইনোক'লজিষ্ট অৰ্থ৷ৎ স্ত্ৰীৰোগ বিশেষজ্ঞৰ হতুৱাই শৰীৰটো পৰীক্ষা কৰোৱাওঁক ৷

ডা০ ভূপেন শইকীয়া
ৰচনাকাল : ১৪জানুৱাৰী ২০১৮ ডোহা, কাটাৰ