#ভাৰত চৰকাৰৰ ৫ বছৰৰ তলৰ কোনো শিশুৰ বাবে কোনো শিক্ষা ব্যৱস্থা নাই৷ ৫ বছৰ বয়সলৈ দেশৰ সকলো শিশুকেই বে-চৰকাৰীভাৱে শিক্ষা প্ৰদান কৰা হৈছে৷ আজিকালি আঢ়ৈ-তিনি বছৰ বয়সতো ছাত্ৰ-ছাত্ৰীক পাঠদান গ্ৰহণৰ কাৰণে পিতৃ-মাতৃয়ে প্লে’ স্কুললৈ পঠিয়াই৷ যিহেতু চৰকাৰী কোনো প্লে’ স্কুল নাই৷ সেইবাবেই বেচৰকাৰীভাৱে সমগ্ৰ ভাৰতবৰ্ষতে প্লে’ স্কুল খোলা হৈছে৷

যেতিয়ালৈ চৰকাৰে চৰকাৰী প্লে’ স্কুল নুখুলিব, তেতিয়ালৈ এই বিদ্যালয়সমূহেই শিশুৰ শিক্ষাদানৰ একমাত্ৰ উপায়৷ গুৱাহাটীত এখন প্লে’ স্কুলৰ পৰা শিশু এটিক অপহৰণক কেন্দ্ৰ কৰি গুৱাহাটীৰ প্ৰশাসনে পৰ্যাপ্ত সা-সুবিধা নথকা ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যক্তিগত বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ হুংকাৰ কিমান গ্ৰহণযোগ্য৷ সকলো শিক্ষা ব্যৱস্থা চৰকাৰী ক্ষেত্ৰতেই হোৱাতো ৰাইজে বিচাৰে৷

কিন্তু বাস্তৱত দেখা গৈছে বেচৰকাৰী শিক্ষা ব্যৱস্থাহে লাহে লাহে বিস্তাৰিত হ’ব ধৰিছে৷ ব্যক্তিখণ্ডৰ বিদ্যালয়সমূহ নাথাকিলে দেশৰ কুৰি শতাংশ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা লাভ কৰিব নোৱাৰে৷ যদি ব্যক্তি খণ্ডৰ বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হয়, তেনেহ’লে দেশৰ শিক্ষা ব্যৱস্থা কি হ’ব? আমি বিচাৰোঁ ব্যক্তিখণ্ড বিদ্যালয় বন্ধ হওঁক, কিন্তু ইয়াৰ বিপৰীতে চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা ভাল কৰিব লাগিব৷