আপুনিও পিন্ধিবনে বাঁহৰ বস্ত্ৰ

Printer-friendly versionSend by email

কামপুৰঃ অসমীয়া জাতি, মাটিৰ সৈতে বাঁহৰ এক সু-সম্পৰ্ক আছে৷ অসমীয়া সভ্যতাৰ আৰম্ভণীৰ পৰাই আজি পৰ্যন্ত বাঁহ অসমীয়া জনজীৱনৰ এক এৰাব নোৱাৰা সম্পদ হৈ আছে৷ অসমীয়া জাতিৰ ঘৰ নিৰ্মাণৰ পৰা চহা জীৱনত ব্যৱহৃত প্ৰায় সকলোবোৰ সা-সামগ্ৰীয়েই বাঁহেৰে নিৰ্মাণ কৰা হৈছিল৷ মাছমৰীয়াৰ বাবে খালৈ, জাকৈ, গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বিচনী, জুহালৰ নিমখ থোৱা বাঁহৰ চুঙাটোৰ পৰা চালনী, ডলা, কুলা আদি এই সকলোবোৰ বাঁহেৰেই সাজি উলিওৱা হৈছিল৷

যুগৰ পৰিবৰ্তনৰ লগে লগে লাহে লাহে বাঁহৰ ব্যৱহাৰ কমি গ’ল যদিও পাছত বাঁহক সৌন্দৰ্যবৰ্ধক সামগ্ৰী হিচাপেও ব্যৱহাৰ কৰা হ’ল৷ যেনে মহিলাৰ বাবে বাঁহৰ খাৰু, ডিঙিৰ অলংকাৰ, চুলিত মৰা ক্লিপ, পুৰুষৰ বাবে টুপি, চেন্দেল আদি সামগ্ৰী বাঁহেৰে নিৰ্মাণ কৰাত বাঁহ শিল্পৰ জনপ্ৰিয়তা বৰ্তি থাকিল৷ বাঁহেৰে নিৰ্মাণ কৰা কেতবোৰ সামগ্ৰী ঘৰুৱা সৌন্দৰ্য বা আভিজাত্য প্ৰদৰ্শনৰ বাবেও ব্যৱহাৰ কৰা হ’ল৷ যেনে বাঁহৰ ফুলদানী, বাঁহৰ চৰাই আদি৷

কিছুবছৰ আগতে নামনিৰ এগৰাকী বাঢ়ৈয়ে বাঁহেৰে এখন চাইকেল নিৰ্মান কৰা বাতৰি পোৱা গৈছিল৷ সময়ৰ পৰিৱৰ্তনৰ লগে লগে চহাৰঞ্চলৰ লগতে গ্ৰামাঞ্চল সমূহতো বাঁহৰ প্ৰয়োগ যথেষ্ট পৰিমাণে কমি গৈছে যদিও এতিয়াও ঘৰৰ জেওৰা দিয়াৰ পৰা মাছমৰীয়াৰ খালৈটো নিৰ্মাণ কৰিবলৈ কম বেছি পৰিমাণে বাঁহৰ প্ৰয়োগ হৈ আহিছে৷ 

শেহেতীয়াকৈ বাঁহৰ বস্ত্ৰ নিৰ্মাণ কৰি বাঁহ সংস্কৃতিক আৰু এখোজ আগলৈ লৈ যাবলৈ সক্ষম হ’ল কামপুৰৰ এগৰাকী মহিলাই৷ বাঁহৰ কাঠি-কামীৰে আটোম-টোকাৰীকৈ সাজি উলিওৱা পোছাকযোৰত খোদিত কৰা হৈছে অসমীয়া সংস্কৃতিৰ নিদৰ্শন৷ কামপুৰ গাৰুখুন্দা ঢিং গাঁৱৰ অতি দৰিদ্ৰ মহিলা ভোগেশ্বৰী বৰাই এমাহ দেহে কেহে খাটি অশেষ কষ্টৰ ফলত বিশ্বকৰ্মা পূজাৰ দিনা এই পোছাকযোৰ সম্পূৰ্ণ কৰে৷

কেৱল সাজি উলিওৱাই নহয়, ৬০ বছৰীয়া মহিলাগৰাকীয়ে সেয়া পৰিধান কৰি পোছাকযোৰ প্ৰদৰ্শনো কৰে৷ পোছাকযোৰৰ গাত খোদিত কৰিছে অসমীয়া জনজীৱনৰ প্ৰতিফলন জাকৈ, চালনী আদি৷

বাঁহৰ সা-সামগ্ৰী প্ৰস্তুত কৰি পৰিয়াল পোহপাল দিয়া দৰিদ্ৰ মহিলা গৰাকীয়ে নৱ প্ৰজন্মক বাঁহ শিল্পৰ প্ৰতি আকৃষ্ট কৰিবলৈ এই পোছাকযোৰ সাজি উলিয়াইছে বুলি জানিবলৈ দিয়ে৷