• ৮ জন ড্ৰাগছ সৰবৰাহকাৰীক আটক

লিডুঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চলত ভয়ংকৰ ৰূপ ধাৰণ কৰি উঠি অহা প্ৰজন্মক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া মাৰাত্মক নিছাযুক্ত দ্ৰব্য ড্ৰাগছৰ বিৰুদ্ধে কালি নিশা মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত ডিবং আৰু কেটেতং গাঁৱৰ ৰাইজ একত্ৰিত হৈ ড্ৰাগছ বিক্ৰী কৰা আৰু সেৱনৰ বাবে ব্যৱহাৰ কৰা সন্দেহ জনক ঘৰ সমূহ ঘেৰাও কৰি অভিযান চলায়।

ৰাইজৰ দ্বাৰা চলোৱা এই অভিযানত ৮ জনকৈ ড্ৰাগছ সেৱন কাৰী তথা বিক্ৰী কৰা যুৱকক আটক কৰি মাৰ্ঘেৰিটা আৰক্ষীক চমজাই দিয়া হয়।ৰাইজে আটক কৰা যুৱক কেইজন হল ক্ৰমে বিমান তালুকদাৰ,ডিগবৈ, চানি গগৈ,টিপলিং,পৰাগ জ্যোতি বৰা,মাৰ্ঘেৰিটা চিভিল,দেৱজিৎ বৰা,মাৰ্ঘেৰিটা, জয়ন্ত বৰা,মাৰ্ঘেৰিটা, সঞ্জীৱ চেতিয়া,মাৰ্ঘেৰিটা, হান্নান আলি কেটেতং আৰু কৃষ্ণ চেত্ৰী,ডিবং ফাকিয়াল।

ধৃত যুৱক কেইজনৰ পৰা কিছু পৰিমাণে ড্ৰাগছ উদ্ধাৰ হোৱাৰ লগতে ড্ৰাগছ জোখা যন্ত্ৰ-পাতিও উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী ৰাইজে।

ইপিনে আজি একাংশ ড্ৰাগছ সেৱনকাৰীৰ পৰিয়ালৰ লোক আহি অভিযুক্ত কেইজনক মাৰ্ঘেৰিটা থানাত বিনা কাৰণতহে গাঁৱৰ ৰাইজে ধৰি অনা বুলি দোষাৰোপ কৰি এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰি আটকাধীন যুৱক কেইজনক মোকলাই দিবৰ বাবে আৰক্ষীক দাবী জনাই বিফল হয়।

আনহাতে ড্ৰাগছ সেৱনকাৰী কেইজনৰ বিৰুদ্ধে এন ডি পি এছৰ অধীনত মাৰ্ঘেৰিটা থানাত এক গোচৰ ৰুজু কৰি কেউজনকে জেল হাজোতলৈ প্ৰেৰণ কৰিছে।