ডিজিটেল ডেস্কঃ  ইচ্ছা শক্তিৰ জোৰত মানুহে কৰিব নোৱাৰা কাম একো নাই। তাতে আৰু যদি কোনো বিশ্ব ৰেকৰ্ড গঢ়াৰ কথা আহে। মনৰ প্ৰৱল ইচ্ছা শক্তিকেই দেখুৱাই সত্য প্ৰমাণ কৰিলে ডুবাই আৰক্ষীয়ে৷ ডুবাই সু-স্বাস্থ্যৰ প্ৰত্যাহবানত এক অনন্য ৰেকর্ড গড়ে ডুবাই আৰক্ষী কর্মীয়ে।

এদল আৰক্ষী কর্মীয়ে ১০০ মিটাৰ দূৰত্ব পর্যন্ত টানি নিয়ে ৩০২.৬৮ টন ওজনৰ এয়াৰবাছ A-380 খন। ইয়াৰ পুৰ্বে খালি হাতেৰে এয়াৰবাছ টনাৰ ৰেকর্ড আছিল হংকঙৰ। সেই সময়ত ১০০ জন মানুহে মিলি টানি নিছিল ২১৮.৫৬ টন ওজনৰ এয়াৰবাছ এখন।

ডুবাই আৰক্ষীৰ কমাণ্ডাৰ-ইন-চিফ মেজৰ জেনেৰেল আব্দুল্লা খলিফা আল মাৰিয়ে গীনিছ ৱর্ল্ড ৰেকর্ডৰ ডুবাই শাখাৰ সঞ্চালক হুদা কাচাবৰ পৰা এই ৰেকর্ড চার্টিফিকেট গ্রহণ কৰে। চার্টিফিকেট প্রদান অনুষ্ঠানত উপস্থিত আছিল ব্রিগেডিয়াৰ আহমেদ মহম্মদ বিন থানি, ব্রিগেডিয়াৰ আব্দুল্লা হুচেইন খান৷

এই বিশ্ব ৰেকর্ড গঢ়াৰ সময়ত ষ্ট্ৰেটেজিক সহযোগী হিচাপে সহায় কৰাৰ কাৰণে ডুবাই চিভিল এভিয়েছন অথৰিটিৰ সঞ্চালক প্ৰধান তথা ডুবাই বিমানবন্দৰ শাখাৰ সভাপতি আৰু এমিৰেটচ এয়াৰলাইন এণ্ড গ্রুপৰ মুখ্য উপদেষ্টা শেখ আহমেদ বিন চৈয়দ আল মাখতুমক আন্তৰিক ধন্যবাদ জনায় মেজৰ জেনাৰেল আল মাৰিয়ে। তেওঁ কয়, এয়া সু-স্বাস্থ্য, স্বাস্থ্য আৰু খেলাধুলা সম্পর্কত সচেতনতা বঢ়াবলৈ সহায় কৰিব। তেওঁ কয় সুস্বাস্থ্যই হ’ল আচল সম্পদ।