নগাঁওঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলত সম্প্ৰতি বৃদ্ধি পোৱা মাটি কঢ়িওৱা ডাম্পাৰৰ চূড়ান্ত অতপালিয়ে গঞাৰাইজক অতিষ্ঠ কৰি তুলিছে ৷ জিলা পৰিবহণ বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ চৰম গাফিলতি আৰু অমনোযোগিতাৰ বাবেই উক্ত গ্ৰামাঞ্চলত মাটি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য ইমানেই বৃদ্ধি পাইছে যে গঞাই প্ৰতিক্ষণতে অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়াত পৰিছে৷

প্ৰাপ্ত খবৰ মতে,জিলাখনৰ কলাঘাট, কাছমাৰী, ব্ৰাহ্মনগাঁও,নমাটি, জামুগুৰি, চমুৱাগাঁও, শেতালী, কুৰুৱাবাহী, কাকমাৰী, ৰাইদঙীয়া, সোণাইপাৰ, ভোগবাৰী, কৰচুং, জাজৰি, বেবেজীয়া, গেদাৰবড়ি, হাতীচোং, কুজিঁদাহ আদি গ্ৰামাঞ্চলত বিগত এমাহ মানৰ পৰা নিতৌ পুৱাৰে পৰা বহু নিশালৈকে এই মাটি কঢ়িওৱা অতি গধুৰ ডাম্পাৰবোৰ চলাচল কৰি আহিছে৷

স্থানীয় এচাম মদগৰ্বী স্বাৰ্থান্বেষী চেমনীয়া যুৱকে একাংশ অনা-অসমীয়া দালাল শ্ৰেণীৰ ব্যক্তিৰ সহযোগত উক্ত গ্ৰামাঞ্চলবোৰৰ পৰা গঞাৰাইজক ৰাম ঠগন দি সামান্য পৰিমাণৰ ধনৰ বিনিময়ত পথাৰৰ পৰা মাটি ডাম্পাৰেৰে চহৰাঞ্চললৈ সৰবৰাহ কৰি আহিছে ৷ ফলত নিতৌ চলাচল কৰা এই গধুৰ ডাম্পাৰবোৰৰ হেঁচাত উপৰোক্ত গ্ৰামাঞ্চলবোৰৰ বাট-পথবোৰ বিধ্বস্ত হৈ পৰাৰ লগতে বহুকেইটা গড়কাপ্তানী পথ জহি-খহি গৈ যাতায়াতৰ একেবাৰে অনুপযোগী হৈ পৰা দেখা গৈছে৷

এনেদৰে ডাম্পাৰবোৰ অহা-যোৱা কৰি থকাৰ বাবেই গ্ৰামাঞ্চলবোৰত ধূলিৰ প্ৰকোপ অত্যাধিক বৃদ্ধি পাইছে৷ উক্ত গ্ৰামাঞ্চলবোৰৰ পৰিৱেশ বৰ্তমান এনে হৈছে যে ডাম্পাৰবোৰ কোনো পথেৰে পাৰ হৈ গ’লে ধূলিৰ প্ৰকোপত পথৰ দুয়োকাষে বহু সময়লৈকে চকুৰে একোকে মনিব নোৱাৰা হৈ পৰে ৷ আনহাতে, এই ডাম্পাৰবোৰৰ চালকৰ অধিকাংশই কম বয়সীয়া যুৱক হোৱাৰ বিপৰীতে ডাম্পাৰবোৰ গাঁৱৰ পথেৰে তীব্ৰ বেগত চলোৱাৰ হেতু কেতিয়াবা ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা পুৰামাত্ৰাই বৃদ্ধি পাইছে৷

তদুপৰি পৰিৱহণ আইন উলংঘা কৰি চৰম মইমতালিৰে চলাচল কৰি থকা এইবোৰ ডাম্পাৰৰ সৰহসংখ্যকৰেই প্ৰয়োজনীয় নথি-পত্ৰ নথকাৰ বিপৰীতে বেছিভাগ চালকৰে আকৌ ড্ৰাইভিং লাইচেন্স নথকাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ সেয়ে এই মাটি কঢ়িওৱা ডাম্পাৰৰ চলাচল বন্ধ কৰিবৰ বাবে জিলা প্ৰশাসনৰ ওচৰত জনাইছে ভুক্তভোগী ৰাইজে।