ডিজিটেল ডেস্কঃ সকলো ধৰ্মই ঈশ্বৰৰ দ্বাৰা প্রেৰিত আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত। ঈশ্বৰৰ ইচ্ছামতেই পৃথিৱীৰ সকলো হয়। প্ৰাকৃতিক দুৰ্যোগ, জন্ম-মৃত্যু, বিবাহ, কাৰোবাৰ বৰণ ক'লা-বগা, তীক্ষ্ন-ভোটা মুঠতে সকলো ঈশ্বৰৰ পৰাই হয়৷ যাৰ বাবে এই পৃথিৱী বৈচিত্রময়৷

সকলো ঈশ্বৰৰ মতে হয় যদিও একাংশ লোকে কেনেকৈ ঈশ্বৰৰ বিপৰীতে গৈ ভগৱানক অমান্য কৰি হত্যা, ধৰ্ষণ, মদ-ভাং, জুৱা-তীৰ, চুৰি-ডকাইতি দুৰ্নীতি, অনীতি, মিছা কথা কোৱা, লোভ-মোহ, প্ৰকৃতি ধ্বংস কৰা আদি নানা অনৈতিক কামত লিপ্ত হয় সেয়া আশ্চৰ্যজনক৷ এনেধৰণৰ লোকসকলৰ বাবে পৃথিৱীত অশান্তিৰ সৃষ্টি হোৱাৰ লগতে শান্তি-সম্প্ৰীতি ভংগ হৈ আহিছে৷

আনহে নালাগে আমাৰ ৰাজ্য অসমত নিতৌ হত্যা, ধৰ্ষণ, লুন্ঠন, ব্যাভিচাৰ, ঠগ-প্ৰৱঞ্চনা, অপহৰণ, উপঢৌকন লোৱা, দৰিদ্ৰ-শ্ৰমিক-খাতিখোৱাৰ বাবে চৰকাৰে ৰূপায়ণ কৰা আঁচনিৰ টকা লুটি-পুটি খোৱা আদিৰ দৰে নানা দুৰ্নীতি-অনিয়ম সংঘটিত হৈ আহিছে৷ ৰাজ্যখনত কিশোৰী ধৰ্ষণ, অৰ্থৰ লোভত কিশোৰক হত্যা কৰি পেলাই দিবলৈ মানুহে কুন্ঠাবোধ নকৰা হৈছে৷ নিজ পত্নীৰ বুকুত গুলীচালনা কৰি নৈত উটুৱাই দিবলৈ ভয় নকৰা হৈছে৷

বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাই ঘৰলৈ আহি থকা শিক্ষয়িত্ৰীক ধৰ্ষণ-হত্যা কৰি নৈত উটুৱাই দিব পৰা হৈছে একাংশ লোক৷ মুঠৰ ওপৰত সকলো পাহৰি ঈশ্বৰৰ দ্বাৰা প্রেৰিত আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত ভিন্ন ধৰ্মৰ একাংশ লোক এতিয়া অসুৰৰ দৰে ৰূপ ধাৰণ কৰি হিংস্ৰ হৈ পৰে৷ তেনেই কম সংখ্যাক লোকেহে ঈশ্বৰ-আল্লাক বিশ্বাস নকৰে যদিও সমাজৰ প্ৰায় সংখ্যাক লোকে ঈশ্বৰৰ ইচ্ছামতেই পৃথিৱীৰ সকলো হয় বুলি বিশ্বাস কৰিও মুহূৰ্ততে সকলো পাহৰি জানোৱাৰ সদৃশ হৈ পৰে৷

নিজ স্বাৰ্থ পূৰণৰ বাবে নিজ কন্যা-পত্নীক হত্যা কৰিব পাৰে একাংশ লোকে৷ নিজ সন্তানক ধৰ্ষণ কৰাৰ দৰেও ঘটনা সংঘটিত হৈছে এইখন অসমত৷ ঈশ্বৰ, আল্লাৰ ওচৰত একাংশ লোকে উপাসনা কৰে, আৰধনা কৰে৷ বিশ্বাসত গদ গদ হৈ বিশ্ব শান্তিৰ কামনা কৰি প্ৰাৰ্থনা কৰে৷ প্ৰতিটো ধৰ্মৰ ধৰ্মজ্ঞানী লোকসকলে কোৱা কথাবোৰ প্ৰতিদিনে শুনিবলৈ পোৱা যায়।

 মন্দিৰ, মছজিদ, নামঘৰ, গীৰ্জাত নিতৌ উপাসনা কৰি ভালক আকোৱালি লোৱাৰ বেয়াক পৰিহাৰ কৰাৰ আহ্বান জনায় ধৰ্ম গুৰুসকলে৷ কিন্তু এনেবোৰ কথা ইকানে শুনি সিকানে উলিয়ায় দিও৷ মন্দিৰ, মছজিদ, নামঘৰ, গীৰ্জাৰ পৰাই ওলায়েই আনৰ কথা বেয়া কৈ ভাবিবলৈ আৰম্ভ কৰো৷

সমাজৰ মুষ্টিমেয় একাংশ লোকে কাক মাৰি টকা ঘটিব পাৰি, এটিএম চুৰি কৰিব পাৰেি, গৰু চুৰি কৰিব পাৰি, কাক মাৰি গাড়ী চুৰি কৰিব পাৰি এই ভাবিয়ে দিন-ৰাতি পাৰ কৰে৷ ওচৰৰ মানুহ ঘৰৰ সীমা ঠেলি কেনেকৈ নিজৰ মাটি বৃদ্ধি কৰিব পাৰো৷ আনৰ পথাৰৰ আলি কাটি নিজৰ খেতিৰ মাটিত পানী সোমাব পাৰে এনেবোৰ কৰ্মকাণ্ডক লৈয়ে ব্যস্ত এতিয়া একাংশ লোক৷

আনৰ উন্নতি দেখিব নোৱাৰি কোনোৱে উন্নতি কৰিবলৈ ধৰিলেও লেং মাৰি বগৰাবলৈ চেষ্টা অব্যাহত ৰাখে এনেবোৰ লোকে৷ নিজৰ বৃদ্ধ পিত-মাতৃক বৃদ্ধ আশ্ৰমত থৈ নিজে লাহ-বিলাহৰ জীৱন কটাব পাৰে বহু লোকে৷ এনেবোৰ নিকৃষ্ট কাণ্ড সংঘটিত কৰি আসুৰিক তৃপ্তি লাভ কৰে বহুতেই৷ এনে লোকবোৰে ধৰ্মই বাধা কৰা কাম কৰি অধৰ্মী হৈ পৰে মুহূৰ্ততে৷

তাৰ মাজতে ধৰালৈ নামে আহে গিৰিৰাজ হিমালয়ৰ কন্যা উমা, মহিষাৰসুৰ, শুক্লপক্ষত পিতৃৰ গৃহলৈ আহে দুৰ্গা৷ লাখ লাখ ভক্তৰ দুৰ্গতিনাশীনি দুৰ্গা৷ শৰৎৰ আগমনৰ লগে লগে মাথো চাৰিদিনৰ বাবে আহে দুৰ্গা৷ পুনৰ দুৰ্গা উভতি যায় মাকৰ ঘৰলৈ৷ দুৰ্গাৰ আগমণৰ লগে লগে বিশ্বত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ গিৰিৰাজ হিমালয়ৰ কন্যা উমা, মহিষাৰসুৰ, শুক্লপক্ষত পিতৃৰ গৃহলৈ অহাৰ পিছতে দুৰ্গাক পূজা কৰে লাখ লাখ ভক্তই৷

প্ৰাগ ঐতিহাসিক যুগৰ পৰাই দুৰ্গাক ভাৰতত পূজাৰ প্ৰচলন আৰম্ভ হয়৷ দুৰ্গতিৰ অৱসান বিচাৰি ৰাইজে পূজা কৰে৷ নিজৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰে৷ দুর্গাপূজাৰ জৰিয়তে সমাজৰ সকলো জাতি-ধর্ম-বর্ণ নির্বিশেষে সকলো লোকে সমাজত সংঘটিত হৈ থকা হত্যা, ধৰ্ষণ, মদ-ভাং, জুৱা-তীৰ, চুৰি-ডকাইতি দুৰ্নীতি, অনীতিৰ বিনাশ কামনা কৰে৷

আজি ষষ্ঠী। ৰাজ্যৰ প্ৰতিগৰাকী লোকে বিচাৰিছে সমাজখনলৈ শান্তি উভতি আহক৷ ধৰ্মীয় উন্মাদনা বিনাশ হওক৷ বেয়া কাম কৰি আসুৰিক তৃপ্তি লাভ কৰা লোকসকল সৎ পথলৈ আহক৷ মুঠৰ ওপৰত দুৰ্গা দেৱীয়ে সমাজখনৰ পৰা সকলো অশান্তি নাইকিয়া কৰি শান্তিৰ নিজৰা বোৱাই থৈ যাওক৷