কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাত দ্বিশতাধিক পূজা মণ্ডপে আলোকসজ্জাৰে আলোকিত কৰি পূজাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কোকৰাঝাৰ আৱৰ্ত ভৱনৰ সন্মুখৰ গৌড়নগৰ সাৰ্বজনীন দূৰ্গাপূজাৰ এইবেলি স্বৰ্ণ জয়ন্তী বৰ্ষ উপলক্ষে আয়োজক সমিতিয়ে এইবেলি ব্যাতিক্ৰমী ৰূপত পূজা মণ্ডপ সজাই তুলিছে।

♦ কোকৰাঝাৰত দ্বিশতাধিক পূজা মণ্ডপ
♦ গৌড় নগৰৰ মণ্ডপত প্ৰকৃতি ৰক্ষাৰ থীম
♦ স্বৰ্ণ জয়ন্তীৰ কাৰ্যসূচী মুকলি হাগ্ৰামাৰ

বনাঞ্চল ধ্বংস ৰোধ কৰি প্ৰকৃতি চিৰসেউজ কৰি পৃথিৱী ৰক্ষা কৰক থীমেৰে আটকধুনীয়াকৈ সজোৱা মঞ্চই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। দশভূজা দেৱী দূৰ্গাই হাতেৰে বন্যপ্ৰাণীসমুহ দাঙি ধৰিছে আৰু নিজৰ কেশ বিন্যাস গছৰ পাতেৰে সজ্জিত কৰিছে। সেউজ পৃথিৱীৰ ওপৰত বহি বনধ্বংস ৰোধ কৰিবলৈ দেৱী দুৰ্গাই আহ্বান জনোৱাটো প্ৰতীকি অৰ্থত তুলি ধৰাৰ লগতে মণ্ডপ চৌহদতে গছ কাটিলে তেজ বাহিৰ হোৱাটো প্ৰতীকি অৰ্থত দেখুওৱা হৈছে।

গৌড় নগৰ সাৰ্বজনীন দূৰ্গা পূজাৰ স্বৰ্ণ জয়ন্তী উপলক্ষে আজি আয়োজক সমিতিৰ উদ্যোগত  দুপৰীয়া কোকৰাঝাৰ সদৰ চহৰত সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ হয় ৷ সন্ধিয়া ৬ বজাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলনেৰে স্বৰ্ণ জয়ন্তী উৎসৱৰ শুভ উদ্বোধন কৰে ৷

তদুপৰি স্বৰ্ণ জয়ন্তী উপলক্ষে স্মাৰকলিপি "জাহ্নৱীৰ"শুভ উন্মোচন আৰু দৰিদ্ৰ লোকৰ মাজত কম্বল বিতৰণো কৰে আয়োজক সমিতিয়ে। গৌড়নগৰ সাৰ্বজনীন দুৰ্গা পূজা স্বৰ্ণ জয়ন্তী উদযাপন সমিতিৰ সম্পাদক বাবলু সৰকাৰে সদৰী কৰা মতে স্বৰ্ণ জয়ন্তী উপলক্ষে আজিৰ পৰাই ৩০ ছেপ্তেম্বৰ লৈকে বাৰেবৰণীয়া কাৰ্যসূচীৰে স্বৰ্ণ জয়ন্তী উদযাপন কৰা হ'ব ৷ 

ইপিনে কোকৰাঝাৰ সদৰ চহৰৰ দুৰ্গাবাড়ী, বালাজান তিনালীৰ সাৰ্বজনীন দুৰ্গাপূজাৰ মণ্ডপ দুৰ্গাপূজা উপলক্ষে আটক ধুনীয়াকৈ সজাই তোলা হৈছে ৷ কোকৰাঝাৰ জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰীয়ে জনোৱা মতে এইবেলি জিলাখনত ২৩০খন পূজা মণ্ডপত দূৰ্গাপূজা উদযাপন কৰা হ'ব।

ইয়াৰে কোকৰাঝাৰ থানাৰ অন্তৰ্গত ৮৩ খনত , গোসাঁইগাঁওত ৫৮ খন , ফকিৰাগ্ৰাম ৩৫ খন, দোতমা ০৬খন , ছেৰফাংগুৰী ০৬খন , কচুগাঁও ০৬ খন, কাজিগাঁও ১৭ খন আৰু বগৰীবাৰীত ১৯ খন পূজা মণ্ডপত দুৰ্গাপূজা উদযাপিত হ'ব।  

প্ৰতিটো মণ্ডপত চিচি কেমেৰা বাধ্যতামূলক কৰিবলৈ আৰু পৰ্যাপ্ত পৰিমাণে স্বেচ্ছাসেৱক নিয়োগ কৰিবলৈ কঠোৰ নিৰ্দেশনা দিয়া হৈছে বুলি সদৰী কৰি জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰীয়ে স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো মণ্ডপত ডাষ্টবিন বাধ্যতামূলক কৰা হৈছে ৷ জিলাখনত আৰক্ষী-নিৰাপত্তা বাহিনীৰ দ্বাৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে আৰু পূজাথলীসমূহ ২৪ ঘণ্টাই নিৰাপত্তাৰক্ষীৰ কঠোৰ পৰ্যবেক্ষণত থাকিব বুলি জিলা উপায়ুক্তই সদৰী কৰিছে ৷