ডিজিটেল ডেস্কঃ ইৰাক-ইৰাণ সীমান্তত সংঘটিত ভূমিকম্পত প্ৰায় ৩২৮ গৰাকী লোকৰ মৃত্যু হয়৷ সোমবাৰে পুৱা ভয়াবহ ভূমিকম্পৰ ফলত পুৱাই কপি উঠিছিল দুয়ো খন দেশ৷ দুয়ো খন দেশৰ ভূমিকম্পৰ ফলত বহু লোকৰ প্ৰাণ যোৱাৰ লগতে এক প্ৰকাৰ সীমান্তৱৰ্ত্তী এলেকা ধ্বংসস্তূপত পৰিণত হয়৷

জীৱন সম্পত্তৰি বিস্তৰ ক্ষতি সাধন হৈয়৷ ইৰান মৃত্যুৰ সংখ্যা বহু বেছি দিও ইৰাকত মৃত্যুৰ সংখ্যা বহু কম৷ দুয়ো দেশৰ ৰাজধানী তেহৰান আৰু বাগদাদৰ পৰা প্ৰায় ১০০০ কিঃ মিঃ দূৰত্বৰ সীমান্তত পুৱা প্ৰায় ৯-২০ বজাত ভূমিকম্প হয়৷ ইৰানৰ কুৰ্দীস্থান, চাৰপল-ই-চেহজাব চহৰত প্ৰায় ২৩০ গৰাকী লোকৰ মৃত্যু হয়৷ বহু ওখ ওখ আট্টালিকা খহি পৰে৷

এতিয়া ধ্বংসস্তূপত বহু লোক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে৷ বৰ্তমানেও উদ্ধাৰ অভিান অব্যাহত আছে৷ ৭.৩ ৰিখটাৰ স্কেলত কপি উঠিছিল সীমান্ত৷ ইৰাণৰ এগৰাকী মন্ত্ৰীয়ে গ্ৰাম্য অঞ্চলৰ প্ৰকৃত ছবি খন এতিয়ালৈ পোহৰলৈ অহা নাই বুলি কয়৷ পৰৰ্বিত ভূমিকম্প অহাৰ আশংকাত দিন পাৰ কৰিছে এতি ইৰাক আৰু ইৰানৰ জনসাধৰণে৷ ইৰাণৰ ৭০,০০০ লোক ভূমিকম্পত ক্ষতি হৈছে৷