নতুন দিল্লীঃ সন্ত্ৰাসবাদীৰ ভাল-বেয়া নাই। তেনেদৰে কোনো ধৰ্মও নাই। সকলো সন্ত্ৰাসবাদীয়েই বেয়া, তেনে লোকৰ উদ্দেশ্যই হৈছে আনৰ ক্ষতি কৰা। এই মন্তব্য বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী জেনেৰেল ভি কে সিঙৰ।

কিন্তু সিং চিন্তিত হৈ পৰিছে অৰ্হতাসম্পন্ন যুৱচামৰ একাংশই সন্ত্ৰাসবাদীৰ সৈতে সহযোগ কৰাৰ কথাক লৈহে।অৰ্হতাসম্পন্ন একাংশ যুৱচাম সন্ত্ৰাসবাদী চিন্তাধাৰাৰ প্ৰতি ঢাল খোৱা কথাক লৈ চিন্তা ব্যক্ত কৰে সিঙে। 

নিৰীহৰ ক্ষতি কৰা, ত্ৰাসৰ সৃষ্টি কৰা আৰু জনপ্ৰিয়তা লাভ কৰাই সন্ত্ৰাসবাদীৰ দৰ্শন বুলিও কয় সিঙে। নতুন দিল্লীত চলি থকা সন্ত্ৰাসবিৰোধী তিনিদিনীয়া কনফাৰেঞ্চত অংশগ্ৰহণ কৰা প্ৰাক্তন সেনাধ্যক্ষগৰাকীয়ে ভাৰত আৰু ইয়াৰ চুবুৰীয়া ৰাষ্ট্ৰৰ সন্ত্ৰাসবাদী কুটাঘাতৰপৰা কি শিক্ষা ল’বপৰা যায়, সেইবিষয়েও বিতংকৈ আলোচনা কৰে।

ইয়াৰ উপৰি ইজৰাইলৰ প্ৰসংগ টানি আনি সিঙে কয় যে যেনেদৰে ইজৰাইলে সন্ত্ৰাসবাদৰ চিকাৰ হৈ পিছত এক মজবুত সন্ত্ৰাসবিৰোধী ব্যৱস্থা ল’বলৈ সক্ষম হৈছে, তেনেদৰে ভাৰতেও তেনে নীতি গ্ৰহণ কৰা উচিত। ইতিমধ্যে মুম্বাই আক্ৰমণ (২৬/১১)ৰ দৰে ঘটনাই দেশখনক বহুকথাই শিকাইছে বুলিও মন্তব্য কৰে সিঙে৷ সেই শিকনিকে কামত খটুওৱাৰ সময় সমাগত বুলি সিঙে কয়৷