ডিজিটেল ডেস্কঃ ফেচবুকৰ ডাটা ফাদিলৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই ভাৰতৰ নিৰ্বাচন আয়োগে ফেচবুকৰ সৈতে আলোচনাত বহিব বুলি খবৰ প্ৰকাশ হৈছে৷ যোৱা সপ্তাহত ফেচবুকৰ তথ্য ফাদিল হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই দেশৰ নিৰ্বাচন আয়োগে এই সংকেত দিয়ে৷ 

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত অ’পি ৰাৱাতে ভোটদাতাক উৎসাহিত কৰাৰ বাবে শীঘ্ৰে ফেচবুকৰ সৈতে আলোচনাত বহিব বুলি কয়৷ ফেচবুকৰ সৈতে পাৰ্টনাৰশ্বিপ কৰাৰ ক্ষেত্ৰত শীঘ্ৰে বৈঠকত বহিব নিৰ্বাচন আয়োগ৷

indianexpress.comত প্ৰকাশিত খবৰ মতে, অহা সপ্তাহত নিৰ্বাচন আয়োগ আৰু ফেচবুক কৰ্তৃপক্ষই বৈঠকত বহিব৷ ডাটা ফাদিলৰ ঘটনাই ভোটাৰক প্ৰভাৱিত কৰিব পাৰে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তই কয় ‘‘নিশ্চয়, ইযাৰ দ্বাৰা নিৰ্বাচন প্ৰভাৱিত হয়৷ ই এক ডাঙৰ বিষয়৷ যেনেকৈ ৰাজহুৱা মত (অপিনিয়ন প’ল) ব্যৱস্থা সলনি কৰা হৈছে৷ আমি এই সন্দৰ্ভতো বিচাৰ কৰিম৷

জানিব পৰা মতে, নিৰ্বাচন আয়োগে বিগত বৰ্ষত যুৱ ভোটাৰক তালিকাত নাম পঞ্জীয়ন কৰাৰ বাবে প্ৰচাৰ কৰাৰ বাবে চুক্তি কৰিছিল৷ উল্লেখ্য যে, প্ৰায় ৫ কোটি ফেচবুক ব্যৱহাৰকাৰীৰ একাউন্টৰ তথ্য ফাদিল হোৱাৰ কথা বিগত সপ্তাহত পোহৰলৈ আহিছিল। তথ্য ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলি ফেচবুকৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে ভুল স্বীকাৰ কৰে৷

জুকাৰবাৰ্গে কয় ‘‘ফেচবুক ব্যৱহাৰকাৰীৰ নিজস্বতা গোপনে ৰাখিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ আমি প্ৰথমৰ পৰাই এনে কৰিছো৷ আপোনালোকৰ তথ্য সুৰক্ষিত কৰাৰ দায়িত্ব আমাৰ৷ যদি আমি তেনেকুৱা কৰিবই নোৱাৰো তেন্তে আপোনাৰ বাবে কাম কৰাৰ কোনো অধিকাৰ নাই৷ আমি এই কথা বুজিবলৈ চেষ্টা কৰি আছো এই ঘটনা সংঘটিত হ’ল কেনেকৈ৷ এনে ঘটনা দুনাই সংঘটিত নহ’বৰ বাবে আমি চিন্তা কৰি আছো৷’’