ৰায়পুৰঃ চত্তীশগড় বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ এদিন পূৰ্বে সংঘটিত হৈছে ভয়ংকৰ কূটাঘাত। ৰাজ্যখনত সক্ৰিয় মাওবাদীয়ে অন্তগড় গাঁৱত সাতটাকৈ বোমা বিস্ফোৰিত কৰাৰ পাছতে আৰম্ভ হৈছে ভয়াৱহ গুলীয়াগুলী।

ৰাজধানী ৰায়পুৰৰপৰা ১৮০ কিল’মিটাৰ নিলগৰ কানকেৰ জিলাত নিৰাপত্তাৰক্ষী আৰু মাওবাদী মাজত তুমুল গুলীয়াগুলী চলি আছে। 

বি এছ এফৰ এটা তহলদাৰী দললৈ মাওবাদীয়ে গুলী চালনা কৰাৰ পাছতে এই সংঘৰ্ষ আৰম্ভ হয়। আৰক্ষীয়ে প্ৰকাশ কৰাৰ মতে, মাওবাদীয়ে স্থাপন কৰা আই ই ডি বিস্ফোৰণ ঘটি এজন জোৱান আহত হয়। 

এই আই ই ডিসমূহ ইটোৰ পাছত সিটোকৈ একেলগে বিস্ফোৰিত হয়। 

ৰাজ্যখনৰ বিজাপুৰত আন এক সংঘৰ্ষত হোৱাৰ বাতৰি পোৱা গৈছে। ঘটনাস্থলিৰপৰা ইউনিফৰ্ম পৰিহিত এজন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, এজন মাওবাদী জীৱন্তে গ্ৰেপ্তাৰ কৰিছে নিৰাপত্তাৰক্ষীয়ে। 

উল্লেখ্য যে চত্তীশগড়ত দুটা পৰ্যায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায় কাইলৈ, অৰ্থাং ১২ নৱেম্বৰ আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব। মাওবাদীয়ে এই নিৰ্বাচন বৰ্জনৰ আহ্বান জনাইছে।