ৰায়পুৰঃ দেশত এতিয়া চলিছে নিৰ্বাচনী বতাহ৷ লগে লগে আৰম্ভ হৈছে ৰাজনৈতিক দলৰ প্ৰতিশ্ৰুতিৰ বন্যা৷ দেখা যায়, প্ৰাক-নিৰ্বাচনী প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পাছত হয়গৈ অপ্ৰয়োজনীয় কাকতৰ টুকুৰা৷ 

এই ব্যৱস্থাটোৰ পৰিৱৰ্তে এইবাৰ এক ব্যতিক্ৰমী ৰূপত নিৰ্বাচনী প্ৰচাৰ চলাইছে চত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অজিত যোগীয়ে৷ যোৱা শনিবাৰে তেওঁৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে৷ ১৪ টা প্ৰতিশ্ৰুতিৰ এই ঘোষণা-পত্ৰখন ষ্টাম্প পেপাৰত প্ৰকাশ কৰাৰ লগতে ক্ষমতালৈ আহিলে আৰু এই প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰিলে তেওঁক জে’ললৈ পঠিয়াব পাৰিব বুলিও ঘোষণা কৰে নেতাজনে৷ 

ৰাজ্যখনত দুটা পৰ্যায়ত হ’বলগীয়া এই নিৰ্বাচনৰ প্ৰথম পৰ্যায় ১২ নৱেম্বৰ আৰু দ্বিতীয় পৰ্যায়ত অহা ২০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ 

ইফালে, কংগ্ৰেছে ক্ষমতালৈ আহিলে শাসনভাৰ লোৱাৰ ১০ দিনৰ ভিতৰত কৃষকক ঋণমুক্ত কৰিব বুলি প্ৰতিশ্ৰুতি দিছে৷