• শোণিতপুৰৰ ৰঙাপৰাৰ তাৰাজুলিত কংগ্ৰেছকৰ্মীৰ প্ৰহাৰত অাহত বি জে পি কৰ্মী

তেজপুৰঃ শোণিতপুৰৰ ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত নিশা কংগ্ৰেছ কৰ্মীৰ প্ৰহাৰত এগৰাকী বি জে পি কৰ্মী আহত হয় ৷ যোৱা নিশা প্ৰায় ১০ বজাত চাৰি-পাঁচজনীয়া এটা দলে হঠাৎ আক্ৰমন কৰাত গুৰুতৰভাৱে আহত হয় বত্ৰ বৰলা নামৰ এজন লোক ৷ আহত লোকজন তাৰাজুলি চাহ বাগিচাৰ বি জে পিৰ বুথ কমিটীৰ সভাপতি আছিল ৷ 

দুখন গাড়ীৰে অহা কংগ্ৰেছীৰ দল এটাই লোকজনক আক্ৰমণ কৰাৰ অভিযোগ উঠিছে। গুৰুতৰভাৱে আহত বত্ৰ বৰলাক ৰঙাপৰা প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। স্থানীয় বিধায়ক তথা মন্ত্ৰী পল্লব লোচন দাসে ৰাতিয়েই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। অানহাতে উক্ত ঘটনা সন্দৰ্ভত চাৰিজনক অাটক কৰিছে ৰঙাপৰা অাৰক্ষীয়ে।