নগৰবেৰাঃ দক্ষিণ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ পাহাৰপাৰা-গুমী সংযোগী মথাউৰিটোৰ অৱস্থা সুদীৰ্ঘ বছৰ ধৰি শোচনীয় হৈ পৰাত প্ৰতিটো বান পানীৰ সময়ত মথাউৰিটোৰ কেইবা ঠাইত তীব্ৰ ভাবুকিৰ সৃষ্টি হৈ আহিছে।

এই মথাউৰিটোৰ চাৰিটা স্থানত উপযুক্ত ভাবে মেৰামতি কৰিবলৈ চৰকাৰে ইতিমধ্যে এছ ডি আৰ এফ আচঁনিৰ অধীনত ২ কোটি ৪৫লাখ টকা আৱন্টন দিয়া বুলি জানিব পৰা গৈছে। আজি উক্ত  মেৰামতি কাৰ্যৰ আধাৰশিলা স্থাপন কৰে ৪৮নং বকো বিধান সভা সমষ্টিৰ বিধায়িকা নন্দতা দাসে ।

যথেষ্ট সংখ্যক দলীয় নেতা-কৰ্মী লগত লৈ বিধায়িকা নন্দিতা দাসে উক্ত কামৰ আধাৰশিলা স্থাপন কৰি এখন সভাতো ভাষণ প্ৰদান কৰে। পাহাৰপাৰা পানী যোগান আঁচনি পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ইয়াৰ সকলো সমস্যা সমাধান কৰিবলৈ তেওঁ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে ।

সভাৰ শেষত বিধায়িকাগৰাকীয়ে সমষ্টিটোৰ বিভিন্ন ঠাইত উপস্থিত হৈ সমস্যাৰ বুজ লোৱাৰ লগতে স্থানীয় ৰাইজৰ সৈতেও মত-বিনিময় কৰে।