গুৱাহাটীঃ দীৰ্ঘদীনীয়া জল্পনা-কল্পনাৰ অন্তত সোমবাৰে পুৱাই পুনৰ হাতী, এক্সেভেটৰ, প্ৰশাসনৰ শ্ৰমিক সহ বৃহৎ আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লোকে উচ্ছেদ অভিযান চলাবলৈ আহে মহানগৰীৰ সমীপৰ আমচাং অভয়াৰণ্যত৷ আৰক্ষী-অৰ্ধসামৰিক বাহিনী সহ বহু হাতী-এক্সেভেটৰ লৈ পুৱাই কামৰূপ জিলা প্ৰশাসনৰ লোক আমচাং অভয়াৰণ্যত উপস্থিত হয়৷ তাৰ পিছতে উত্তপ্ত পৰিস্থিতিতৰ সৃষ্টি হয়৷

বতাহঘুলি, ইউছুফ নগৰ, কংকন নগৰত কেইবা শ পৰিয়ালৰ ঘৰ ভাঙিবলৈ প্ৰশাসনৰ লোক উপস্থিত হোৱাৰ পিছতে স্থানীয় নৱজ্যোতি সংঘৰ নেতৃত্বত কেইবাশতাধিক লোকে প্ৰশাসনক ভেটা দিয়ে৷ ৰাজ্য চৰকাৰে তিনিদিন একেৰাহে বতাহঘুলি, ইউছুফ নগৰ, কংকন নগৰত উচ্ছেদ অভিযান চলাব৷ আৰক্ষী আৰু স্থানীয় ৰাইজে প্ৰশাসনক উচ্ছেদ অভিযানৰ প্ৰতিবাদ কৰাত আৰক্ষীয়ে লাঠিচলনা কৰিবলৈ বাধ্য হয়৷

ইমানে নহয় কন্দুৱা গেছ প্ৰয়োগ কৰে প্ৰশাসনে৷ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷এই ঘটনাত তীব্ৰ গৰিহণা দিছে টিএমকে, এমএমকে আৰু টিএমএমকে সংগঠনে৷ সংগঠন কেইটাই অসমৰ বন্ধ ঘোষণা কৰে সোমাবৰৰ দিনটো৷ সংগঠনকেইটাই ধেমাজিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। পুৱা ৯ বজাৰ পৰা প্ৰায় হাতী, কেইবাখনো এক্সেভেটৰ সহ অৰ্ধসামৰিক আৰু আৰক্ষীৰ লোক উপস্থিত হয় মহানগৰীৰ বতাহঘুলি অঞ্চলত৷

ইয়াৰ পূৰ্বেও ২৫ আগষ্টত ৰাজ্য প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল আমচাং অভয়াৰণ্যত৷ ৮০ বৰ্গ কিঃ মিঃ অভয়াৰণ্য খনৰ ৮০০ হেক্টৰ ভূমিয়ে বেদখলকাৰীৰ কবলত পৰা বুলি অভিযোগ উত্থাপিত হয়৷ প্ৰশাসনৰ বৃহৎ বাহিনী প্ৰত্যক্ষ কৰি একপ্ৰকাৰ আতংকিত হৈ পৰে অভয়াৰণ্য খনত বাস কৰা লোকসকল৷ সপোণৰ ঘৰ খন মূহুৰ্ততে নিশ্চিহ্ন হৈ যোৱাৰ ছবি খন প্ৰত্যক্ষ কৰি বেদনা বিভোৰ হৈ পৰিছে বহু লোক৷ কোলাত কেচুৱা লৈ ফেকুৰি উঠিছে বহু লোক৷