কাজিৰঙাঃ উদ্যোগ এলেকাৰ পৰিসৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে বনৰীয়া হাতী, এশিঙীয়া গঁড়ৰ বিচৰণথলীত নুমলীগড় তেল শোধনাগৰে নুমলীগড়ৰ সংৰক্ষিত দেওপাহাৰ বনাঞ্চলৰ গোপনে ভূমি বেদখল কৰি আহিছে৷ এই অভিযোগ নতুন নহয়৷ 

নুমলীগড় ৰিফাইনেৰী কৰ্তৃপক্ষই যোৱা কেইবাটাও বছৰ ধৰি নুমলীগড়ৰ সংৰক্ষিত দেওপাহাৰ বনাঞ্চলৰ ভূমি বেদখল কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈ আহিছে৷

তেল শোধনাগাৰটোৱে পৰিসৰ বৃদ্ধিৰ কৰাৰ স্বাৰ্থত বনৰীয়া হাতীৰ জাকৰ আৱাসস্থলীৰ ভূমি বেদখল কৰাই নহয় পকী দেৱাল বহুৱাই নিজ ইচ্ছামতে৷ ৰাজ্য চৰকাৰৰ কোনো অনুমতি নোলোৱাকৈ  ওখ দেৱাল নিৰ্মাণ কৰিছিল শোধনাগৰটোৱে।

আনহাতে নুমলীগড়ৰ সংৰক্ষিত দেওপাহাৰ বনাঞ্চলৰ সীমাৰ ভিতৰত কোনো কাৰণতে দেৱাল নিৰ্মাণ কৰিব নোৱাৰে যদিও এনআৰএল কৰ্তৃপক্ষই গাৰ জোৰেৰে দেৱাল নিৰ্মাণ কৰি সীমা বৃদ্ধি কৰি আগুৰি লৈছিল৷ 

২০১৪ বৰ্ষৰ ২৪ আগষ্টত সেউজ ন্যায়াধীকৰণে গোলাঘাট প্ৰশাসনক নুমলীগড়ৰ সংৰক্ষিত দেওপাহাৰ বনাঞ্চলৰ ভিতৰৰ দেওপাহাৰ সংৰক্ষিত বনাঞ্চল বেদখল মুক্ত কৰিবৰ বাবে নিৰ্দেশ দিছিল।

২০১৪ চনৰ পৰা ভূমি জৰীপ কৰি গোলাঘাট প্ৰশাসনে শোধনাগাৰা কৰ্তৃপক্ষই বেদখল কৰাৰ তথ্য লাভ কৰাত মঙলবাৰে জিলা প্ৰশাসনে বন বিভাগৰ সহায়ত নুমলীগড় শোধনাগাৰে নিৰ্মাণ কৰা পকী দেৱাল ভাঙি দিয়ে।