গুৱাহাটীঃ আমি খিলঞ্জীয়া মানুহ, সোণোৱাল মহাশয় আমাক ইয়াতে থাকিব দিয়ক৷ যদি বাংলাদেশী আছে আপোনালোকে খেদক উঠাই দিয়ক আমাৰ কৰ লগা নাই৷ আমি ভোট দি আপোনালোকক চৰকাৰ বনাই দিছো৷ কিন্তু আপোনালোকে আমাক শাস্তি দিছে৷ আমাৰ লৰা-ছোৱালী পৰীক্ষা দিব নাপালে৷ আমাৰ ঘৰ ভাঙি দিলে৷ শ-শ লোকৰ মুখত এতিয়া এনে মন্তব্য আমচাঙত৷ বহু লোকে কলে আমি মৰি যাম তথাপিও আমি মাটি এৰি নিদিও৷ আমি খিলঞ্জীয়া মানুহ আমি বাংলাদেশী নহয়৷

ৰাজ্য চৰকাৰ তথা সৰ্বানন্দ সোণোৱালক এতিয়া এনে কাতৰ আহ্বান হাজাৰ হাজাৰ লোকৰ৷ আমচাঙত সোমবাৰে পুৱাৰে পৰা প্ৰশাসনে উচ্ছেদ অভিযান চলাই৷ পুৱাই প্ৰশাসনৰ বৃহৎ দল উপস্থিত হোৱাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ আমচাঙত প্ৰশাসনৰ লোকক উচ্ছেদ কৰিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰি হাজাৰ হাজাৰ লোক ৰাজ পথলৈ ওলাই আহে৷ আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ বৃহৎ সংখ্যক লোক উপস্থিত হোৱাৰ লগে লগে স্থানীয় লোক ওলাই আহি আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ মুখামুখী হয়৷ প্ৰায় ২০টা হাতী, এক্সেভেটৰ লৈ প্ৰায় ১৫০০০ আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লোক উপস্থিত হোৱাত উত্তেজিত হৈ পৰে ৰাইজ৷ একাংশ লোকে বাট ভেটা দিয়ে প্ৰশাসনৰ৷

প্ৰায় দুই ঘন্টা ধৰি প্ৰশাসন আৰু স্থানীয় ৰাইজৰ মাজত বাক বিতণ্ডা হয়৷ ৰাইজ অধিক উত্তেজিত হৈ পৰাত পৰিস্থিত ভয়াবহ হোৱাৰ আশংকাত প্ৰথমে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে লাঠিচালনা কৰে৷  কন্দুৱা গেছো ব্যৱহাৰ কৰে যাৰ বাবে প্ৰতিবাদকাৰীসকল ছত্ৰ ভংগ দিয়ে৷ তাৰ পিছতেই প্ৰশাসনৰ লোকে আৰম্ভ কৰে উচ্ছেদ কাৰ্য৷ মুহুৰ্ততে বহু ঘৰ ভাঙি পেলায়৷ ঘৰৰ সামগ্ৰী বাহিৰত উলিয়াই থয়৷ বিছনা লৰা-ছোৱালীৰ কিতাপ-পত্ৰ, কাপোৰ সকলো দলিয়াই পেলায় প্ৰশাসনে৷

এই অমানবীয় উচ্ছেদ কৰাত অধিক উত্তেজিত হৈ পৰে ৰাইজ৷ কিছু সময় পিছতে পুনৰ একাংশ লোকে পথত শুই প্ৰশাসনক ভেটা দিয়াৰ চেষ্টা কৰে৷ তাৰ পিছত প্ৰশাসন অধিক সক্ৰিয় হৈ পৰে৷ প্ৰশাসনে টানি চোচোৰাই পথৰ পৰা আতৰাই নিয়াৰ চেষ্টা চলাই প্ৰতিবাদকাৰীক৷ প্ৰতিবাদকাৰীয়ে হিংশ্ৰ ৰূপ লোৱাৰ অনুমান লাভ কৰাত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনাৰ লোকে ৰবৰৰ বুলেট নিক্ষেপ কৰে প্ৰতিবাদকাৰীক৷ যাৰ ফলত মহিলা সহ কেইবাগৰাকী লোক আহত হয়৷ পুৱাৰ ভাগত এগাৰীক লোক আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হোৱাত হাতত বেয়াকৈ আঘাত পায় চিকিৎসাধীন হ’ব লগা হয়৷

বহু পৰিয়াল গৃহহীন হৈ পৰাত নিশা কটোৱাৰ বাবে বিপদত পৰিছে৷ আনফালে বহু ছাত্ৰ-ছাত্ৰীয়ে বছৰেকীয়া পৰীক্ষা দি থকাৰ সময়তো এনেদৰে উচ্ছেদ অভিযান কৰাত ক্ষোভিত হৈ পৰে একাংশ লোক৷ সোমবাৰে কিছু হৃদয়বিদাৰক দৃশ্যই তাত উপস্থিত থকা সাংবাদিক তথা আন আন লোকে ফেকুৰি উঠিছিল৷ কোলাত কেচুৱা লৈ চকুলো টুকি থকা শ-শ মহিলাই আপোন ঘৰ খনৰ বাবে দুখত ভাঙি পৰিছিল৷ দুচকুৰ চকুপাণী বৈ থকা দৃশ্যই বহু লোকৰ বুকু কপি উঠিছিল৷

উচ্ছেদিত পৰিয়ালৰ সৰহসংখ্যক মানুহেই অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিপুত্ৰসক৷ ধেমাজি জিলাৰ জোনাই আদিৰ পৰা নদীয়া ঘৰ-বৰ উটুৱাই নিয়া লোকসকলে কামৰ সন্ধানত গুৱাহাটীলৈ আহি আমচাঁঙ অভয়াৰণ্যত বছৰ বছৰ ধৰি বসবাস কৰি আহিছিল৷ ইয়াৰ পূৰ্বেও ২৫ আগষ্টত ৰাজ্য প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল আমচাং অভয়াৰণ্যত৷ ৮০ বৰ্গ কিঃ মিঃ অভয়াৰণ্য খনৰ ৮০০ হেক্টৰ ভূমিয়ে বেদখলকাৰীৰ কবলত পৰা বুলি অভিযোগ উত্থাপিত হয়৷

প্ৰশাসনৰ বৃহৎ বাহিনী প্ৰত্যক্ষ কৰি একপ্ৰকাৰ আতংকিত হৈ পৰে অভয়াৰণ্য খনত বাস কৰা লোকসকল৷ সপোণৰ ঘৰ খন মূহুৰ্ততে নিশ্চিহ্ন হৈ যোৱাৰ ছবি খন প্ৰত্যক্ষ কৰি বেদনা বিভোৰ হৈ পৰিছে বহু লোক৷ কোলাত কেচুৱা লৈ ফেকুৰি উঠিছে বহু লোক৷ প্ৰশাসনে বহু ঘৰ এফালৰ পৰা ভাঙি যোৱা পৰিলক্ষিত হৈছে৷ একাংশ লোকে চকু পানী টুকি ফেকুৰি উঠা পৰিলক্ষিত হৈছে৷ চৰকাৰ দীৰ্ঘ দিন উচ্ছেদ কাৰ্য বন্ধ কৰি ৰাখিছিল৷ বহু জল্পনা-কল্পনাৰ অন্তত সোমবাৰে পুৱাই পুনৰ হাতী, এক্সেভেটৰ, প্ৰশাসনৰ শ্ৰমিক সহ বৃহৎ আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লোকে উচ্ছেদ অভিযান চলাবলৈ আহে মহানগৰীৰ সমীপৰ আমচাং অভয়াৰণ্যত৷

আৰক্ষী-অৰ্ধসামৰিক বাহিনী সহ বহু হাতী-এক্সেভেটৰ লৈ পুৱাই কামৰূপ জিলা প্ৰশাসনৰ লোক আমচাং অভয়াৰণ্যত উপস্থিত হয়৷ তাৰ পিছতে উত্তপ্ত পৰিস্থিতিতৰ সৃষ্টি হয়৷ বতাহঘুলি, ইউছুফ নগৰ, কংকন নগৰত কেইবা শ পৰিয়ালৰ ঘৰ ভাঙিবলৈ প্ৰশানৰ লোক উপস্থিত হোৱাৰ পিছচে স্থানীয় কেইবাশতাধিক লোকে প্ৰশাসনক ভেটা দিয়ে৷ প্ৰশাসনক ভেটা দিয়াৰ পিছতে উত্তেজনাৰ সৃষ্টি হয়৷ ৰাজ্য চৰকাৰে তিনিদিন একেৰাহে বতাহঘুলি, ইউছুফ নগৰ, কংকন নগৰত উচ্ছেদ অভিযান চলাব৷ খিলঞ্জীয়া মিচিং লোকে বাস কৰি থকা আমচাং অভয়াৰণ্যত উচ্ছেদ অভিযান অভিযান চলাব যোৱাৰ সময়তে জোনাইত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷

ৰাজ্যৰ জাতি মাটি ভেটিৰ নিৰাপত্তাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাডীত বহা বিজেপি চৰকাৰে খিলঞ্জীয়া লোকক হাৰাশাস্তি কৰি উচ্ছেদ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জোনাইত৷ আমচাঙৰ খিলঞ্জীয়াক উচ্ছেদ অভিযানৰ প্ৰতিবাদত পুৱাই TMPK, MMK, TMMK আৰু বিভিন্ন জনগোষ্ঠীয় সংগঠন সমূহে তীব্ৰ পৰ্তিবাদ সাব্যস্ত কৰে৷ সংগঠন তিনিটাই অসম বন্ধৰো আহ্বান জনায়৷ এই বন্ধৰ প্ৰভাৱ জোনাইত ব্যাপক প্ৰভাৱ পৰে৷ সকলো ধৰনৰ দোকান-বজাৰ, শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয় বন্ধ হোৱাৰ লগতে যান-বাহন চলাচল বন্ধ হৈ পৰে৷

অসম অৰুণাচল সীমাস্থিত ধেমাজি জিলাৰ জোনাই মহকুমাৰ মুৰ্কংচেলেক ৰেলৱে ষ্টেছন পৰা ৰঙিয়ালৈ যোৱা পেচেঞ্জাৰ ট্ৰেইন অৱৰোধ কৰে সংগঠনকেইটাই। TMPKৰ কেন্দ্ৰীয় সভাপতি নৰেশ কুম্বাঙে আমচাঙৰ খিলঞ্জীয়াক হাৰাশাস্তী আৰু উচ্ছেদ অভিযান বন্ধ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি চৰকাৰক সকীয়াই দিয়ে। ইফালে মহানগৰীৰ আমচাং অভয়াৰণ্যত প্ৰশাসনে উচ্ছেদ অভিযান কৰিবলৈ যাওতে ৰাইজে প্ৰতিবাদ কৰাত আৰক্ষীয়ে লাঠিচলনা কৰিবলৈ বাধ্য হয়৷

আনহাতে উচ্ছেদ স্থলিত উপস্থিত থাকি টিএমপিকে, ট্ৰাইবেল সংঘ আৰু কেইবাটাও জনগোষ্ঠীয় সংগঠনে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ৰাজ্য চৰকাৰক খিলঞ্জীয়া বিৰোধি আখ্যা দিয়ে৷ মিচিং, বড়ো ভূমিপুত্ৰ সকলক এনেদৰে অপনান কৰা কাৰ্যক কেতিয়াও সহ্য নকৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনৰ নেতাসকলে৷এনে কাৰ্য চূড়ান্ত অপমাণ আখ্যা দিয়ে সংগঠন সমূহে৷ 

ইমানে নহয় কন্দুৱা গেছ প্ৰয়োগ কৰিব লগা হয় আৰক্ষীয়ে৷ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এই ঘটনাত তীব্ৰ গৰিহণা দিছে টিএমকে, এমএমকে আৰু টিএমএমকে সংগঠনে৷ সংগঠন কেইটাই অসমৰ বন্ধ ঘোষণা কৰে মঙলবাৰে৷ পুৱা ৯ বজাৰ পৰা প্ৰায় হাতী, কেইবাখনো এক্সেভেটৰ সহ অৰ্ধসামৰিক আৰু আৰক্ষীৰ লোক উপস্থিত হয় মহানগৰীৰ বতাহঘুলি অঞ্চলত৷

এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ ২৭-২০১৩ নম্বৰৰ নিৰ্দেশ মৰ্মে বন বিভাগৰ সহযোগত উচ্ছেদ অভিযান চলাই গৈছে জিলা প্ৰশাসনে৷ অভয়াৰণ্য খনৰ পাঞ্জাবাৰী অঞ্চল, বতাহঘুলি, আমচাং যোৰাবাট আৰু নাৰেংগী-পানীখাইতি অঞ্চলত বেদখল কৰাৰ অভিযোগ উত্থাপন হয়৷ আনহাতে একাংশ লোকে ফেচবুকৰ জৰিয়তে বাব ৰামদেৱক শ শ বিঘা মাটি দিয়া চৰকাৰে থলুৱাক উচ্ছেদ কৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ আন একাংশ লোকে প্ৰভাৱশালী লোকৰ ঘৰ-দুৱাৰ বাছি যাব বুলিও আশংকা ব্যক্ত কৰে৷