নাৰায়ণপুৰঃ ছাত্ৰ-ছাত্ৰী আৰু গছপুলিৰ মাজত পাৰ্থক্য বিচাৰি নোপোৱা নাৰায়ণপুৰৰ এগৰাকী অনন্য শিক্ষক। শিক্ষকতাৰ সমান্তৰালভাৱে পৰিৱেশক লৈও সদা-সচেতন এইগৰাকী শিক্ষক। বিদ্যালয় চৌদহৰ ওপৰিও কাষৰীয়া অঞ্চলটোক লৈ এক সেউজ বিপ্লৱৰ সপোন দেখে শিক্ষকজনে। এই সপোনক বাস্তৱ ৰূপ দিবলৈকে তাকৰীয়া দৰমহাৰ টকা কেইটাও তেওঁ বিনা দ্বিধাই খৰছ কৰি আহিছে।

ব্যতিক্ৰমী এই শিক্ষক গৰাকী হৈছে বিমল হাজৰিকা। নাৰায়ণপুৰ শিক্ষা মণ্ডলৰ অন্তৰ্গত ধলপুৰ কচুৱাৰ উৰিয়ামগুৰি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক। জীৱনৰ অধিক কাল বিনা বেতনেৰে শিক্ষকতা কৰি অৱশেষত বেতন লাভ কৰিবলৈ সক্ষম হ'ল যদিও সেই টকা কেইটাও সমাজৰ বাবেই ব্যয় কৰে শিক্ষকগৰাকীয়ে। বিশেষকৈ প্ৰাকৃতিক সৌন্দৰ্য আৰু সেউজ বিপ্লৱৰ প্ৰতি সদায় আকৃষ্ট হৈ আহিছে এই শিক্ষকগৰাকীয়ে।

এজন ছাত্ৰক যিদৰে অ-আ-ক-খ শিকাই ডাঙৰ দীঘল কৰি ভৱিষ্যতৰ সুনাগৰিক কৰিব খুজা হয়, ঠিক সেইদৰে এটা গছপুলিকো সাৰ-পানী খোৱাই ভৱিষ্যতৰ পৰিৱেশটো বিশুদ্ধ কৰাৰ প্ৰয়োজনীয়তাবোধ কৰে এইগৰাকী শিক্ষকে। সেই বাবেই বিদ্যালয় চৌদহত নিজ হাতেৰেই, সম্পূৰ্ণ নিজা খৰছত ফুলনি পতাৰ উপৰিও অনান্য গছ ৰোপন কৰাৰ উপৰিও তাৰ প্ৰতিপালৰ দ্বায়িত্বও গ্ৰহণ কৰি আহিছে।

কেৱল বিদ্যালয় চৌদহেই নহয়, ধলপুৰৰ পৰা বনপুৰৈ জামুগুৰি ঘাটলৈকে পথৰ দুয়োকাষে থকা বিভিন্ন ধৰণৰ গছবোৰৰ আৰতো আছে এইজন শিক্ষক। নিজ বিদ্যালয়খনৰ উপৰিও অন্য বিদ্যালয়তো গছপুলি ৰোপন কৰি এই শিক্ষকগৰাকীয়ে দি আহিছে অন্য এক পৰিচয়। বিদ্যালয়খনৰ আন শিক্ষকসকলো বিমল হাজৰিকাক লৈ গৌৰৱান্বিত। যিহেতু কেৱল সেউজ বিপ্লৱৰ সপোন ৰচাই নহয়, বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত অঞ্চলবাসীৰ সহায়ৰ ছাঁ হৈ আহিছে  এইগৰাকী শিক্ষক।

যিটো সময়ত অধিকাংশ শিক্ষকে দৰমহা কম-বেছিৰ হিচাপ-নিকাচ আৰু কেৱল পাঠ্যপুথিৰ মাজতে সময় কটায়, সেই সময়তে নাৰায়ণপুৰৰ এইজন শিক্ষক বিমল হাজৰিকাই দেখুৱাইছে অন্য এক নিদৰ্শন । শিক্ষকে যে কেৱল বিদ্যালয়ৰ চাৰিবেৰৰ মাজতে আৱদ্ধ হৈ থাকিব নালাগে সেয়া হাতে-কামে দেখুৱাই আহিছে বিমল হাজৰিকাই। ওৰেতো জীৱন সামাজিক আৰু ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত নিজকে অৰ্পণ কৰি অহা বিমল হাজৰিকালৈ থাকিল আমাৰ ফালৰ পৰা অযুত শুভকামনা।