গোলকগঞ্জঃ ম্যাদ উকলা ইনজেকশ্যন দিয়াৰ ফলত এগৰাকী মহিলাই মৃত্যুক সাবটিবলগীয়া হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ধুবুৰীত। এই ঘটনাক লৈ মটেৰঝাৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত দিনৰ ভাগত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

প্ৰাপ্ত বাতৰি মতে জিলাখনৰ গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত কমলাৰঝাৰ গাঁৱৰ ৪০ বৰ্ষীয় আছিয়া বিবিকে পেটৰ বিষ হোৱাত এগৰাকী আত্মীয়ৰ সৈতে চিকিৎসালয়খনলৈ খোজ কাঢ়ি আহে। কিছু সময়ৰ অপেক্ষাৰ অন্তত আছিয়াৰ চিকিৎসকক দেখুওৱাৰ পাল পৰে। সেই সময়ত কৰ্মৰত চিকিৎসক ডাঃ ৰাজীৱ ৰায়ে মহিলাগৰাকীক চোৱা-চিতা কৰি টেবলেট আৰু ইনজেকশ্যন লিখি দিয়ে।

চিকিৎসকজনে প্ৰেছক্ৰাইব কৰা ইনজেকশ্যনটো চিকিৎসালয়খনত উপলব্ধ নোহোৱাত আত্মীয়গৰাকীয়ে সমীপৱৰ্তী এখন ফাৰ্মাচীৰ পৰা কিনি আনি চিকিৎসকজনক দিয়ে। চিকিৎসকজনে ক্ষন্তেক পিছতে মহিলাগৰাকীক ইনজেকশ্যন দিয়ে।

ইনজেকশ্যনটো দিয়াৰ লগে লগে মহিলাগৰাকীয়ে ছট-ফটাবলৈ পৰে। কিছু সময় এনেদৰে ছটফটাই থকাৰ পিছতে মহিলাগৰাকী ঢলি পৰে আৰু মৃত্যুক সাবটি লয়।

সাধাৰণ পেটৰ বিষতে মহিলাগৰাকীৰ মৃত্যু হোৱাত সকলোৱে হতভম্ব হৈ পৰে। পিছত যেতিয়া কাৰণৰ অনুসন্ধান কৰে তেতিয়াহে ওলাই পৰে যে ৰোগী গৰাকীক দিয়া ইনজেকশ্যনটোৰ বহু দিন পূৰ্বেই ম্যাদ উকলিছিল। লগে লগে তাত উপস্থিত থকা লোকসকল ক্ষুব্ধ হৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে।

মৃত‍্যু হোৱা মহিলাগৰাকীক পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসায়লৈ প্ৰেৰণ কৰা হয়।